নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামৰ মন্ত্রী–বিধায়কে কৰিমগঞ্জৰ চেৰাগী বনাঞ্চলত মাটি দখল কৰি সাজিলে ঘৰ

অসম চৰকাৰক প্রত্যাহ্বান জনাই চুবুৰীয়া ৰাজ্যৰ আগ্রাসন

নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ  চুবুৰীয়া ৰাজ্যৰ আগ্রাসনত ক্রমশঃ সংকুচিত হৈ আহিছে অসমৰ ভূখণ্ড৷ মেঘালয়, নাগালেণ্ড, অৰুণাচল প্রদেশ, মিজোৰাম আদি ৰাজ্যসমূহে অসমৰ মাটি বেদখল কৰি বিভিন্ন ধৰণৰ নির্মাণকার্য চলাইছে৷ ইয়াক কেন্দ্র কৰি বিগত সময়ছোৱাত সংঘটিত হৈছে উত্তেজনাময় পৰিস্থিতিৰো৷ এইবাৰ মিজোৰাম চৰকাৰৰ পৃষ্ঠপোষকতাত একাংশ মিজো লোকে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তর্গত চেৰাগী সংৰক্ষিত বনাঞ্চলৰ চোটভুবী এলেকাত কেইবা হেক্টৰ মাটি বেদখল কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– অসমৰ ভূমিত এই বেদখলৰ নেতৃত্ব দিছে মিজোৰাম চৰকাৰৰ এজন মন্ত্রী, তিনিজন বিধায়ক, উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে৷ জানিব পৰা মতে, ইতিপূর্বৰে পৰা চোটভুবী এলেকাত মিজো লোকে বেদখল কৰি লৈছিল বৃহৎ পৰিমাণৰ মাটি৷ যোৱা শুকুৰবাৰে কৰিমগঞ্জ জিলা প্রশাসনে বেদখলকাৰী মিজো লোকৰ ঘৰ ভাঙি দিয়াৰ লগতে ঝুম খেতি আদি উচ্ছেদ কৰে৷ ইয়াৰ পিছদিনা অর্থাৎ শনিবাৰে মিজোৰামৰ মামিট জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু এজন বিধায়কে এই উচ্ছেদকার্য প্রত্যক্ষ কৰি উভতি যায়৷ যোৱা ১২ অক্টোবৰত কৰিমগঞ্জ জিলা প্রশাসনক কার্যতঃ প্রত্যাহ্বান জনাই মিজোৰাম চৰকাৰৰ এজন মন্ত্রীৰ লগতে তিনিজন বিধায়ক, মামিট জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু ছাত্র সংগঠনৰ প্রতিনিধিয়ে আৰক্ষী বাহিনী–আই আৰ বেটেলিয়নৰ দল লগত লৈ চোটভুবী এলেকাত উপস্থিত হয় আৰু পুনৰ ঘৰ নির্মাণ কৰে৷ তেতিয়াৰে পৰা তিনি দিন ধৰি মিজোৰাম আৰক্ষী বাহিনীয়ে উক্ত অঞ্চলত ছাউনী পাতি একপ্রকাৰ যুদ্ধসদৃশ পৰিৱেশৰ সূচনা কৰিছে৷ মিজোৰাম চৰকাৰৰ পৃষ্ঠপোষকতাতে সংঘটিত এনে কার্যত চেৰাগী সংৰক্ষিত বনাঞ্চল সংলগ্ণ এলেকাত বসবাস কৰা অসমীয়া লোকসকলৰ লগতে বনকর্মীসকলৰ মাজতো আতংকৰ সৃষ্টি হৈছে৷ বনকর্মীসকলে নির্দিষ্ট স্থানলৈ যোৱাৰ বাবে সাহস গোটাব পৰা নাই৷ সেইদৰে গাঁৱৰ ৰাইজে উজাগৰী নিশা কটাবলগীয়া হৈছে৷ অৱশ্যে আজি কৰিমগঞ্জ জিলা প্রশাসনে মামিট জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে এখন বৈঠকত মিলিত হৈ বিষয়টো সমাধানৰ বাবে চেষ্টা কৰে৷ কিন্তু বৈঠকত কি সিদ্ধান্ত গ্রহণ কৰা হ’ল সেই বিষয়ে বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই৷ লক্ষণীয়ভাৱে কৰিমগঞ্জৰ উপৰি কাছাৰ আৰু হাইলাকান্দি জিলাৰো বৃহৎ পৰিমাণৰ বনভূমি মিজোৰাম চৰকাৰৰ সহযোগত একাংশ মিজো লোকে বেদখল কৰিছে৷

You might also like