নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল
আজি ৩০ মে’, জেঠ মাহৰ ১৫ তাৰিখ
শুকুৰবাৰঃ তিথি– শুক্লা চতুর্থী, নক্ষত্রঃ পুনর্ব্বসু, যাত্রাঃ শুভ

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ শুভ ৰং বগা, সংখ্যা ৩৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ যিকোনো কাম কৰিলে সফল হ’ব৷ ব্যৱসায়ত ভাল ফল পাব৷ তুলসীৰ পূজা কৰিব৷

বৃষঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ২৷ ঘৰলৈ মূল্যৱান বস্তু অহাৰ সম্ভাৱনা আছে৷ যিকোনো ভাল কাম কৰিলে সুফল পাব৷ বন্ধুৰ লগত বিচ্ছেদ ঘটিব পাৰে৷

মিথুনঃ শুভ ৰং হালধীয়া, সংখ্যা ৫৷ আপুনি কৰা ভুলৰ বাবে আনে কষ্ট পাব লগা হ’ব পাৰে৷ চাকৰিয়ালসকলে নিজৰ কামত মন দিয়ক, অন্যথা ক্ষতি হ’ব৷

কর্কটঃ শুভ ৰং বগা, সংখ্যা ৮৷ মূল্যৱান বস্তুৰ ক্ষতি হ’ব পাৰে৷ মাটিৰ সীমাক লৈ সমস্যা হ’ব পাৰে৷ কর্মত বাধা পাব৷ ঘৰৰ উত্তৰ কোণত খুঁটি এটা মাৰি তাত এখন ৰঙা কাপোৰ বান্ধিব আৰু গুৰিত ধূপ–চাকি জ্বলাব৷

সিংহঃ শুভ ৰং আকাশী নীলা, সংখ্যা ৯৷ ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব৷ টকা–পইচাৰ অভাৱ বাঢ়িব৷ অলপ চেষ্টা কৰিলে কর্মসংস্থাপন লাভ কৰিব পাৰিব৷

কন্যাঃ শুভ ৰং গুলপীয়া, সংখ্যা ২৷ খং দমাই ৰাখিব, অন্যথা ক্ষতি হ’ব৷ যুটীয়াকৈ কৰা ব্যৱসায়ৰ ব্যৱসায়ীৰ মতানৈক্য হৈ সংঘাত আহিব পাৰে৷

তুলাঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ চাকৰিয়ালসকলে আজি টকা–পইচাৰ লেনদেন নকৰা ভাল৷ পুৰণা ৰোগ থকাসকলৰ পীড়া বৃদ্ধি পাব৷ সন্তানে সমাজত সুনাম পাব৷

বৃশ্চিকঃ শুভ ৰং বগা, সংখ্যা ৪৷ অচিন শত্রুৰ পৰা ক্ষতি হোৱাৰ ভয়৷ চাকৰিয়ালসকলে সন্মান লাভ কৰিব৷ ব্যৱসায়ত লোকচানৰ আশংকা আছে৷ সন্তানে দুখ দিব৷

ধনুঃ শুভ ৰং গেৰুৱা, সংখ্যা ৮৷ টকা–পইচাৰ লেনদেন কৰোঁতে সাৱধান হ’ব৷ আর্থিক ক্ষতিৰ যোগ৷ শিক্ষার্থীয়ে ভাল ফল দেখুৱাব পাৰিব৷ ব্যৱসায়ত শুভ৷

মকৰঃ শুভ ৰং হালধীয়া, সংখ্যা ২৷ পুৰণা ৰোগত ভুগি থকাসকলে খোৱা–বোৱাত বিশেষ ধ্যান ৰাখিব৷ পাবলৈ থকা টকা হাতলৈ আহিব৷

কুম্ভঃ শুভ ৰং নীলা, সংখ্যা ৩৷ বিবাহ সম্পর্কে চলি থকা কথা–বতৰাৰ আজি ভাল খবৰ পাব৷ আত্মীয়ৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে৷ হাত–ভৰিত আঘাত পাব পাৰে৷

মীনঃ শুভ ৰং সেউজীয়া, সংখ্যা ৫৷ আনক উপকাৰ কৰিবলৈ গৈ ক্ষতি হোৱাৰ ভয়৷ দুর্ঘটনাৰ প্রবল সম্ভাৱনা আছে৷ সন্তানৰ ভুলৰ বাবে লাজত পৰিব৷

You might also like