নিয়মীয়া বাৰ্তা, ২০ মে’ : পুণৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ লোক। সুদূৰ কেৰেলাত সন্ধানহীন বাক্সা জিলাৰ শালবাৰী মহকুমাৰ আনন্দ বজাৰ উপ আৰক্ষী চকীৰ অন্তৰ্গত ডুমুৰুগুৰিৰ খৰ্গেশ্বৰ নাথ (৪৫)। শনিবাৰৰ পৰা সন্ধানহীন হৈ আছে তিনি সন্তানৰ পিতৃগৰাকী। দুই বন্ধুৰ সৈতে কেৰেলাৰ কন্যাকুমাৰীলৈ কাম কৰিম বুলি ওলাই গৈছিল খৰ্গেশ্বৰ নাথ। কিন্তু গন্তব্যস্থান গৈ নাপাওতেই ৰেলৰ ভিতৰৰ পৰাই সন্ধানহীন হৈ পৰে খৰ্গেশ্বৰ নাথ। খৰ্গেশ্বৰ সন্ধানহীন হৈ পৰাৰ খবৰ দুই বন্ধুৱে ফোনযোগে জনোৱাৰ পিছতে হাহাকাৰ লাগে পৰিয়ালৰ মাজত। খৰ্গেশ্বৰৰ পৰিয়ালে জানিবলৈ দিয়া অনুসৰি বুধবাৰে পুৱা কৰ্মৰ সন্ধানত ঘৰৰ পৰা খৰ্গেশ্বৰ নাথসহ দুই বন্ধু যাত্ৰা কৰিছিল কেৰেলাৰ কন্যাকুমাৰীলৈ। ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা যাত্ৰাপথত ফোনযোগে যোগাযোগ কৰি গৈছিল পত্নী পুত্ৰৰ সৈতে। আনকি ভিডিঅ’ কল কৰি হাহি হাহি কথা পাতিছিল পত্নীৰ সৈতে। কিন্তু শনিবাৰে দুই বন্ধুৱে হঠাতে খৰ্গেশ্বৰ সন্ধানহীন হোৱা বুলি পৰিয়ালক অৱগত কৰে। কেৰেলাৰ থ্ৰীশূল আৰু আলুভা ৰেল ষ্টেচনৰ মাজত চলন্ত ৰেলৰ ভিতৰত প্ৰস্ৰাৱ কৰিব বুলি দুই বন্ধুক নিজৰ মোবাইল ফোন হাতত তুলি ওলাই যায়। বহু সময় প্ৰস্ৰাৱগাৰৰ পৰা উভতি নহাত দুই বন্ধুৰ সন্দেহ উপজাত তাৎক্ষনাত বিচাৰ খোচাৰ কৰে যদিও খৰ্গেশ্বৰ সন্ধানহীন হৈ পৰে। পিছত বন্ধু দুজনে স্থানীয় ৰেলৱে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে আৰু পৰিয়ালক ফোনযোগে সমগ্ৰ ঘটনা বিৱৰি কয়। খৰ্গেশ্বৰৰ সন্ধাননহীন হোৱা খবৰ পাই কান্দোনত ভাগি পৰে পৰিয়াল। ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষী তথা ৰেলৱে বিভাগক খৰ্গেশ্বৰ সন্ধানহীন সন্দৰ্ভত অৱগত কৰিছে পৰিয়ালে। পেটৰ টাড়নাত বহিঃৰাজ্য কাম কৰিবলৈ যোৱা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী খৰ্গেশ্বৰ নাথৰ কোনো লোকে খৰ্গেশ্বৰৰ সন্ধান পালে স্থানীয় আৰক্ষী অথবা 9395237410 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালে।
প্ৰেৰক লৱ কুমাৰ দাস