তিতাবৰ জিলা কাৰাটে চেম্পিয়নশ্বিপ সম্পন্ন
✅চ’ট’কান কাৰাটে একাডেমী শ্ৰেষ্ঠ দল
বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰঃ তিতাবৰ জিলা স্প’ৰ্টছ কাৰাটে-ডো সন্থাৰ উদ্যোগত আৰু মৰিয়নি মহাবিদ্যালয়ৰ সহযোগত তৃতীয় তিতাবৰ জিলা কাৰাটে চেম্পিয়নশ্বিপখনি (ল’ৰা – ছোৱালী) কালি দিনজোৰা কাৰ্য্যসূচীৰে মৰিয়নি মহাবিদ্যালয় ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায়। পুৱা পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্য্যসূচী মুকলি কৰে তিতাবৰ জিলা স্প’ৰ্টছ কাৰাটে-ডো সন্থাৰ সভাপতি দীপক সন্দিকৈয়ে। ইয়াৰ পিছতেই উদযাপন সমিতিৰ সভাপতি- তথা তিতাবৰ জিলা স্প’ৰ্টছ কাৰাটে-ডো সন্থাৰ উপ-সভাপতি প্ৰীতম কুমাৰ শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰে। প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই চেম্পিয়নশ্বিপত কুমিটে আৰু কাটাৰ খেলসমূহ অনুষ্ঠিত হয়। কাৰাটেৰ কাৰিকৰী বিশেষজ্ঞ জিতেন দাস পৰ্য্যবেক্ষক হিচাপে উপস্থিত থকা চেম্পিয়নশ্বিপত মৰিয়নিৰ চ’ট’কান কাৰাটে একাডেমীয়ে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে। চ’ট’কান কাৰাটে একাডেমীয়ে ২০টা সোণ, সমসংখ্যক ৰূপ আৰু ১৭টা ব্ৰঞ্জৰ পদক সহ মুঠ ৫৭ টা পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, তিতাবৰৰ মৰান গাঁও এল পি স্কুল কাৰাটে দলে ১৩টা সোণ, ৬টা ৰূপ আৰু ১১টা ব্ৰঞ্জ সহ মুঠ ৩০টা পদক লাভ কৰি দ্বিতীয় শ্ৰেষ্ঠ দল আৰু নকছাৰীৰ কিডছ্ জ’নে ১০টা সোণ, ৪টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২১ টা পদকেৰে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে। আসাম ষ্টেট কাৰাটে এছ’চিয়েশ্যনৰ পৰিচালকসকলে প্ৰতিযোগিতাৰ খেলসমূহ পৰিচালনা কৰে। উদযাপন সমিতিৰ সম্পাদক দীপদ দত্ত (জোন) আৰু তিতাবৰ জিলা স্প’ৰ্টছ কাৰাটে ডু সন্থাৰ সম্পাদক দেৱজিত শইকীয়াই আঁত ধৰা সামৰণি অনুষ্ঠানত উপস্থিত থাকি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে খেলুৱৈসকলৰ প্ৰশংসা কৰে। উদ্যোক্তাসকলৰ লগতে তিতাবৰ জিলা কাৰাটে-ডো সন্থাৰ শলাগ লৈ ইয়াৰ মাজৰ পৰাই শ্ৰেষ্ঠ কাৰাটেকাৰৰ জন্ম হ’ব বুলি আশা প্ৰকাশ কৰে। বঁটা বিতৰণী অনুষ্ঠানত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ-পৌৰপতি প্ৰদীপ দাস, চেম্বাৰ্চ অৱ কমাৰ্চৰ মৰিয়নিৰ সভাপতি-যুৱ ব্যৱসায়ী পংকজ হাতীবৰুৱা, মৰিয়নি ক্ৰীড়া সন্থাৰ সম্পাদক দীপক দত্ত, জ্যেষ্ঠ সংবাদকৰ্মী প্ৰাঞ্জল পাওগাম, শিক্ষক চহন কানু, মৃদুল বৰা, স্বেচ্ছাসেৱী অনুষ্ঠান এনাজৰীৰ সম্পাদিকা কবিতা বুঢ়াগোহাঁই (বন্দিতা) প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া