নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রিবিউনেলত গোচৰ চলি থকা লোকৰ নাম এনআৰচিৰ পৰা কর্তনৰ নির্দেশ

জিলা উপায়ুক্তলৈ এনআৰচি কর্তৃপক্ষৰ নির্দেশনা

নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ  যোৱা বছৰৰ ৩১ আগষ্টত প্রকাশিত চূড়ান্ত এন আৰ চিত বিদেশী আৰু সন্দেহযুক্ত বিদেশী লোকৰ নাম সন্নিৱিষ্ট হৈ থকা বুলি উত্থাপিত অভিযোগৰ সত্যতা প্রতিপন্ন কৰিলে এন আৰ চি কর্তৃপক্ষই কালি প্রতিখন জিলাৰ নাগৰিকত্ব পঞ্জীয়নৰ জিলা পঞ্জীয়ক (ডি আৰ চি আৰ)সকললৈ প্রেৰণ কৰা এখন পত্রই৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশর্মাই কালি প্রতিখন জিলাৰ ডি আৰ চি আৰসকলক এক নির্দেশযোগে ইতিমধ্যে প্রকাশিত চূড়ান্ত এন আৰ চিত যিসকল ঘোষিত বিদেশী, সন্দেহযুক্ত বিদেশী আৰু বিদেশী ট্রিবিউনেলত এতিয়াও গোচৰ নিষ্পত্তি নোহোৱা ব্যক্তিৰ নাম সন্নিৱিষ্ট হৈছে, তেওঁলোকৰ নাম কর্তন কৰিবলৈ নির্দেশ দিয়ে৷ মৌখিক নির্দেশৰ জৰিয়তে তেওঁলোকৰ নাম কর্তন কৰি এন আৰ চি কর্তৃপক্ষক তৎকালেই সেই তালিকা দাখিল কৰিবলৈ ডি আৰ চি আৰসকলক পৰামর্শ দিয়া হৈছে৷ এন আৰ চি কর্তৃপক্ষৰ এক সূত্রই জানিবলৈ দিয়া মতে, এন আৰ চিত নাম সন্নিৱিষ্ট হোৱাৰ ক্ষেত্রত অযোগ্য ৰূপে চিহ্ণিত প্রায় ১০ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা বিষয়টো কর্তৃপক্ষৰ প্রাৰম্ভিক পর্যায়তে দৃষ্টিগোচৰ হয়৷ ইয়াৰ পৰিপ্রেক্ষিততে প্রতিখন জিলাৰ ডি আৰ চি আৰসকলক ন্যায়ালয়ে বিদেশী ঘোষিত কৰা লোক, ডি ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণত এতিয়াও গোচৰ চলি থকা বা গোচৰ নিষ্পত্তি নোহোৱা কোনো লোকৰ নাম সন্নিৱিষ্ট হৈছে নেকি, সেয়া পৰীক্ষা কৰি তেনেধৰণৰ অযোগ্য লোকৰ নাম স্পীকিং অর্ডাৰৰ জৰিয়তে এন আৰ চিৰ পৰা প্রত্যাহাৰ কৰিবলৈ জৰুৰী নির্দেশ দিয়ে৷

উল্লেখ্য যে যোৱা বছৰৰ ৩১ আগষ্টত প্রকাশিত চূড়ান্ত এন আৰ চিত ৩,৩০,২৭,৬৬১গৰাকী আবেদনকাৰীৰ ভিতৰত ৩,১১,২১,০০৪গৰাকী লোকৰ নাম সন্নিৱিষ্ট হয়৷ ইয়াৰ বিপৰীতে ১৯,০৬,৬৫৭গৰাকী লোকৰ নাম বাদ পৰে৷ চূড়ান্ত এন আৰ চিখন প্রকাশৰ প্রাকমুহূর্তৰ পৰাই শাসক দল বিজেপিকে ধৰি আছাম পাব্লিক ৱর্কছ, আছু, অগপ আদিয়ে এন আৰ চিত বহু সন্দেহযুক্ত বিদেশী লোকৰ নাম সন্নিৱিষ্ট হোৱাৰ গুৰুতৰ অভিযোগ কৰে৷ সেই সময়ৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ বিৰুদ্ধে বিভিন্নজনে সন্দেহৰ আঙুলি পর্যন্ত টোঁৱাইছিল৷ আনকি চূড়ান্ত এন আৰ চি প্রকাশৰ পূর্বে আছাম পাব্লিক ৱর্কছৰ উপৰি ৰাজ্য চৰকাৰেও বাংলাদেশ সীমান্তৱর্তী জিলাসমূহৰ ক্ষেত্রত ২০ শতাংশ আৰু আন জিলাৰ ক্ষেত্রত ১০ শতাংশ পুনৰীক্ষণৰ দাবী উত্থাপন কৰে৷ এই সম্পর্কত তেওঁলোকে সুকীয়া সুকীয়াকৈ উচ্চতম ন্যায়ালয়ত শপতনামা পর্যন্ত দাখিল কৰে৷ শেহতীয়াকৈ যোৱা ছেপ্ঢেম্বৰ মাহত নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰে হোৱা এক আলোচনাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই একেই প্রসংগ উত্থাপন কৰে৷ চলিত মাহতে উচ্চতম ন্যায়ালয়ত সেই বিষয়টো উত্থাপনৰ সম্ভাৱনা আছে৷ এন আৰ চিৰ পুনৰীক্ষণৰ প্রসংগ ন্যায়ালয়ৰ মজিয়াত উত্থাপনৰ প্রাকক্ষণত এন আৰ চি কর্তৃপক্ষই যিসকল বিদেশী, সন্দেহযুক্ত নাগৰিকৰ নাম নাগৰিকপঞ্জীত সন্নিৱিষ্ট হৈছে, তেওঁলোকৰ নাম কর্তন কৰিবলৈ দিয়া নির্দেশে যোৱা বছৰৰ ৩১ আগষ্টত প্রকাশিত নাগৰিকপঞ্জীখন যে সম্পূর্ণৰূপে বিদেশীৰ নামমুক্ত জাতীয় দলিল নাছিল, সেই কথাই পুনৰ প্রতিপন্ন কৰিছে৷

You might also like