কাজিৰঙাৰ ৰাষ্ট্রীয় ঘাইপথত পৰি ৰ’ল ভাগৰুৱা গঁড়
নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ বানত দিকবিদিক হেৰুৱাই ভাগৰুৱা হৈ পৰা কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ এটা মতা গঁডে যোৱা তিনি দিন ধৰি টোপনি হৰিছে বন বিভাগ, আৰক্ষীৰ লগতে স্থানীয় ৰাইজ তথা পথচাৰীৰ৷ কলিয়াবৰৰ কুঠৰীৰ বান্দৰডুবি তথা কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কিছু নিলগৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ নিচেই কাষতে অৱস্থান কৰি আছে গঁড়টোৱে৷
স্থানীয় বন বিভাগে জানিবলৈ দিয়া মতে, বানপানীয়ে ভাগৰুৱা কৰা গঁডটো কিছু বয়স্ক আৰু এটা চকুৰে ভালকৈ নেদেখে৷ কালি নিশা বহু সময়লৈকে ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰতে ৰৈ বিমোৰত পেলাইছিল পথচাৰী তথা বন বিভাগ আৰু আৰক্ষীক৷ পাছত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিলৈ নামি গৈছিল যদিও আজি পুনৰ সমস্যাৰ সৃষ্টি কৰিছে গঁডটোৱে৷ এটা চকুত আঘাত পোৱা গঁডটোক ইতিমধ্যে কাজিৰঙাৰ পাণবাৰীস্থিত ৰেচকিউ চেণ্টাৰৰ চিকিৎসকে কিছু চিকিৎসা আগবঢ়াইছে৷ কেইবাদিনো ধৰি অনাহাৰে থকা অসুস্থ গঁডটোক লৈ বন বিভাগে চৰম অৱহেলা কৰা বুলি অভিযোগ তুলি স্থানীয় একাংশ ক্ষুব্ধ লোকে কয় যে ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই গঁড়টোক তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি দিছে৷ যাক লৈ আমি প্রতিজন অসমীয়াই গৌৰৱ কৰোঁ৷ সমগ্র বিশ্বত আমি চিনাকি দিওঁ৷ সাত সাগৰ তেৰ নদী পাৰ হৈ পর্যটকসকল ঢ়পলিয়াই আহে অসম গৌৰৱ এশিঙীয়া গঁড চাবলৈ৷ কিন্তু সেই এশিঙীয়া গঁডৰ আজি এই বিলৈ৷
উল্লেখ্য যে মাত্র এটা মাহৰ ভিতৰতে দ্বিতীয়টো প্রলয়ংকৰী বানৰ কবলত পৰিছে বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যান৷ কাজিৰঙাৰ প্রায় ৮০ শতাংশ অঞ্চল ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছিল৷ নাজল–নাথল অৱস্থা হৈছে অসম গৌৰৱ এশিঙীয়া গঁডৰ লগতে অন্যান্য বন্যপ্রাণীসমূহৰ৷ গঁডক বাদ দি অন্যান্য বহু বন্যপ্রাণী ওখ ঠাই আৰু খাদ্যৰ সন্ধানত ৩৭নং ৰাষ্ট্রীয় পথ অতিক্রম কৰি দক্ষিণ দিশে থকা কার্বি পাহাৰৰ লগতে উদ্যানখনৰ পশ্চিম দিশত থকা কুকুৰাকটা পাহাৰলৈ ঢ়াপলি মেলিছে৷ সেই সময়তে প্রাপ্তবয়স্ক উক্ত মতা গঁডটো আহি কাজিৰঙাৰ সমীপৰ কলিয়াবৰ মহকুমাৰ অন্তর্গত বাঘমাৰী গাঁৱত বানে বুৰাই থোৱা এঘৰৰ ভঁৰাল ভঙাৰ পাছতে আন তিনি ঘৰ লোকৰ ঘৰ ভাঙি অনিষ্ট সাধন কৰিছিল৷
