নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামেৰীৰ কন্যকা ইক’ ৰিজ’ৰ্ট ছীল

🔹 প্ৰসংগ : পহু মাংস জব্দ

🔹 ৰিজ’ৰ্টৰ মালিককো তদন্তৰ আওতালৈ অনাৰ দাবী ৰাইজ-প্ৰকৃতিপ্ৰেমী দল-সংগঠনৰ

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : শোণিতপুৰৰ চাৰিদুৱাৰৰ নামেৰীৰ গামানীস্থিত তথা বালিপৰাৰ বিজেপি নেতা, শোণিতপুৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি, বালিপৰা জিলা পৰিষদ সদস্য মৃণাল শইকীয়া মালিকানাধীন বুলি পৰিচিত নামেৰী কন্যকা ইক’ ৰিজ’ৰ্টখন তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বন বিভাগে ছীল কৰিছে। উল্লেখ্য যে কালি উক্ত ৰিজ’ৰ্টখনত সুগৰি পহু মাংস উদ্ধাৰ হোৱাৰ লগতে ৰিজ’ৰ্টখনৰ মেনেজাৰ জয় কুমাৰক এখন ৰঙা ৰঙাৰ মটৰচাইকেলেৰে সুগৰি পহু মাংস কঢ়িয়াই নি থকা অৱস্থাত পহু মাংসসহ এজন সহযোগীৰ সৈতে নামেৰী বন বিভাগে আটক কৰিছিল। লগতে আটকাধীন মেনেজাৰজনৰ স্বীকাৰোক্তিৰ ভিত্তিত পিছত বন বিভাগৰ অভিযানকাৰী দলে ৰিজ’ৰ্টখনত অভিযান চলাই পহু মাংসৰ লগতে অন্যান্য সামগ্ৰীও উদ্ধাৰ কৰিছিল । ইয়াৰে পিছতে অনিৰ্দিষ্টকাললৈ ছীল কৰি দিয়া হয় ৰিজ’ৰ্টখন । এই সন্দৰ্ভত অঞ্চলটোৰ এচাম প্ৰকৃতি সচেতন ৰাইজ, দল-সংগঠনে দাবী জনাইছে যে ৰিজ’ৰ্টখনত মালিকৰ জ্ঞাতসাৰে অথবা অজ্ঞাতসাৰে বহু দিনৰে পৰা পহু মাংসৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছিল নেকি ? ৰিজ’ৰ্টখনৰ মালিকো নিষিদ্ধ পহুৰ চিকাৰ আৰু বিক্ৰীৰ সৈতে জড়িত নেকি ? ৰিজ’ৰ্টখনত পহু মাংসৰ ৰন্ধন এক মেন্যুৰ অংশ আছিল নেকি ? এনে বহুধৰণৰ প্ৰশ্ন এতিয়া ৰাইজ, দল-সংগঠনসমূহে উত্থাপন কৰি ৰিজ’ৰ্টখনৰ মালিককো বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত বন বিভাগৰ যোগেদি অনতিপলমে তদন্তৰ আওতালৈ আনিবৰ বাবে দাবী জনাইছে । তদুপৰি প্ৰকৃতি সংগঠন, ৰাইজে নামেৰী এলেকাৰ পৰিচালিত হৈ থকা অন্যান্য একাংশ ৰিজ’ৰ্টতো এনেধৰণৰ পহু মাংসৰ ব্যৱসায় আৰু ৰন্ধন চলি থকাৰ সন্দেহ প্ৰকাশ কৰি সেইসমূহতো চৰজমিন তদন্ত কৰিবলৈ বন বিভাগক দাবী জনাইছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like