নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীত ডুবি ৫টা গঁড়ৰ মৃত্যু: প্রাণহানি ৮৬টা বন্যপ্রাণীৰ

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ শেহতীয়া বানত শোচনীয় হৈ পৰিছে বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পৰিস্থিতি৷ ৰাষ্ট্রীয় উদ্যানখনৰ প্রায় ৯০ শতাংশ অঞ্চল পানীয়ে বুৰাই পেলোৱাত ভয়ানক সমস্যাৰ সন্মুখীন হৈছে বন্য জীৱকুল৷ পর্যাপ্ত হাইলেণ্ডৰ অভাৱত উদ্যানখনৰ জীৱ–জন্তুৱে আশ্রয় বিচাৰি কার্বি পাহাৰৰ দিশে ঢ়াপলি মেলিবলগীয়া হৈছে৷ সাগৰসদৃশ বানত উৱাদিহ হেৰুৱাই মৃত্যুমুখত পৰিছে বহু আপুৰুগীয়া জীৱ–জন্তু৷

  উদ্যান কর্তৃপক্ষই সদৰী কৰা তথ্য অনুসৰি, এইবাৰৰ বানত মৃত্যুমুখত পৰিছে ৫টাকৈ এশিঙীয়া গঁড়৷ প্রথমটো গঁড় মৃত্যুমুখত পৰে যোৱা ২৬ জুনত উদ্যানখনৰ পশ্চিম ৰেঞ্জত৷ তাৰ পাছত ১৪ জুলাইত ৰাষ্ট্রীয় উদ্যানখনৰ কেন্দ্রীয় ৰেঞ্জত আন দুটা গঁড়ৰ পানীত ডুবি মৃত্যু হয়৷ ইয়াৰ ভিতৰত এটা পোৱালি গঁড়ো আছিল৷ ১৫ জুলাইত বুঢ়াপাহাৰ আৰু পশ্চিম ৰেঞ্জত পানীত ডুব যোৱাৰ ফলত এটা মতা আৰু এটা মাইকী গঁড়ৰ মৃত্যু হয়৷ কেৱল এশিঙীয়া গঁড়েই নহয়, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ আন আন জীৱকুললৈও প্রচণ্ড ভাবুকি নামি আহিছে৷

বানপানীৰ সময়ছোৱাত দুটা বনৰীয়া ম’হ, দুটা বনৰীয়া গাহৰি, ৭টা হৰিণা পোৱালি, ৬৮টা হৰিণা আৰু দুটা কেঁটেলা পহু মৃত্যুমুখত পৰিছে৷ বনৰীয়া জীৱ–জন্তুসমূহক বিপদৰ পৰা উদ্ধাৰৰ বাবে বন বিভাগেও প্রচেষ্টা অব্যাহত ৰাখিছে৷ বিভাগটোৱে বিপদত পৰা ১২৫টা জীৱ–জন্তুক উদ্ধাৰ কৰি চিকিৎসা প্রদানৰ ব্যৱস্থা কৰিছে৷ ইয়াৰে ১০৫টা বন্য জীৱক চিকিৎসাৰ অন্তত পুনৰ মুকলি কৰি দিয়া হৈছে৷ উল্লেখ্য যে বানৰ সময়ত জীৱ–জন্তুসমূহে আশ্রয় ল’ব পৰাকৈ ৩৩টা কৃত্রিম হাইলেণ্ড নির্মাণ কৰা হৈছে যদিও এয়া পর্যাপ্ত ব্যৱস্থা নহয়৷

যাৰ বাবে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বহু জীৱ–জন্তুৰ সন্মুখত ভয়ানক সংকট আহি পৰিছে৷ একে সময়তে জীৱকুল খাদ্য সংকটৰো সন্মুখীন হৈছে৷ পূর্বৰ বানসমূহত ৰাষ্ট্রীয় উদ্যানখনৰ ৬০–৭০ শতাংশ অঞ্চল পানীত ডুব যায় যদিও এইবাৰ ৯০ শতাংশ অঞ্চল জলমগ্ণ হৈ পৰাত সংকট পূর্বতকৈ অধিক গভীৰ হৈ পৰিছে৷

You might also like