নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ মুখপাত্ৰ সৃষ্টিশিখা উন্মোচন

বিশেষ বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ঢেকীয়াজুলিৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ মুখপাত্ৰ “সৃষ্টিশিখা”ৰ শুভ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। আজি বিদ্যালয় প্ৰাংগণত সৃষ্টিশিখা আলোচনীখনৰ শুভ উন্মোচন কৰে মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড° কনক বৰদলৈৰ লগতে ঢেকিয়াজুলিৰ ৰিজনেঞ্চ জুনিয়ৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱভূষণ মহন্তই৷ মুখপাত্ৰ উন্মোচনী অনুষ্ঠানটি সঞ্চালনা কৰে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ অধীক্ষিকা ৰিতুমণি দাসে৷ গাম্ভীৰ্যপূৰ্ণ সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া ৰমেন মেধিৰ লগতে জিলা আঁচনি বিষয়া মনোজ গোঁহাই ।আলোচনীখন উন্মোচন কৰি উন্মোচক তথা ঢেকিয়াজুলিৰ ৰিজনেঞ্চ জুনিয়ৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱভূষণ মহন্তই কয় যে বিদ্যালয়খনে খুবেই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে । ছাত্ৰীসকলে আলোচনীখনত লিখা আৰম্ভ কৰা মানেই সাহিত্য সৃষ্টিত মনোনিৱেশ কৰা। উক্ত আলোচনীখনতেই ছাত্ৰীসকলে গল্প, কবিতা, চিত্ৰাংকণ, প্ৰৱন্ধ ইত্যাদি সুন্দৰকৈ লিখি নিজা প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে ৷ লিখাৰ কোনো বয়স নাই বুলি কৈ আজৰি সময়ত ছাত্ৰীসকলক সাহিত্য সৃষ্টিৰ লগতে অন্যান্য কলাত্মক বিষয়বস্তুত মনোযোগ দিবলৈ আহ্বান জনায় বিশিষ্ট শিক্ষাবিদগৰাকীয়ে। তেওঁ লগতে কয় যে, এই আলোচনী এসময়ত ইতিহাস হ’ব ৷ আন এগৰাকী উন্মোচক ড° কনক বৰদলৈদয়ে আলোচনীখন উন্মোচন কৰি কয় যে সৃষ্টিশিখাত লেখা প্ৰকাশ পোৱাতো ছাত্ৰীসকলৰ এক নৱপ্ৰয়াস। ছাত্ৰীসকলক লিখাৰ এটা অভ্যাস গঢ় দিয়াৰ চেষ্টা কৰাৰ বাবে শিক্ষকসকলক আহ্বান জনায় শিক্ষাবিদগৰাকীয়ে। সাহিত্য সৃষ্টিৰ অন্তৰালত এটা অধ্যয়নসুলভ মন থাকিব লাগে বুলি কৈ বিদ্যালয়খনত এটা পঢ়াৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰাৰ বাবে আহ্বান জনায়৷ তেওঁ লগতে কয় যে মানুহৰ আটাইতকৈ বিশ্বস্ত বন্ধু হ’ল কিতাপ। বিদ্যাতকৈ শ্ৰেষ্ঠ অলংকাৰ একোৱেই নাই। বিদ্যাৰ বলত পৃথিৱীৰ শ্ৰেষ্ঠ আসন অলংকৃত কৰিব পাৰি বুলি কৈ শিক্ষকসকলৰ উদ্দেশ্য হ’ব ছাত্ৰীসকলৰ মনত সাঁচ বহুৱাব চেষ্টা কৰিব লাগে বুলি মন্তব্য কৰে শিক্ষাবিদগৰাকীয়ে। কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ অধীক্ষিকা ৰিতুমণি দাসে অনুভৱ ব্যক্ত কৰি কয় যে এইখন বিদ্যালয়ৰ ছাত্ৰীসকল বিদ্যালয় বহিৰ্ভূত ছাত্ৰী। এই ছাত্ৰীসকল চৌদিশে আগবঢ়া বুলি কৈ ছাত্ৰীসকলক সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ় দিবলৈ নিৰবধি প্ৰচেষ্টা গ্ৰহণ কৰাৰ কথা জনায় অধীক্ষিকাগৰাকীয়ে। জিলা আঁচনি বিষয়া ৰমেন মেধিয়ে ভাষণ প্ৰদান কৰি কয় যে সুপ্ত প্ৰতিভা জগাই তোলাৰ এয়া এক উত্তম মঞ্চ। লেখাৰ অভ্যাস প্ৰথমে বিদ্যালয়ৰ আলোচনীৰ পৰাই আৰম্ভ হয়৷ গতিকে ছাত্ৰীসকলে লিখাৰ অভ্যাস গঢ়ি তুলিব লাগিব। অসমত নাৰীসকলে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে৷ শিক্ষাৰ লগতে আলোচনী প্ৰকাশৰ দৰে সাহিত্য সৃষ্টিৰ মজিয়া তৈয়াৰ কৰা বাবে বিদ্যালয়খনৰ অধ্যক্ষা সমন্বিতে শিক্ষয়িত্ৰীসকলক প্ৰশংসা কৰে জিলা আঁচনি বিষয়াগৰাকীয়ে। অধ্যয়ন কক্ষৰ পৰা অলপ আঁতৰি চিত্ৰাংকণ,প্ৰাচীৰ পত্ৰিকাত লিখা, আলোচনীৰ মাধ্যমেৰে গল্প, কবিতা, প্ৰৱন্ধ ইত্যাদি লিখিবলৈ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰছাত্ৰীক উদ্বুদ্ধ কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে। জিলা আঁচনি বিষয়া মনোজ গোঁহায়ে অনুভৱ ব্যক্ত কৰি মানুহে নিজৰ বৃত্তিটোক সদায় ভাল পাব লাগিব বুলি কৈ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন গঢ় দিবলৈ শিক্ষকসকলক অহোপুৰুষাৰ্থ কৰিবলৈ আহ্বান জনায় ৷ বিআৰপি ক্ষীৰদা ডেকাই ভাষণত কয় যে, বিদ্যালয়ৰ আলোচনী বা প্ৰাচীৰ পত্ৰিকাখন হৈছে সাহিত্য সৃষ্টিৰ উত্তম মাধ্যম ।গতিকে ছাত্ৰীসকলে এনেদৰেই সাহিত্য সৃষ্টিত মনোনিৱেশ কৰি ভৱিষ্যতে নিজা দক্ষতাৰে সফল নাগৰিক হ’বলৈ আহ্বান জনায় ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like