নিয়মীয়া বাৰ্তা, ২৬জুনঃ বানত বুৰিছে বিশ্বৰ ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেৰানেপেৰা বৰষুণৰ বাবে ফেনেফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ উপনৈসমূহ। আগ বাৰিষাৰ বানত বুৰিছে কাজিৰঙাৰ ন ন অঞ্চল।
ব্ৰহ্মপুত্ৰ-ডিফলু নৈৰ পানী ভয়াৱহভাৱে বৃদ্ধি পোৱাত বিপদ ঘণ্টা বাঢ়িছে কাজিৰঙাৰ লগতে কাষৰীয়া অঞ্চলসমূহত। বানে বুৰাইছে কাজিৰঙাৰ বহু অঞ্চল। ফলস্বৰূপে ওখ ঠাইত আশ্ৰয় লৈছে বন্যপ্ৰাণীয়ে।
কাৰ্বি পাহাৰৰ দিশেও পলাই গৈছে জীৱ-জন্তু। ৩৭নং ঘাইপথ অতিক্ৰম কৰি জীৱ-জন্তুবোৰ যোৱাৰ বাবে বেৰিকেটৰ ব্যৱস্থা কৰিছে বন বিভাগে যাতে কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত নহয়। গাড়ীসমূহৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছে।
বানপানীৰ সুবিধা লৈ যাতে চোৰাং চিকাৰীয়ে গঁড় হত্য়া কৰিব নোৱাৰে তাৰ বাবে পহৰাৰ ব্যৱস্থা কৰাৰ লগতে চোকা নজৰ ৰাখিছে বনকৰ্মীসকলে।