নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল সন্ধিক্ষণত আশা কঢ়িয়াইছে বিধায়ক পদ্মৰ ‘কন্যকা’ই

নিয়মীয়া বার্তা, ১৭ মেঃ সমগ্র বিশ্ব এতিয়া মাৰাত্মক ক’ৰোনাৰ ত্রাসত কম্পমান৷ স্থবিৰ হৈ পৰিছে বিশ্বৰ প্রতিখন দেশৰে স্বাভাৱিক আৰু অর্থনৈতিক গতি৷ সামাজিক আৰু শাৰীৰিক ব্যৱধান ৰক্ষা কৰি নিজৰ লগতে মানৱ জাতিক মৃত্যুমুখৰ পৰা ৰক্ষা কৰাৰ বাহিৰে আৰু এতিয়া কোনো গত্যন্তৰ নাই৷ বিশ্বৰ লগতে দেশৰ এই জটিল সময়ত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও থলুৱাভাৱে প্রস্তুত হোৱা বয়বস্তুৰ লগতে উৎপাদিত সামগ্রীৰ ক্ষেত্রত সকলোকে অগ্রাধিকাৰ দিবলৈ আহ্বান জনাইছে৷ দেশ তথা জাতিৰ এই জটিল সন্ধিক্ষণৰ সময়ত চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিচৰত বিধায়ক পদ্ম হাজৰিকাৰ একক প্রচেষ্টাত গঢ় লৈ উঠা ‘কন্যকা’ কৃষিপামৰ কথা চর্চালৈ আহিছে৷

প্রায় দুহাজাৰৰো অধিক বিঘা কৃষিভূমিক সামৰি গঢ়ি তোলা ‘কন্যকা’ কৃষিপামত থলুৱাভাৱে উৎপাদিত কৃষিজাত সামগ্রীৰ লগতে মাছ, মাংসই ৰাজ্যৰ বজাৰ দখল কৰাৰ সময়তে এই বিশাল কৃষিপামখন প্রত্যক্ষ কৰি ইয়াক আদর্শ হিচাপে লৈ ৰাজ্যৰ আন প্রান্ততো এইদৰে কৃষিপাম গঢ়ি তুলি থলুৱা সামগ্রী উৎপাদনৰ লগতে নিবনুৱা যুৱক–যুৱতীক কর্মসংস্থাপনৰ বাট কিদৰে মোকলাই দিব পাৰি তাৰ কৌশল আয়ত্ত কৰিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্রী–বিধায়কৰ সোঁত বৈছে এতিয়া জামুগুৰিহাটৰ ‘কন্যকা’ কৃষিপামলৈ৷

এসপ্তাহ পূর্বে কৃষিমন্ত্রী অতুল বৰাৰ লগতে যোগান মন্ত্রী ফণীভূষণ চৌধুৰীয়ে ‘কন্যকা’ পৰিদর্শন কৰি যোৱাৰ পাছত কালি বিয়লিৰ ভাগত বিশাল কৃষিপামখনত উপস্থিত হয়হি ৰাজ্যিক বিজেপিৰ এটা উচ্চস্তৰীয় দল৷ ৰাজ্যৰ মুখ্যমন্ত্রীৰ পৰামর্শক্রমে ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শর্মাৰ নেতৃত্বত অহা দলটোৱে দুঘণ্টাৰো অধিক সময় ধৰি ‘কন্যকা’ পৰিদর্শন কৰি ইয়াত উৎপাদিত শাক–পাচলিৰ খেতি দেখি অভিভূত হৈ পৰাৰ লগতে বিধায়ক পদ্ম হাজৰিকাৰ প্রশংসাত পঞ্চমুখ হৈ পৰে৷ ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শর্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহঁাই, সম্পাদক অমিয় ভূঞা আৰু দীপ্লুুৰঞ্জন বৰাই চতিয়াৰ বিধায়কগৰাকীৰ ঐকান্তিক প্রচেষ্টাত জীয়াভৰলীৰ পাৰত গঢ় লৈ উঠা ‘কন্যকা’ কৃষিপামৰ সেন্দূৰীয়া গতিক প্রশংসা কৰাৰ লগতে ‘কন্যকা’ৰ আদর্শ সকলোৱে গ্রহণ কৰিলে সকলোৱে আত্মসংস্থাপনৰ বাট মুকলি কৰি ল’বলৈ সক্ষম হ’ব পাৰিব বুলি মন্তব্য কৰে৷

চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সমষ্টিটোৰ নিবনুৱাসকলৰ কর্মসংস্থাপনৰ বাবে লোৱা দৃঢ় পদক্ষেপৰো শলাগ লয় দলটোৱে৷ উল্লেখ্য যে জামুগুৰিহাটৰ পশ্চিম প্রান্তত জীয়াভৰলী নদীৰ পাৰত গঢ়ি উঠা ‘কন্যকা’ৰ উৎপাদিত কৃষিজাত সামগ্রী, গাখীৰৰ বজাৰখনে উত্তৰ অসমৰ লগতে গুৱাহাটীকে ধৰি বিভিন্ন স্থানত এক সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে মাছ, মাংসৰ বজাৰখনেও সুকীয়া স্থান দখল কৰাৰ দিশত অগ্রসৰ হৈছে৷

You might also like