নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেট হাইলাইটঃ ‘অৰুণোদয়’ৰ ধন প্ৰতি মাহে ১২৫০ টকালৈ বৃদ্ধি; বিনামূলীয়া পাঠ্যপুথি, হোষ্টেল মেছৰ প্ৰাপ্য ৰেহাই

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত আজি দাখিল কৰিছে ২০২২-২৩ বৰ্ষৰ বাবে ৰাজ্যখনৰ সাধাৰণ বাজেট।

১.পথ নিৰ্মাণৰ বাবে চাৰিখন নতুন আঁচনিৰ ঘোষণা – মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনি, মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ আঁচনি, মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনি আৰু মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনি। মথাউৰি পথসমূহৰ লগতে অন্যান্য পথৰ নিৰ্মাণ, উন্নীতকৰণ আৰু ৰক্ষণাবেক্ষণৰ বাবে এই আঁচনিসমূহ কাৰ্যকৰী কৰা হ’ব।

২.ভাৰত চৰকাৰ আৰু এ আই আই বিৰ সহযোগত ধূনাগুৰিৰ সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দুখন ডাঙৰ দলং নিৰ্মাণ। মাজুলীক বিহপুৰীয়া আৰু নিমাতীৰ সৈতে সংযোগ কৰা দলঙৰ নিৰ্মাণকাৰ্য চলি আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ উপযোগিতা বৃদ্ধিৰ বাবে উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ট্ৰেম্পেট জংচন নিৰ্মাণ কৰা হ’ব।

৩.২০২২-২৩ বৰ্ষত অসম মালাৰ অধীনত চাৰিটা পথ উন্নীত কৰাৰ লগতে ১৯খন নতুন অভাৰ ব্ৰীজ নিৰ্মাণ কৰা হ’ব। গুৱাহাটীৰ মানকাটা ৰোড, ডিব্ৰুগড়ত নতুন উৰণ সেতু প্ৰকল্প আৰু জি এন বি ৰোড, গুৱাহাটীত নতুন এলিভেটেড ৰোড আৰম্ভ কৰা হ’ব।

৪.কাৰ্বি আংলং আৰু শিলচৰত নতুন বিমানবন্দৰৰ লগতে নগাঁও, গেলেকী আৰু হাফলঙত ৩টা নতুন হেলিপ’ৰ্ট স্থাপনৰ প্ৰস্তাৱ। ডিফুত গ্ৰীনফিল্ড বিমানবন্দৰ স্থাপনৰ বাবে ভাৰত চৰকাৰৰ সৈতে সক্ৰিয় যোগাযোগ। ৰূপসী বিমানবন্দৰৰ বিকাশৰ বাবে ১৮০ একৰ বনভূমিৰ অধিসূচনা বাতিল কৰাৰ বাবে যৌথ জৰীপ।

৫.ভাৰত চৰকাৰ আৰু এ আই আই বিৰ সহযোগত ধূনাগুৰিৰ সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দুখন ডাঙৰ দলং নিৰ্মাণ। মাজুলীক বিহপুৰীয়া আৰু নিমাতীৰ সৈতে সংযোগ কৰা দলঙৰ নিৰ্মাণকাৰ্য চলি আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ উপযোগিতা বৃদ্ধিৰ বাবে উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ট্ৰেম্পেট জংচন নিৰ্মাণ কৰা হ’ব।

৬.একশৰণ ধৰ্ম সংৰক্ষণৰ ক্ষেত্ৰত পাটবাউসী সত্ৰত নতুন প্ৰকল্পৰ সৈতে বৰদোৱা থান, নাৰায়ণপুৰ আৰু গাংমৌ সত্ৰত প্ৰকল্প গ্ৰহণ কৰা হৈছে। অসম দৰ্শনৰ অধীনত ১২৬০টা নামঘৰলৈ ২.৫ লাখ টকাৰ আবণ্টন কৰা হ’ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰেক্ষাগৃহ নিৰ্মাণ ব্যয়ৰ বাবে ৫ কোটি টকা আগবঢ়োৱা হ’ব।

৭.অসম অভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিয়ে উমানন্দ, উজান বজাৰ, কুৰুৱা, গুইজান, ঘাঘৰ, কাছাৰী, গোৱালপাৰা, উত্তৰ গুৱাহাটী, অফালামুখ, নিমাতীঘাট, মাতমৰা আৰু দিচাংমুখত ব্ৰহ্মপুত্ৰৰ নদীত ৰাষ্ট্ৰীয় জলপথ ২-ত ১৩টা সৰু টাৰ্মিনেল বিকশিত কৰিব।

