কার্বি আংলঙৰ জেংখা আৰক্ষী চকী আক্রমণ উন্মত্ত যুৱকৰ
সাংস্কৃতিক অনুষ্ঠানত উদ্ভণ্ডালি কৰা যুৱকক আটকৰ পিছতে লংকাকাণ্ড
নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ গাঁওৰক্ষী বাহিনীৰ প্রতিষ্ঠা দিৱসৰ অনুষ্ঠান চলি থকা অৱস্থাতে পশ্চিম কার্বি আংলঙৰ একাংশ উদণ্ড যুৱকৰ দলে তাণ্ডৱ চলাইএকপ্রকাৰ লংকাকাণ্ডৰ সূচনা কৰে৷ ঘটনাৰ বিৱৰণী অনুসৰি, জেংখাত কালি অনুষ্ঠিত কৰা হৈছিল ৭২সংখ্যক গাঁওৰক্ষী বাহিনীৰ প্রতিষ্ঠা দিৱস৷ প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি নিশা এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়৷ উক্ত সাংস্কৃতিক অনুষ্ঠানতে এজন যুৱকে উদ্ভণ্ডালি কৰিবলৈ আৰম্ভ কৰে৷ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ বাবে আৰক্ষীয়ে খৰছিং বে’ নামৰ যুৱকজনক আটক কৰি নিয়ে৷ যুৱকজনক আটক কৰা ঘটনাক কেন্দ্র কৰিয়েই একাংশ যুৱকে আৰক্ষী চকীত উপস্থিত হৈ এক উত্তেজনাপূর্ণ পৰিস্থিতি সৃষ্টি কৰে৷ আটক কৰা যুৱকজনক মুকলি কৰাৰ দাবী জনাই যুৱকৰ দলটোৱে উত্তেজনা সৃষ্টি কৰাতে ক্ষান্ত নাথাকি মাজনিশা খেৰণি থানাৰ অন্তর্গত জেংখাৰ আৰক্ষী তালাচী চকীত আক্রমণ কৰিবলৈ আৰম্ভ কৰে৷ উন্মত্ত যুৱকৰ দলটোৱে তালাচী চকীৰ চকী–টেবুল, আচবাব আদি সকলো ভাঙি–ছিঙি লণ্ডভণ্ড কৰাৰ উপৰি আৰক্ষীৰ বাহনতো আক্রমণ চলায়৷ আক্রমণকাৰী দলটোৱে জেংখা আৰক্ষীক লক্ষ্য কৰি শিলগুটিও নিক্ষেপ কৰে৷ দলটোৰ এনে আক্রমণৰ ঘটনাত ৯জনকৈ আৰক্ষীৰ লোক আঘাতপ্রাপ্ত হয়৷ পৰিস্থিতি নিয়ন্ত্রণৰ সীমা অতিক্রম কৰাৰ ফলত উপায়ান্তৰ হোৱা আৰক্ষীয়ে অৱশেষত পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ বাবে গুলীচালনা কৰিবলগীয়া হয়৷ যোৱানিশাৰ উক্ত ঘটনাত আৰক্ষী নিৱেশ আক্রমণকাৰী পক্ষৰ মহেশ্বৰ ইংহি (১৯) নামৰ এজন যুৱকৰ লগতে আন এগৰাকী কিশোৰ আঘাতপ্রাপ্ত হৈ চিকিৎসাধীন হ’বলগীয়া হয়৷ উক্ত ঘটনাত অধিক আক্রমণকাৰী আঘাতপ্রাপ্ত হোৱাৰো আশংকা কৰা হৈছে৷