বিশেষ বাৰ্তা, ১৩ মেঃ কর্ণাটকৰ নির্বাচনত বৃহৎ জয় কংগ্রেছৰ৷ শাসকীয় বিজেপিক পৰাস্ত কৰি কংগ্রেছে দখল কৰিলে কর্ণাটকৰ শাসনৰ বাঘজৰী৷ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা কর্ণাটকৰ আজি ঘোষিত ফলাফলত ২২৪খন আসনৰ ভিতৰত ১৩৬খন আসন লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় মেজিক সংখ্যা সহজে অতিক্রম কৰাই নহয়, ১৯৯৯ চনৰ পিছত দলটোৰেই সর্বাধিক আসন লাভ কৰে৷ ভিন্ন এগজিট পোলৰ সত্যতা নিশ্চিত কৰি কংগ্রেছ একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হয়৷ আজি ভোটগণনা আৰম্ভ কৰাৰ সময়ত প্রথমতে বিজেপিয়ে কংগ্রেছতকৈ কেইখনমান আসনত অগ্রগতি লাভ কৰিছিল যদিও ৯ বজাৰ পৰাই কংগ্রেছে বিজেপিক অতিক্রম কৰি অধিক আসনত অগ্রগতি লাভ কৰিবলৈ ধৰে৷ চৰকাৰ গঠনৰ মেজিক সংখ্যা অতিক্রম কৰাৰ পিছত কংগ্রেছৰ আসন ক্রমান্বয়ে বর্ধিত হ’বলৈ ধৰে আৰু দিনৰ প্রায় ১ বজাৰ পৰা কংগ্রেছৰ অগ্রগতি বিজেপিতকৈ আৰু অধিক হৈ পৰে৷ এই ধাৰা অব্যাহত ৰাখি কংগ্রেছে ঘোষিত ফলাফলত বৃহৎ জয় লাভ কৰে৷ ঘোষিত ফলাফল অনুসৰি ২২৪খন আসনৰ ভিতৰত কংগ্রেছে ১৩৬খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৬৫খন আসনতে সীমাৱদ্ধ হৈ থাকিবলগীয়া হয়৷ জেডিএছে মাত্র ১৯খন আসনহে লাভ কৰে৷ নির্দলীয়ই দুখন আসন লাভ কৰাৰ বিপৰীতে কল্যাণ ৰাজ্য প্রগতি পক্ষই এখন আৰু সর্বদয়া কর্ণাটক পক্ষই এখন আসন লাভ কৰে৷