৮.যোৰহাটৰ হোলোঙাপাৰত লাচিত বৰফুকন সমাধি ক্ষেত্ৰত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ লক্ষ্যৰে এখন ডিজিটেল তথ্যচিত্ৰ নিৰ্মাণৰ লগতে দিল্লী আৰু মুম্বাইত বক্তৃতাৰ আয়োজন কৰা হ’ব। ১০,০০০ শ্বহীদৰ প্ৰতি সন্মান জনাই আলাবৈ যুদ্ধ স্মাৰক নিৰ্মাণ।

৯.যোৰহাট কাৰাগাৰক উত্তৰ-পূব মুক্তিযোদ্ধা স্মাৰক উদ্যান হিচাপে বিকশিত কৰা হ’ব। লগতে যোৰহাটৰ মণিৰাম দেৱান সমাধি আৰু গমধৰ কোঁৱৰ সমাধি ক্ষেত্ৰৰো পুনৰ নিৰ্মাণ কৰা হ’ব। আন্ত:ৰাষ্ট্ৰীয় পৰ্যটকক আকৰ্ষিত কৰিবলৈ শিৱসাগৰৰ ৰংঘৰত পোহৰ আৰু শব্দৰ অনুষ্ঠান সংযোজন ঘটোৱা হ’ব।

১০.গোৱালপাৰীয়া লোকগীতৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে ধুবুৰীৰ গৌৰীপুৰত প্ৰতিমা পাণ্ডে বৰুৱা সংগ্ৰহালয় নিৰ্মাণৰ ভূমি অধিগ্ৰহণৰ বাবে ১৫ কোটি টকা ধাৰ্য কৰা হৈছে।

১১.অসম লোকসেৱা আয়োগে ১৩,৫৭২টা তৃতীয় শ্ৰেণী আৰু ১৩,৭৮৭টা চতুৰ্থ শ্ৰেণীৰ পদ পূৰণ কৰিব আৰু ৩৫৮৭টা গ্ৰেড-১ আৰু ১৫৬৮টা গ্ৰেড-২ খালী পদ চূড়ান্ত কৰিব। ১ লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ বাবে শীঘ্ৰে শিক্ষা বিভাগ আৰু ষষ্ঠ অনুসূচী ক্ষেত্ৰত ৯৩০টা পদৰ বাবে অনুকম্পামূলক নিযুক্তি প্ৰদান কৰা হ’ব।

১২.অসম চৰকাৰে ইতিমধ্যে বাকী থকা ৭খন জিলাত ব’হাগ বিহুৰ পূৰ্বে অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ দ্বাৰা প্ৰথম শ্ৰেণীৰ হিতাধিকাৰীলৈ উদগনিমূলক সাহায্য প্ৰদান কৰিব। লগতে দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰীৰ অতিৰিক্ত ঋণ আৰু একাউণ্টসমূহ অনা-কাৰ্যকৰী সম্পদ হৈ পৰা তৃতীয় শ্ৰেণীৰ হিতাধিকাৰীৰ বকেয়া ঋণো পৰিশোধ কৰিব। নিৰ্ধাৰিত বাজেট : ২৫০০ কোটি টকা।

১৩.৫০ ইউনিট বিদ্যুতৰ বাবে ২৫০ টকা অতিৰিক্ত ৰাজসাহায্যৰ সৈতে পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা ‘অৰুণোদয়’ৰ ধন প্ৰতি মাহে ১২৫০ টকালৈ বৃদ্ধি। বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ পৰা ৬ লাখ অতিৰিক্ত হিতাধিকাৰী যোগ কৰা হ’ব।

১৪. বিশ্বজোৰা প্ৰসাৰৰ বাবে থলুৱা সংস্কৃতিৰ উপস্থাপনেৰে থলুৱা আৰু জনজাতীয় সংস্কৃতি আৰু ক্ৰীড়াৰ উত্তৰ-পূব উৎসৱ (North-East festival of Indigenous and Tribal Culture and Games) আয়োজনৰ প্ৰস্তাৱ। ইয়াৰ বাবে ১০ কোটি টকা ধাৰ্য কৰা হৈছে।

১৫.বিনামূলীয়া পাঠ্যপুথি, হোষ্টেল মেছৰ প্ৰাপ্য ৰেহাই, বি পি এল শিক্ষাৰ্থীসকলৰ বাবে নামভৰ্তি মাচুল ৰেহাই, মেধাৱী শিক্ষাৰ্থীসকলক স্কুটাৰ, ছাত্ৰীলৈ ১০,০০০ টকাৰ অনুদান, অভিনন্দন আঁচনিৰ অধীনত শিক্ষা ঋণ আৰু আনন্দৰাম বৰুৱা বঁটাৰ দ্বাৰা প্ৰজ্ঞান ভাৰতী আঁচনি অব্যাহত।

You might also like