নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলোকে কন্দুৱাই গুচি গ’ল অভিনেতা কিশোৰ দাস; মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

নিয়মীয়া বাৰ্তা, ২ জুলাই:  অসমবাসীক কন্দুৱাই গুচি গ’ল অসমীয়া ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা কিশোৰ দাস। দীৰ্ঘদিন ধৰি জটিল ৰোগত ভুগি অসুস্থ হৈ থকা অভিনেতা কিশোৰ দাসে চেন্নাইত চিকিৎসাধীন অৱস্থাতে শনিবাৰে অৱশেষত বিদায় মাগিলে।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰ দাস। গুৱাহাটীস্থিত ‘হেলথ চিটি’ত চিকিৎসাধীন হৈ থকাৰ পিছত উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল অভিনেতাগৰাকী ৷ মুম্বাইৰ পৰা চেন্নাইলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল কিশোৰক ৷ অৱশেষত চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই শনিবাৰে মৃত্যু হয় অভিনেতা কিশোৰ দাসৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৮ বছৰ ৷

ইপিনে জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ অকাল মৃত্যুত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰভাৱে শোক প্ৰকাশ কৰিছে। ২৮ বছৰীয়া অভিনেতাগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে নিচেই কম সময়ৰ ভিতৰতে নিজৰ প্ৰতিভা আৰু ব্যক্তিত্বৰে সকলোৰে নয়নৰ মণি হৈ পৰা কিশোৰ দাসৰ মৃত্যু প্ৰকৃততে এক সম্ভাৱনাৰ মৃত্যু৷ এই শোকাৰ্ত মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকত বিহ্বল হোৱা পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

You might also like