নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানক আজিৰ দিনটোৰ ৰাশিফল

জানক আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ মে’, জেঠ মাহৰ ১৩ তাৰিখ
বুধবাৰঃ তিথি– শু প্রতিপদ, নক্ষত্রঃ মৃগশিৰা, যাত্রাঃ নাই

মেষঃ স্বাস্থ্যৰ বাবে আজি দিনটো ভাল হ’ব৷ বহুত বেছি মানসিক হেঁচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হ’ব পাৰে৷ ব্যৱসায় বা কর্মক্ষেত্রত অশান্তি হ’ব পাৰে৷ ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

বৃষঃ মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণসমূহ সমাধান কৰক৷ আর্থিক পৰিস্থিতিৰ উন্নতি হ’ব পাৰে৷ শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্রত অশান্তি থাকিব৷ সংখ্যাতত্ত্বৰ মতে ক্ষতি কাৰক৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৪৷

মিথুনঃ আপোনাৰ উর্জা স্তৰ আজি অধিক থাকিব৷ মানসিক, প্রেম–প্রীতি আৰু সাংসাৰিকত দুশ্চিন্তাৰ কাৰক৷ আপুনি নিজে ভাল আৰু আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিব৷ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ১৷

কর্কটঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব পাৰে৷ তেল আৰু মছলাযুক্ত খাদ্য গ্রহণৰ পৰা বিৰত থাকক৷ সাহিত্যিক, শিল্পী, খেলুৱৈ নতুন উন্নতিমূলক কর্মত নিয়োজিত হ’ব৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৩৷

সিংহঃ দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব৷ আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূর্ণ সম্ভাৱনা আছে৷ ব্যৱসায় আৰু কর্মক্ষেত্রত লাভৰ যোগ৷ শিক্ষার্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্রত কিছু অশান্তি হ’ব পাৰে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

কন্যাঃ মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত, তেতিয়াহে সর্বাংগীণ বিকাশ সম্ভৱ৷ শাৰীৰিক কষ্টৰ বাবে ব্যৱসায়ত সময় নষ্ট হ’ব পাৰে৷ শিক্ষার্থীৰ শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

তুলাঃ মধ্যম ফল৷ উর্জাৰ এই অসীমিত পৰিমাণত আজি ভাল কামত খটুৱাওক সাৱধানেৰে আর্থিক নিৰোগ কৰক৷ আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব৷ দাম্পত্যত চিন্তা৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৫৷

বৃশ্চিকঃ যিবোৰ মানুহ দীর্ঘদিনীয়া অর্থ সংকটত ভুগি আছিল সিহঁতৰ ধন প্রাপ্তিৰ সম্ভাৱনা আছে৷ যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ’ব৷ বৈবাহিক জীৱনৰ দিশেৰে চালে বহুত বস্তু আজি ভালে যাব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৬৷

ধনুঃ আর্থিক দিশত ভাল চলি থকা বাবে আপুনি জৰুৰী বস্তুবোৰ কিনাত সহজ হ’ব৷ মনত অত্যন্ত কুটীল প্রশ্ণই তোলপাৰ লগাব পাৰে৷ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৩৷

মকৰঃ যিকোনো কাম আৰম্ভ কৰাৰ বাবে আজি দিনটো বেছি ভাল নহয়৷ শিক্ষার্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব পাৰে৷ সাহিত্যিক, শিল্পী, খেলুৱৈ নতুন উন্নতিমূলক কর্মত নিয়োজিত হ’ব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷

কুম্ভঃ পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্তি দিন উপভোগ কৰক৷ নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰাৰ বাবে আজি শুভ আৰু ভাল দিন৷ শুভ ৰং মটীয়া৷ শুভ সংখ্যা ৮৷

মীনঃ অশান্তিৰ পৰা সাৱধান থকা দৰকাৰ৷ সন্তানৰ দ্বাৰা অর্থ হানি হ’ব পাৰে৷ অচিনাকি লোকৰ পৰা দূৰত থাকিব৷ স্বাস্থ্যৰ প্রতি অলপ মনযোগ দিয়া দৰকাৰ৷ শুভ ৰং গোলপীয়া আৰু সোণালী৷ শুভ সংখ্যা ১৷

You might also like