আজি কাতি বিহু
নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰ: দুটাকৈ প্রলয়ংকৰী বান আৰু খৰাংসদৃশ পৰিস্থিতিয়ে কৃষকসকললৈ নমাই অনা সংকটৰ মাজতে আজি ৰাজ্যবাসীয়ে উদযাপন কৰিব কাতি বিহু৷ শস্য বৃদ্ধিৰ কামনাৰে খেতিপথাৰত চাকি–আকাশ বন্তি জ্বলাই কৃষক ৰাইজে নেদেখাজনৰ ওচৰত প্রার্থনা কৰিব৷ পৰম্পৰা অনুসৰি প্রতিগৰাকী অসমীয়াই চোতালত তুলসী পুলি ৰোপণ কৰি তাৰ তলত চাকি–বন্তি, ধূপ–ধূনা প্রজ্বলন কৰাৰ লগতে নৈবদ্য আগবঢ়াই কাতি বিহু পালন কৰে৷ ভোগ–বিলাস অবিহনে আহিন আৰু কাতি মাহৰ সংক্রান্তিৰ দিনটোত এই কৃষিভিত্তিক উৎসৱ পালন কৰা হ’ব৷ কাতি বিহুৰ দিনাই পুৱাই গৃহিণীয়ে ঘৰ–বাৰী পৰিষ্কাৰ কৰিব৷
লোকাচাৰ অনুসৰি দুপৰীয়াৰ ভাগত বিহুৰ দিনা ঘৰৰ গৃহস্থই খেতিডৰা চাবলৈ যায় আৰু সন্ধিয়া শস্য বৃদ্ধিৰ কামনাৰে লক্ষ্মী দেৱীক প্রার্থনা জনায়৷ তুলসীৰ তলত, নামঘৰ অথবা ভঁৰাল, শস্যপথাৰৰ উপৰি কাতি বিহুৰ দিনটোত গোহালি, বাটচ’ৰা আদিতো চাকি–বন্তি জ্বলোৱা হয়৷ ৰাজ্যৰ বহু স্থানত কাতি বিহুৰ দিনটোৰ পৰাই আকাশ বন্তি জ্বলোৱাৰ প্রথা যুগ যুগ ধৰি চলি আহিছে৷
উল্লেখ্য যে বছৰৰ আৰম্ভণিতে দুটাকৈ প্রলয়ংকৰী বানৰ ঢ়ৌৱে ৰাজ্যত ব্যাপক ক্ষতি কৰিছিল৷ বহু খেতিপথাৰ বাঢ়নী পানীত বৈ অহা বালিয়ে পুতি পেলোৱাৰ লগতে কঠীয়া নষ্ট কৰাৰ বাবেও সমস্যাৰ সন্মুখীন হৈছিল কৃষক৷ পৰৱর্তী সময়ত অতি কষ্টৰে কৃষকসকলে খেতি কৰিবলৈ সক্ষম হৈছিল যদিও খৰাংসদৃশ পৰিস্থিতিয়ে শস্যপথাৰত ব্যাপক প্রভাৱ পেলোৱা পৰিলক্ষিত হয়৷ ইয়াৰ মাজতে খেতিডৰা শস্য শ্যামলা হৈ পৰাৰ প্রার্থনাৰে কাইলৈ ৰাজ্যজুৰি কাতি বিহু উদযাপন কৰা হ’ব৷ কাতি বিহুৰ সমান্তৰালকৈ ৰাজ্যত আয়োজন চলিছে দীপাৱলী উদ্যাপনৰো৷
ইতিমধ্যে দীপাৱলীৰ প্রাক্ক্ষণত মাটিৰ চাকি নির্মাণত মৃৎ শিল্পীসকল ব্যস্ত হৈ পৰিছে৷ দীপাৱলীৰ বজাৰৰ চাহিদা পূৰণ কৰাৰ বাবে মৃৎ শিল্পীসকলে দৈনিক মাটিৰ চাকি নির্মাণৰ কাম দ্রুতগতিৰে আগুৱাই নিছে৷ সমান্তৰালভাৱে ৰাজ্যৰ থলুৱা আতচবাজীৰ শিল্পীসকলেও দীপাৱলীৰ প্রাক্ক্ষণত আতচবাজী নির্মাণত ব্যস্ত হৈ পৰিছে৷ বিশেষকৈ আতচবাজীৰ বাবে বিখ্যাত বৰপেটাত ইয়াৰ প্রস্তুতি তুংগত উঠিছে৷
ইফালে, আগন্তুক দীপাৱলী উপলক্ষে উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অনুসৰি অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদে শব্দ আৰু বায়ু প্রদূষণ ৰোধ কৰিবলৈ কেতবোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ ইতিমধ্যে ৰাজ্যৰ উপায়ুক্তসকললৈ পৰিষদে ফটকা, আতচবাজী আদি ফুটোৱাৰ ক্ষেত্রত কি কি নীতি–নির্দেশনা পালন কৰিব লাগিব সেই সন্দর্ভত নির্দেশনা প্রদান কৰিছে৷ তদুপৰি ফটকা, আতচবাজী আদি বাণিজ্যিক প্রতিষ্ঠানসমূহে জমা ৰখা সন্দর্ভতো পৰিষদৰ বিষয়ববীয়াসকলে নিৰীক্ষণ কৰিব৷ বিশেষকৈ গুৱাহাটী, নলবাৰী, ডিব্রুগড়, তিনিচুকীয়া, ধেমাজি, নগাঁও, মৰিগাঁও, হোজাই, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, তেজপুৰ, উত্তৰ লখিমপুৰ, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, বৰপেটা আৰু বঙাইগাঁও আদিৰ দৰে চহৰত শব্দ আৰু বায়ু প্রদূষণৰ ওপৰত বিশেষ নজৰ ৰাখিব পৰিষদে৷