নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ অক্টোবৰ, কাতি মাহৰ ৮ তাৰিখ
বৃহস্পতিবাৰঃ তিথি–শুক্লা দ্বাদশী, নক্ষত্রঃ পূর্বভাদ্রপদ, যাত্রাঃ নাই

মেষঃ কর্মতৎপৰতা থাকিব৷ কিন্তু শৰীৰ ভালে নাযাব পাৰে৷ ব্যৱসায়ীসকলে কোনো সম্ভাব্য যোগাযোগৰ বাবে চেষ্টা কৰি চাব পাৰে৷ প্রেমত মতবিৰোধ৷ বিদ্যাত উৎসাহ৷

বৃষঃ উদ্বেগৰ মাজেৰে আপুনি কর্ম আৰু যোগাযোগ ৰক্ষা কৰিব পাৰিব৷ বিদ্যার্থীৰ বাবে শুভাশুভ৷ কর্ম সম্বন্ধীয় কামত কষ্টেৰে প্রগতি কৰিব৷

মিথুনঃ কোনো কাৰণত বুদ্ধিদীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হ’ব৷ বিদ্যাতো বেয়া নহ’ব৷ ব্যৱসায়–বাণিজ্যত আয় বৃদ্ধিৰ কাৰকতা৷ শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি৷

কর্কটঃ আর্থিকত বাধা কম পাব৷ কিন্তু কোনোৱে কর্মস্থানত কেইটামান দিশত চিন্তিত হ’ব পাৰে৷ বিদ্যাত শুভাশুভ ফল পাব৷ শৰীৰো মধ্যম৷ পাৰিবাৰিক শুভ৷

সিংহঃ মাজে মাজে গভীৰ চিন্তাই জুমুৰি দি ধৰিব৷ কর্মস্থানত সচ্ছলতা নাথাকিব৷ শৰীৰ মধ্যম৷ দাম্পত্যত মজলীয়া প্রভাৱ পৰিব৷ কাকো ৰুক্ষ ব্যৱহাৰ নকৰিব৷

কন্যাঃ আর্থিক দিশত ধনাত্মক হ’ব পাৰে৷ কর্মক্ষেত্রত দক্ষতা বৃদ্ধি পাব৷ ব্যৱসায়ত শুভ ফল পাব৷ বিদ্যার্থীৰ কিছু বেমেজালি আহিব পাৰে৷ প্রেমত শুভ৷ দাম্পত্যত সাধাৰণ মতান্তৰ৷

তুলাঃ আর্থিক দিশত প্রয়োজনীয় সম্পদাদিৰ বাবে খৰচৰ বাট ওলাব৷ ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষ শুভ নহ’ব৷ শত্রুৰ পৰা মিত্র যোগৰ আশা৷ বিয়া–বাৰুৰ সংযোগ৷

বৃশ্চিকঃ নিৰাশ কর্মচিন্তা, ভ্রমণাদিৰ যোগ থাকিব৷ কোনো অপৰাধীৰ কথাত মতত অস্থিৰতা থাকিব৷ ব্যৱসায়ত প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ পাৰিবাৰিক শুভ৷

ধনুঃ অস্থিৰ চিন্তা বাদ দিয়াটো ভাল৷ চকুৰ আমনি দেখা যায়৷ কর্ম আৰু পাৰিবাৰিক ক্ষেত্রত শুভ ফল পাব৷ দাম্পত্যত সিমান আনন্দ নাথাকিব৷ বিদ্যাত শুভ৷

মকৰঃ কর্মস্থানত গতানুগতিক পৰিৱেশ বিৰাজ কৰিব৷ প্রাপ্য সুযোগ ব্যৱহাৰ কৰাত সাৱধান থকাটো ভাল৷ ভ্রমণত লাভজনক ফল পাব৷

কুম্ভঃ শিল্পকলাত পাৰদর্শিতা থাকিব৷ আর্থিক দিশত খৰচৰ পথ মুক্ত থাকিব৷ অংশীদাৰী ব্যৱসায়ত লাভৰ কাৰকতা৷ দূৰ ভ্রমণৰ যোগ।

মীনঃ হাতত লোৱা কার্যসূচীৰ সুস্থ সমাধান পাব৷ সুঃচিন্তা আৰু আপোনাৰ ভদ্রতাৰ বাবে অনুকূলতাৰ প্রভাৱ পেলাব৷ নতুন কোনো আশা পূৰণ হ’ব৷

You might also like