আচলতে গঁডটোৱে এটা চকুৰে নেদেখা বাবেই এইদৰে বানৰ কবলত পৰি গাঁওখনত প্রৱেশ কৰিছিল৷ সেই সময়ত ঘৰৰ গৰাকী ৩৭নং ৰাষ্ট্রীয় পথৰ দাঁতিৰ আশ্রয় শিবিৰত আছিল৷ তাৰ পাছতেই যোৱা শুকুৰবাৰে দুর্বল হৈ পৰা গঁডটো আহি কলিয়াবৰ মহকুমাৰ দেওপানীৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত উঠে৷ গঁডটোক বন বিভাগ, জখলাবন্ধা আৰক্ষীয়ে পুনৰ কাজিৰঙাৰ দিশে খেদি পঠিওৱাৰ চেষ্টা কৰে যদিও গঁডটো পুনৰ দক্ষিণ দিশৰ পানী যুৱলীত নামি পৰে৷ কেইবাদিন ধৰি খাবলৈ নোপোৱা গঁডটো দুর্বল হৈ পৰাৰ লগতে কোনো ৰোগত আক্রান্ত হোৱা বুলি স্থানীয় লোকে প্রত্যক্ষ কৰি জানিবলৈ দিছে৷ ইতিমধ্যে গঁড়টোৰ দুর্দশাৰ বাতৰি ৰাষ্ট্রীয় সংবাদ মাধ্যমত বহুল চর্চা লাভ কৰিছে৷ আনহাতে, গঁডটো যে কিছু অসুস্থ আৰু এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছে, সেই কথা বন বিভাগৰ চিকিৎসকেও ইতিমধ্যে নিশ্চিত কৰিছে৷ তাৰ পাছতো বন বিভাগে অসুস্থ গঁডটোক ড্রেংকুলাইজ কৰি বন্যপ্রাণী পুনৰ সংস্থাপন কেন্দ্রলৈ নি সু–চিকিৎসা কৰাত পলম কৰিছে বুলি অভিযোগ তুলিছে স্থানীয় সচেতন মহলে৷ বহু সময় ধৰি ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰতে গঁডটো শুই পৰিছিল৷ সেই সময়তে গঁডটোক লৈ যোৱাৰ ব্যৱস্থা নকৰি বন বিভাগে পুনৰ পানীলৈ খেদি পঠিয়ায়৷ বর্তমানলৈকে গঁডটো পানীতেই ওপঙি থাকিব লগা হৈছে৷ গঁডটোক যথাসময়ত ড্রেংকুলাইজ কৰি চিকিৎসাৰ ব্যৱস্থা কৰাৰ যথেষ্ট থল থকাৰ পাছতো বন বিভাগে ব্যৱস্থা গ্রহণ নকৰা বাবে ৰাইজক ক্ষুব্ধ হৈ পৰিছে৷
বিয়াগোমবন বিভাগে মাত্র এটা অসুস্থ গঁডক সুস্থ কৰি তোলাৰ ক্ষেত্রত অৱহেলা কৰাৰ অভিযোগ তুলিছে ৰাইজে৷ আজি পুৱাৰ ভাগত বন বিভাগৰ বৰমূৰীয়াসকলে বিলাসী বাহনেৰে আহি মৃত্যুৰ সৈতে যুঁজ দি থকা অসুস্থ গঁডটোক খন্তেক চাই উভতি গৈ শীত–তাপ নিয়ন্ত্রিত কোঠাত সোমাই দুপৰীয়াৰ আহাৰ গ্রহণ কৰাৰ বিপৰীতে কেইবাদিনো অনাহাৰে থাকি মৃত্যুৰ ক্ষণ গণি থকা গঁডটোৰ কথা কোনেও নাভাবিলে বুলি একাংশ লোকে মন্তব্য কৰিছে৷ অৱশ্যে তিনি দিনৰ মূৰত আজি কেইডালমান ঘাঁহ দলিয়াই দিয়া হৈছে যদিও সেয়া নগণ্য৷ ইফালে গঁডটোৱেও অসহায় দৃষ্টিৰে মানুহৰ মুখলৈ চাই থকা পৰিলক্ষিত হৈছে৷ এনে অৱস্থাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে৷ বর্তমানলৈকে খবৰ নাই বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ৷ বানপানী শুকালেহে বনমন্ত্রী শুক্লবৈদ্য কাজিৰঙালৈ আহে বুলি বহুতে মন্তব্য কৰিছে৷