নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষৰ সাংবাদিকক দুৰ্ব্যৱহাৰ

🔹 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সকলো কাৰ্যসূচী বৰ্জনৰ সিদ্ধান্ত

নিয়মীয়া বার্তা, ১৭ ডিচেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক হিচাপে যোগদান কৰিয়েই কাজিৰঙাৰ সংবাদ মাধ্যমক লক্ষ্য কৰি লোৱা ড০ সোণালী ঘোষৰ কৰ্ম-কাণ্ডই স্থানীয় মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কাজিৰঙাৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ লগতে সামাজিক মাধ্যমত তুচ্ছ-তাচ্ছিল্য কৰিছে সঞ্চালকগৰাকীয়ে। কিছুদিনৰ পূৰ্বে সঞ্চালক  সোণালী ঘোষে বন বিভাগৰ এক বাতৰি কৰাক কেন্দ্ৰ কৰি কাজিৰঙাৰ সাংবাদিক ইমৰাণ আলীক উক্ত বাতৰি ডিজিটেল পেজৰ পৰা ডিলিট কৰিবলৈ একপ্ৰকাৰ ভাবুকি দিয়াৰ সমান্তৰালভাৱে সাংবাদিক অনুজ বেলুৱাৰ আৰু হোমেন গগৈৰ লগ’-মাইক কাঢ়ি দুৰ্ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উঠিছে। ৰাইজৰ অভিযোগৰ ভিত্তিত বাতৰি কৰিলেই ক্ষুণ্ণ হৈ পৰে সঞ্চালকগৰাকী। শেহতীয়াকৈ কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সম্পাদক ৰঞ্জিত ৰজকৰ এটা বাতৰিক লৈ সামাজিক মাধ্যমত তুচ্ছ-তাচ্ছিল্য কৰে। উল্লেখযোগ্য যে তিনি দিনৰ পূৰ্বে অগৰাতলী বনাঞ্চলৰ দাঁতিকাষৰীয়া বেলগুৰি গাঁৱৰ পথাৰত ধান দাই থাকোঁতে এগৰাকী মহিলাক বনৰীয়া ম’হে আক্ৰমণ কৰি নিহত কৰিছিল। ৰাইজে লগে লগে বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।আটছা, জীপাল আদি সংগঠনে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই নিজৰ মন্তব্য দাঙি ধৰিছিল। এই বাতৰি কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজকে ইলেক্ট্ৰনিক মিডিয়াত সম্প্ৰচাৰ কৰে। লগে লগে সাংবাদিকগৰাকীৰ ওপৰত ক্ষুণ্ণ হৈ পৰে ঘোষ। অসমত বহুলভাৱে প্ৰচলিত এটা Whatsapp গ্রুপত সাংবাদিক ৰঞ্জিত ৰজকক উক্ত বাটৰিটোৰ ক্ষেত্ৰত তুচ্ছ-তাচ্ছিল্য কৰে। সঞ্চালক  সোণালী ঘোষে কাজিৰঙাৰ সাংবাদিকসকলক এনেদৰে দুৰ্ব্যৱহাৰ কৰাক লৈ এতিয়া তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সঞ্চালকগৰাকীৰ এনে কাণ্ডত সংবাদ মাধ্যম আৰু বন বিভাগৰ মাজত এক গভীৰ সংঘাতে দেখা দিছে। সেয়ে আজি এখন স্মাৰক-পত্ৰযোগে সমগ্ৰ বিষয়টো সন্দৰ্ভত এক বৈঠক বিচাৰিছে কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাই। আনহাতে, বৈঠক নোহোৱা পৰ্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আয়োজন কৰা সকলো অনুষ্ঠানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাই। ইপিনে, সংস্থাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক সোণালী ঘোষে সাংবাদিকক কৰা দুৰ্ব্যৱহাৰ সন্দৰ্ভত মুখ্য বন সংৰক্ষক, অসম, অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা সাংবাদিক সন্থা আৰু জনসংযোগ বিষয়াক অৱগত কৰিছে।

প্ৰেৰক ৰঞ্জিত ৰজক

You might also like