নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোচ ৰাজবংশী ভাষাক চলিত বিধানসভাৰ অধিৱেশনতেই শিক্ষাৰ মাধ্যম হিচাপে ঘোষণা কৰাৰ দাবী কোচ ৰাজবংশী সাহিত্য সভাৰ

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ অসমৰ ভূমিপুত্ৰ কোচৰাজবংশী সকলোৰ মাতৃভাষা তথা গৃহ ভাষা ৰাজবংশী ভাষাক চলিত বিধান সভাৰ অধিৱেশনতেই ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ জৰিয়তে শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ দাবী জনাইছে কোচৰাজবংশী সাহিত্য সভাই । আজি এক সংবাদমেল অনুষ্ঠিত কৰি কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰন সম্পাদক কমল কুমাৰ বৰ্মনে কয় যে যোৱা ১৯ আগষ্ট দিনা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো , ৪ অক্টোবৰ অসমৰশিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগু , আৰু ২৮ ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি কোচ ৰাজবংশী ভাষাক পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ বাবে আলোচনা কৰিছে যদিও আজিৱলৈকে কোনো ধৰনৰ পদক্ষেপ লোৱা নাই । অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰখনে ভূমিপুত্ৰ কোচৰাজবংশী জনগোষ্ঠীৰ ওপৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই যদিও সেই একে জনগোষ্ঠীৰ বাবে চুবুৰীয়া ৰাজ্য পশ্চিম বংগত ২০০০ খন প্ৰাথমিক বিদ্যালয়ত ৰাজবংশী ভাষাক ৫ ম শ্ৰেনীলৈ শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰি অধিসূচনা জাৰি কৰিছে । ইয়াৰ পিছত ৯ মাৰ্চত ৩৯৬ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ পদ মঞ্জুৰী দিয়ে পশ্চিম বংগ চৰকাৰে । আনফালে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগুৱে ৭ ফেব্ৰুৱাৰী অসমৰ খিলঞ্জীয়া জনজাতীয় কাৰ্বি , মিচিং ৰাভা , তিৱা, দেউৰী , ভাষাক প্ৰাথমিক স্বীকৃতি দিয়াৰ সিদ্ধান্তক আদৰনি জনায় যদিও অসমৰ দ্বিতীয় সংখ্যা গৰিষ্ঠ খিলঞ্জীয়া ভূমিপুত্ৰ কোচৰাজবংশী জনগোষ্ঠীৰ মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি নিদিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । উক্ত সংবাদমেলতেই কোচৰাজবংশী সাহিত্য সভাৰ সাধাৰন সম্পাদক কমল কুমাৰ বৰ্মনে চলিত বাজেট অধিবেশনতে কোচৰাজবংশী জনগোষ্ঠীৰ মাতৃভাষাক পঞ্চম শ্ৰেনীলৈ শিক্ষাৰ মাধ্যম ঘোষণা কৰাৰ দাবী জনায় । এইদাবীক যদি গুৰুত্ব প্ৰদান নকৰে তেনেহলে কোচৰাজবংশী সাহিত্যসভাই অনাগত দিনত তীব্ৰ ভাবে গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও প্ৰকাশ কৰে । আজিৰ সংবাদমেলত কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনৰ লগতে পিনাকী ৰায় আদিৰ উপৰি অইন অইন কৰ্মকৰ্তাসকলো উপস্থিত থাকে ।
প্ৰেৰক কৃষ্ণ বৰ্মন 

You might also like