নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটৰ সময়ত অত্যধিক মাচুল আদায় নকৰিবলৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক আহ্বান কেশৱ মহন্তৰ

নিয়মীয়া বাৰ্তা,  ২৬ মে’:  ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা এই বিপদৰ সময়ত ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়সমূহত যাতে ৰাইজে চিকিৎসা গ্রহণৰ বাবদ অভাৱনীয় হাৰত ধন ভৰিবলগীয়া নহয়, সেয়া সুনিশ্চিত কৰিবলৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহক আহ্বান জনাইছে কেশৱ মহন্তই৷

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহৰ কর্তৃপক্ষৰে কালি নিশা অনুষ্ঠিত এখন গুৰুত্বপূর্ণ বৈঠকত মন্ত্রীগৰাকীয়ে ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰি কয় যে ব্যক্তিগত চিকিৎসালয়ত ক’ভিড আক্রান্তৰ চিকিৎসাৰ ক্ষেত্রত ৰোগীৰ পৰা আদায় কৰা মাচুল চিকিৎসালয়ভেদে বৃহৎ ব্যৱধান থকাটো চৰকাৰে কোনো কাৰণতে গ্রহণ নকৰে৷ এই সংকটৰ সময়ত সামাজিক দায়বদ্ধতা আৰু মানৱীয়তাৰ দিশটো উপেক্ষা নকৰাকৈ তথা সংশ্লিষ্ট কর্তৃপক্ষই কোনো লোকচান নভৰাকৈ যিমানদূৰ সম্ভৱ কম চিকিৎসা মাচুল আদায়েৰে ৰাইজক সকাহ দিবলৈ তেওঁ আহ্বান জনায়৷

উল্লেখ্য যে কালি নিশা গুৱাহাটীস্থিত ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ কার্যালয়ত অনুষ্ঠিত বৈঠকত গুৱাহাটী মহানগৰীত ক’ভিড চিকিৎসা আগবঢ়োৱা ১৬খন অগ্রণী ব্যক্তিগত চিকিৎসালয়ৰ মুৰব্বীয়ে অংশগ্রহণ কৰে৷ তদুপৰি শিৱসাগৰ, যোৰহাট, ডিব্রুগড় আৰু বৰাক উপত্যকাৰ লগতে আন জিলাসমূহৰ প্রায় ডেৰ কুৰি আগশাৰীৰ ব্যক্তিগত প্রতিষ্ঠানৰ শীর্ষ কার্যবাহীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে এই বৈঠকত ভাগ লয়৷

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ডাঃ এছ লক্ষ্মণন, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰথীন্দ্র ভূঞাকে ধৰি বিভাগীয় শীর্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত মহন্তই ক’ভিড পৰিস্থিতিৰে মোকাবিলাত সহায় হোৱাকৈ ব্যক্তিগত চিকিৎসালয়সমূহে আগবঢ়াই অহা চিকিৎসা সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ একে সময়তে ক’ভিডবিৰোধী যুঁজখন অধিক ফলপ্রসূ কৰিবলৈ ব্যক্তিগত চিকিৎসালয়সমূহৰ পূর্ণ সহযোগিতাও কামনা কৰে স্বাস্থ্যমন্ত্রী মহন্তই৷

বৈঠকত তেওঁ কয় যে বহিঃৰাজ্যৰ দৰে অসমত যাতে ক’ভিড ৰোগীৰ বাবে বিছনাৰ অভাৱ ঘটিব নোৱাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে আগতীয়াকৈ ব্যৱস্থা গ্রহণ কৰিছে৷ সেয়েহে মানৱীয় দৃষ্টিভংগীৰ লগতে সামাজিক দায়বদ্ধতা পালন কৰি ব্যক্তিগত চিকিৎসালয়সমূহেও ক’ভিড আক্রান্তলৈ চিকিৎসা সেৱা আগবঢ়াব বুলি তেওঁ আশা প্রকাশ কৰে৷ বৈঠকখনতে স্বাস্থ্য বিভাগৰ প্রধান সচিব গোৱেলে ৰাইজলৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্রত ব্যক্তিগত চিকিৎসালয়সমূহক ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াই যাব বুলিও প্রকাশ কৰে৷

আনহাতে, আগন্তুক সময়ত ব্যক্তিগত চিকিৎসালয়সমূহে কম মূল্যত যাতে অক্সিজেন ক্রয় কৰিব পাৰে, তাৰ বাবে চৰকাৰে কার্য ব্যৱস্থা গ্রহণ কৰিব বুলি আশ্বাস দিয়ে গোৱেলে৷ দুই–তিনি দিনৰ ভিতৰতে স্বাস্থ্য বিভাগে এই সন্দর্ভত যথোচিত কার্যনীতি চূড়ান্ত কৰাৰ সম্ভাৱনা আছে৷

You might also like