নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ অপহৃত যুৱতীক ওদালগুৰিৰ হৰিশিঙাত উদ্ধাৰ

বাৰ্তা ব্যুৰ, গোৱালপাৰা ১৯ অক্টোবৰ: গোৱালপাৰাৰ পৰা অপহৃত যুৱতীক ওদালগুৰিৰ হৰিশিঙাৰ পৰা আজি পুৱতিনিশা আৰক্ষীয়ে উদ্ধাৰ কৰে। জানিব পৰা মতে গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত মাজেৰবড়িৰ প্ৰয়াত শিক্ষক চিন্তন ৰাভা আৰু যশোদা ৰাভাৰ কন্যা অঞ্জিলা ৰাভাই গোৱালপাৰা চহৰৰ কাৰবালাস্থিত আল-ছালাম হস্পিতালত নাৰ্ছ হিচাপে কৰ্মৰত আছিল। সেই বাবে কাৰবালাত ভাড়াঘৰত থাকিবলগীয়া হৈছিল। যোৱা ১৭ অক্টোবৰত যুৱতী নাৰ্ছগৰাকীক কোনো দুষ্টচক্ৰই অপহৰণ কৰিছিল। কালি পুৱা ১০.২০ বজাত যুৱতীগৰাকীৰ মাতৃক অচিনাকি ফোনযোগে মুক্তিপণ হিচাপে ২০ লাখ টকা বিচাৰে। তেতিয়া উপায়হীন হৈ যুৱতীগৰাকীৰ মাতৃয়ে দিনৰ ১২ বজাত এই বিষয়ে গোৱালপাৰা সদৰ থানাত এখনি এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰি মুক্তিপণ বিচৰা ফোন নম্বৰৰ ওপৰত ভিত্তি কৰি গোৱালপাৰা সদৰ থানাৰ আৰক্ষীয়ে ওদালগুৰি জিলাৰ হৰিশিঙাত ওৰেনিশা অভিযান চলাই আজি পুৱতি নিশা যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।  জানিব পৰা মতে গোৱালপাৰা চহৰৰ কাৰবলাত থকা ব্যক্তিগত চিকিৎসালয় আলছালামত  কৰ্মৰত থকাৰ সময়ত যোৱা ১৭ অক্টোবৰত হস্পিতাললৈ গৈ থকা অৱস্থাত অপহৰণকাৰী দলে যুৱতীগৰাকীক অপহৰণ কৰিছিল। আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰে যদিও অপহৰণকাৰী দলক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰক্ষীয়ে অপহৰণকাৰী দলক গ্ৰেপ্তাৰ কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে আৰু অচিৰেই অপহৰণকাৰীৰ দলটো আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তৎপৰতাৰে অভিযান চলাই যুৱতীগৰাকীক অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰাত পৰিয়াল তথা স্থানীয় ৰাইজে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে আৰু অচিৰেই অপহৰণকাৰী দলটোক কাৰায়ত্ত কৰি দৃষ্টান্তমুলক শাস্তি প্ৰদানৰ দাবী জনায়।
প্ৰেৰক উদিত নাৰায়ণ কলিতা
You might also like