নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আজি ২৪ মার্চ,চ’ত মাহৰ ১০ তাৰিখ
সোমবাৰঃ তিথি– কৃষ্ণা দশমী, নক্ষত্রঃ উত্তৰাষাঢ়া, যাত্রাঃ শুভ

মেষঃ মানসিক অস্থিৰতা দূৰ হ’ব৷ তথাপি শৰীৰটো অৱশ যেন অনুভৱ হ’ব৷ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

বৃষঃ ব্যৱসায়ত উন্নতি লাভৰ সম্ভাৱনা৷ আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব৷ মাটি–বাৰীৰ লেনদেনত সাৱধান হ’ব৷ আৰক্ষী তথা সামৰিক বাহিনীত কাম কৰাসকলৰ বাবে পদোন্নতিৰ যোগ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৪৷

মিথুনঃ সন্তানৰ সাফল্যই আপোনাক আনন্দিত কৰিব৷ প্রতিৱেশীৰ লগত সদ্ভাৱ ৰাখিব৷ বিদ্যা ক্ষেত্রত শুভ ফল লাভৰ পৰা বঞ্চিত হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্যত লাভ বৃদ্ধিৰ কাৰকতা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷

কর্কটঃ কর্মক্ষেত্রত নানা বেমেজালিৰ বাবে মনটো অস্থিৰ হ’ব পাৰে৷ খেলা–ধূলাৰ লগত জড়িতসকলে সুফল পাব৷ মাটি–বাৰী ক্রয় কৰাৰ ক্ষেত্রত তৃতীয় ব্যক্তিৰ লগত যোগাযোগ নকৰিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

📌 ‘ৰক্ষকেই যেতিয়া ভক্ষক হয়, তেতিয়া কৰিবলগীয়া একো নাথাকে।’ 📌 HSৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ভাইৰেল হোৱা স্কুলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

সিংহঃ পানী লগা, কাহ আদি ৰোগ হ’ব পাৰে৷ শৰীৰ মধ্যম৷ কর্মক্ষেত্রত মানসিক অস্থিৰতা বৃদ্ধি পাব৷ মোকর্দমা আদিত সফলতা আহিব৷ চুবুৰীয়াৰ লগত মনোমালিন্য হ’ব পাৰে৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৭৷

কন্যাঃ ব্যৱসায় সম্প্রসাৰণৰ যোগ দেখা যায়৷ দৈহিক দিশত পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা৷ অন্ধবিশ্বাসেৰে সৃষ্টিমূলক কাম কৰিলে সফল হ’ব৷ যান–বাহন কিনাৰ ক্ষেত্রত বাধা নাই৷ শুভ ৰং ক’লা৷

তুলাঃ আপোনাৰ মানসিক ৰোগ বৃদ্ধি পাব৷ মনোবল বৃদ্ধি পাব৷ নতুন পৰিকল্পনাত ব্যৱসায়ত উন্নতি লাভৰ কাৰকতা৷ সু–বন্ধু লাভ৷ প্রেমত আহুকাল নাথাকিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷

বৃশ্চিকঃ আর্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচৰ মাত্রা বাঢ়িব৷ ঘৰুৱা তথা কর্মস্থানত বিশেষ আহুকাল নাপাব৷ পিতৃৰ খুব বেয়া নহয়৷ অৱশ্যে শাৰীৰিক যত্ন ৰখাটো দৰকাৰ হ’ব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷

ধনুঃ বৈষয়িক ক্ষেত্রত নিজৰ দুর্বলতাৰ বাবে সমস্যাত পৰিব পাৰে৷ কর্মস্থানত সামগ্রিক ক্ষেত্রত আশাপূর্ণ যোগাযোগ পাব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৪৷

মকৰঃ দাম্পত্যত বিশেষ পৰিৱর্তন নাই৷ সন্তানৰ বাবে মধ্যম৷ নিকট আত্মীয়ৰ কোনো কথাত চিন্তিত৷ বিয়া–বাৰুৰ যোগাযোগত শুভ৷ ব্যৱসায়ীসকলৰ দূৰ ভ্রমণ সফল হ’ব পাৰে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷

কুম্ভঃ চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়৷ বিদ্যাত অশুভ নহ’ব৷ কর্মত তৎপৰতা থাকিব৷ শৰীৰৰ প্রতি যত্ন ৰখাটো বিশেষ দৰকাৰ হ’ব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷

মীনঃ কর্মক্ষেত্রত সহকর্মীৰ ব্যৱহাৰৰ সন্তোষ নাপাব পাৰে৷ বিদ্যাত জটিলতা কম৷ দাম্পত্যত নিজৰ বিচাৰক অগ্রাধিকাৰ দিব লাগিব৷ অংশীদাৰী ব্যৱসায়ত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

You might also like