নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোচ ৰাজবংশীক প্ৰতাৰণা কৰিলে অস্ত্ৰ লোৱাৰ হুংকাৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ “সুদীৰ্ঘ আঢ়ৈ দশক ধৰি সশস্ত্ৰ সংগ্ৰাম চলাই অহা সংগ্ৰামী নেতাজনক উপলুঙা কৰাটো কোচ ৰাজবংশীয়ে সহ্য নকৰে। সশস্ত্ৰ সংগ্ৰামৰ পৰা শান্তি আলোচনাৰ পথ মুকলি কৰা সংগ্ৰামী নেতাজনক উপযুক্ত সন্মান চৰকাৰে দিব লাগিব। অসমীয়া সমাজ গঠনত কোচ ৰাজবংশী সকলৰ অৱদান আছে।  গুৰুজনাৰ মহান সৃষ্টিৰাজি নৰনাৰায়ণ দৰবাৰৰ পৰাই হৈছিল। অসমৰ বৰভেটি নিৰ্মাণ হৈছিল এই নৰনাৰায়ণ দৰবাৰ পৰাই। গতিকে কোচ ৰাজবংশীসকলক বাৰে বাৰে প্ৰতাৰিত কৰি থাকিলে অনাগত সময়ত সশস্ত্ৰ সংগ্ৰামৰ বাদে গত্যন্তৰ নাই—” এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম চৰকাৰৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰণৱ নাৰায়ন দেৱে। দুলীয়াজান ক্লাৱত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ বার্ষিক সাধাৰণ সভাত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত সম্প্ৰতি চৰ্চা চলি থকা প্ৰসংগ লৈ এইদৰে পুনৰ সশ্ৰস্ত্ৰ সংগ্ৰামৰ পৰিৱেশ ঘুৰাই অনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অধ্যক্ষ তথা সভাপতি গৰাকীয়ে। উল্লেখযোগ্য যে কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ কে এল অ’ৰ অধ্যক্ষ জীৱন সিংহই শান্তি আলোচনাৰ পথ প্ৰশস্ত কৰি ম্যানমাৰৰ অৰণ্যৰ পৰা ভাৰতৰ ভূমিত পদাপৰ্ণ কৰাৰ পাছতেই এতিয়া কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে আলোচনাৰ প্ৰাসংগিকতা লৈ নৰম স্হিতি গ্ৰহণ কৰাত কোচ ৰাজবংশীসকলৰ বিগত সময়ৰ বহু জল্পনা কল্পনা ইতি পৰাৰ ইংগিত বহন কৰিছে। ইফালে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ প্ৰস্তাৱক অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই নস্যাৎ কৰাত কোচ ৰাজবংশী সংগঠনসমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এইক্ষেত্ৰত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ৰাজ্যিক সম্পাদক জয়ন্ত ডেকাই সংবাদমাধ্যমক কয় যে সশস্ত্ৰ সংগ্ৰামীসকলৰ লগতে কোচ ৰাজবংশী সম্প্ৰদায়ৰ ছাত্ৰ সংগঠনসমূহেও পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী তুলি আহিছে যদিও তেওঁলোকৰ মূল দাবী হৈছে জনজাতিকৰণহে। এই লৈ বিগত সময়ত বহু আন্দোলন সংগ্ৰাম চলাই আহিছে সংগঠনসমূহে। যদিহে ৰাজবংশীসকলে পৃথক এখন ৰাজ্য লাভ কৰে তেন্তে তেওঁলোকৰ জাতি-জনগোষ্ঠী সমূহ বিভিন্ন ক্ষেত্ৰত সুৰক্ষিত হ’ব বুলি দাবী কৰে কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ নেতাজনে। আনহাতে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ বার্ষিক সাধাৰণ সভাৰ উপলক্ষে আজি পুৱাতে পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰণৱ নাৰায়ন দেৱে। বীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰণাদীপ্ত কুমাৰ বৰ্মনে। শ্বহীদ তৰ্পণ কৰে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ৰাতুল ভৰালীয়ে। কেন্দ্ৰীয় সমিতিৰ সম্পাদকে আঁত ধৰা মুকলি সভাত আদৰণী ভাষণ আগবঢ়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ডঃ হৰেন্দ্ৰ নাৰায়ণ দত্তই । প্ৰায় ২০ খন জিলাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰা এই বাৰ্ষিক সাধাৰণ সভাৰ প্ৰতিনিধি সভাতে সন্মিলনীৰ পুৰণি স‌ংবিধানখনৰ কেইবাটাও দফা সংশোধন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে সমিতিয়ে। এই সভাত উপস্থিত থাকে কেন্দ্ৰৰ কেইবাগৰাকী বিষয়ববীয়া লগতে ডিব্ৰুগড় জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ভূপেন শইকীয়া, জিলা যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি দুগ্ধ বড়া, ৰাজ্যিক সন্মিলনীৰ সভানেত্ৰী আৰু ডিব্ৰুগড় জিলা মহিলা সন্মিলনীৰ সভানেত্ৰী জুনু দত্ত সহ অন্যান্য সদস্য।   

প্ৰেৰক কৃষ্ণা গগৈ

You might also like