নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ মাহত ৬৮ কোটিৰ কৰ সংগ্রহ মহানগৰ জিলা পৰিবহণ বিভাগৰ

নিয়মীয়া বাৰ্তা, ২ জুলাই:  চলিত বিত্তীয় বর্ষৰ প্রথম তিনিটা মাহত যান–বাহনৰ বকেয়াসহ যাৱতীয় কৰ সংগ্রহৰ ক্ষেত্রত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া কার্যালয়ে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে বিগত তিনিটা বিত্তীয় বর্ষত প্রথম তিনি মাহত সংগৃহীত কৰৰ তুলনাত এহবাৰ সর্বাধিক ৬৮ কোটিৰ অধিক কৰ সংগ্রহ কৰি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া কার্যালয়ে পূর্বৰ সকলো অভিলেখ ভংগ কৰে৷ চলিত বিত্তীয় বর্ষৰ প্রথম তিনি মাহত সংগৃহীত ৬৮,২৩,২০,৪৫৩ টকাৰ বিপৰীতে পূর্বৰ তিনিটা বর্ষ ক্রমে ২০২১ বর্ষত ৩৯,০৯,৩৯,৪৪৫ টকা, ২০২০ত ২০,৩৪,১১,১৪২ টকা আৰু ২০১৯ত ৪৯,৯৩,০১,০৩১ টকা কৰ সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷

চলিত বিত্তীয় বর্ষৰ প্রথম তিনি মাহৰ শেষৰ দিনটোত পৰিবহণ বিষয়াৰ কার্যালয়ত ব্যাপক সমাগম হোৱাত কৰদাতাসকলৰ সুবিধার্থে তিনিটাকৈ অতিৰিক্ত কৰ সংগ্রহ কেন্দ্র মুকলি কৰিবলগীয়া হয়৷ কৰ সংগ্রহৰ এই তথ্য সদৰী কৰি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে আধুনিক তথ্য প্রযুক্তিৰ সহায়ত কৰ অনাদায়ীসকলক চিনাক্ত কৰি কার্যালয়ত অস্থায়ীভাৱে স্থাপিত কল চেণ্টাৰৰ জৰিয়তে তেওঁলোকলৈ সঘনে ফোন কৰাৰ উপৰি কৰ অনাদায়ীৰ ঘৰ, ব্যক্তিগত উদ্যোগ–প্রতিষ্ঠান আদিতো বিভাগৰ দল উপস্থিত হৈ কৰ আদায়ৰ বাবে জাননী প্রেৰণ কৰাত কৰদাতাসকলৰ মাজত সজাগতা আৰু সচেতনতা বৃদ্ধি পায়৷ এইক্ষেত্রত অনাগত দিনত তেওঁ সকলো যান–বাহন ব্যৱহাৰকাৰীকে সময় মতে যাৱতীয় কৰ পৰিশোধ কৰি নিজৰ বাহনখন বৈধ কৰি ৰাখি ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়৷

You might also like