নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ ক’ৰোনা মহামাৰীয়ে ৰাজ্যত আতংক সৃষ্টি কৰি থকা সময়তে আগন্তুক বাৰিষাত আন এক দুর্যোগৰ সন্মুখীন হ’ব লাগিব ৰাজ্যবাসী ৷ প্রথমবাৰৰ বাবে একে সময়তে দুটাকৈ দুর্যোগৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজ্য চৰকাৰ ৷ যাৰ বাবে ৰাজ্য চৰকাৰে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিছে৷ প্রতিখন জিলাতে প্রশাসন আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলৰ লগত আলোচনা অব্যাহত ৰাখিছে আৰু যি সমূহ আঁচনি গ্রহণ কৰিব লাগে সেই আঁচনিসমূহ ক্ষিপ্রতাৰে বাস্তৱায়িত কৰাত গুৰুত্ব দিয়া হৈছে ৷’ – শনিবাৰে যোৰহাট আৱর্ত ভৱনত অনুষ্ঠিত এক সংবাদ মেলত এই মন্তব্য কৰে জলসম্পদমন্ত্রী কেশৱ মহন্তই ৷ মন্ত্রী মহন্তই লগতে কয় যে ক’ৰোনা মহামাৰী সংক্রমণ ৰোধৰ বাবে সমগ্র দেশতে লকডাউন চলি থকা বাবে কাম–কাজসমূহ আগুৱাই নিয়াৰ ক্ষেত্রত অসুবিধা আহি পৰিছিল ৷ কিন্তু বর্তমান সময়ত নির্মাণৰ কাম কৰিব পৰাৰ অনুমতি পোৱাৰ পিছতে চলি থকা কামসমূহ অতি ক্ষিপ্র গতিৰে সম্পন্ন কৰাৰ চেষ্টা কৰা হৈছে আৰু কামৰ গুণগত মান সঠিক থকাৰ ক্ষেত্রত দৃষ্টি ৰখা হৈছে ৷
সমগ্র ৰাজ্যত বিগত বর্ষত ৩৮টা স্থানত মথাউৰি ছিগাত প্রায় সকলোকেইখন জিলাতে বান হৈছিল৷ ব্রহ্মপুত্র আৰু ইয়াৰ উপনদীসমূহৰ মুঠ ৩৮টা ছিগা অংশ ৬০০ কোটি টকা ব্যয় সাপেক্ষে মেৰামতি কৰি সম্পূর্ণ কৰা হৈছে৷ ইয়াৰে কিছু অংশত প্রয়োজন অনুসৰি মথাউৰি পুনৰ নির্মাণ কৰা হৈছে৷ যাৰ বাবে উক্ত অংশসমূহৰ পৰা বর্তমান সময়ত কোনো শংকা নাই বুলি মন্তব্য কৰে মন্ত্রী মহন্তই৷ তেওঁ কয় যে কিছুমান কামৰ বাবে বর্তমান নিবিদা আহ্বান কৰা হৈছে৷ এই কামসমূহো অতি সোনকালে আৰম্ভ কৰিব পৰা যাব৷ বর্তমান ৰাজ্যত এনে কিছু মথাউৰি যিসমূহ অতি বিপদসংকুল অৱস্থাত আছে, এনে স্থানসমূহৰ ক্ষেত্রতো যাৱতীয় আঁচনি প্রস্তুত কৰা হৈছে৷ আনহাতে সকলো স্থানতে অতি কম পক্ষেও নিৰাপত্তা সুনিশ্চিত কৰাৰ চেষ্টা কৰা হ’ব বুলি মন্তব্য কৰি মন্ত্রী মহন্তই কয় যে প্রতিকূল বতৰকো নেওচি ৰাইজক সকাহ দিব পৰাকৈ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ যোৰহাট জিলাৰ ক্ষেত্রত মন্তব্য কৰি তেওঁ কয় যে ৰয়েলৰোডত যি দেৱালৰ আঁচনি হাতত লোৱা হৈছিল সেয়া অতি সোনকালে সম্পূর্ণ কৰা হ’ব৷ এইক্ষেত্রত আৰবান পানী যোগানৰ পাইপসমূহৰ স্থান সলনি কৰাৰ ক্ষেত্রত কিছু সমস্যা আহি পৰিছিল বাবে বর্তমানো কাম সম্পূর্ণ কৰিব পৰা হোৱা নাই ৷ একেদৰে জাঁজী নৈৰ ক্ষেত্রতো আঁচনি গ্রহণ কৰা হৈছে৷ ভোগদৈ নৈৰ ক্ষেত্রত ইতিমধ্যে ৯০ শতাংশ কাম সম্পূর্ণ হৈছে বুলি স্পষ্ট কৰি দিয়ে মন্ত্রী মহন্তই৷ ইফালে বিগত বর্ষত হোৱা ভয়ংকৰ বানত ক্ষতিগ্রস্ত পৰিয়ালসমূহক চৰকাৰৰ তৰফৰ পৰা সহায় কৰা হ’ব বুলি মন্তব্য কৰি কয় যে যিবোৰ পৰিয়ালৰ ঘৰ–বাৰী ক্ষতি হৈছিল তেওঁলোকৰ বাবে চৰকাৰীভাৱে তথ্য সংগ্রহ কৰি ব্যৱস্থা গ্রহণ কৰা হ’ব আৰু খেতি মাটি নষ্ট হোৱা স্থানসমূহত কৃষি বিভাগৰ তৰফৰ পৰা মাটিসমূহ পুনৰ কৃষি উপযোগী কৰিব পৰাকৈ আঁচনি লোৱা হ’ব সংবাদ মেলত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাচা, বিধান সভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামী, বিধায়ক ভবেন্দ্র নাথ ভৰালী, ৰেণুপমা ৰাজখোৱা, ৰূপজ্যোতি কুর্মীৰ লগতে তিতাবৰ সমষ্টিৰ বিধায়কৰ প্রতিনিধি উপস্থিত থাকে৷ ইয়াৰ পূর্বে মন্ত্রী মহন্তই আৱর্ত ভৱনৰ সভাগৃহত ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাচা, বিধান সভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামীৰ লগতে জিলা প্রশাসন, সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়া আৰু আটাইকেইটা সমষ্টিৰ বিধায়কৰ সৈতে এক আলোচনাত মিলিত হৈ জিলাখনৰ বর্তমানৰ পৰিস্থিতি সম্পর্কে বুজ লয় ৷