নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াৰ ফাইজানৰ মৃতদেহ কবৰ খান্দি মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ কলকাতা হাইকৰ্টৰ

নিয়মীয়াবাৰ্তা, ২৫ এপ্ৰিল : ২০২২ বৰ্ষৰ ১৪ অক্টোবৰত ৰহস্যজনক অৱস্থাত আই আই টি খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়া চহৰৰ ছাত্ৰ ফাইজান আহমেদৰ অৰ্ধগলিত মৃতদেহ  হোষ্টেলৰ এটা কোঠাৰ পৰা উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ ভাৰততে সৃষ্টি কৰিছিল চাঞ্চ্যলৰ। আজি পৰ্যন্ত এই সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত। ঘটনা সংঘটিত হোৱা দিন ধৰি প্ৰায় ছমাহ উকলি যোৱাৰ পাছত ফাদিল হৈছে যে ফাইজান আহমেদৰ হত্যা কৰা হৈছিল। আত্মহত্যা কৰা নাছিল ফাইজানে। পৰিয়ালে হত্যাকাণ্ড বুলি বাৰাম্বাৰ দাবী কৰা পাছতো কলকাতা আৰক্ষীয়ে বিষয়তো গুৰুত্ব সহকাৰে নোলোৱাত সমগ্ৰ বিষয়টো চিবিআইৰ হাতত পৰিছিলগৈ। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰি চিবিআইৰ তদন্ত কৰা লগতে কলকাতা চৰকাৰক নিৰপেক্ষ তদন্ত কৰিবলৈ আহ্বান জনাইছিল। পৰৱৰ্তীকালত এই সমগ্ৰ ঘটনা  চিবিআইৰ তদন্তত হত্যাকাণ্ড বুলি পোহৰলৈ আহে। ফাইজান আহমেদৰ মাতৃয়ে জানিব দিয়া অনুসৰি তদন্তত ফৰেনচিক চিকিৎসকগৰাকীৰ অনুসৰি মৰণোত্তৰ পৰীক্ষা সময়ত কৰা ফটোগ্ৰাফীত কিছু বিসংগতি দেখা গৈছিল। মৃতদেহটোত আঘাট প্ৰাপ্ত ঠাই সমূহৰ ফটোগ্ৰাফী কৰা হোৱা নাছিল। চিকিৎসগৰাকীৰ এইক্ষেত্ৰত কিছু সন্দেহ ওপজাত তেখেতে ফইজানৰ মৃত্যু আত্মহত্যা নহয় হত্যাহে বুলি উল্লেখ কৰি মৃতদেহটো  পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে  উচ্চ ন্যায়ালয়ত আবেদন জনাই। আজি এই আবেদনৰ শুনানি স্বৰূপে কলকাতা উচ্চ ন্যায়ালয়ে ফইজানৰ মৃত্যু হত্যাকাণ্ড বুলি এক গুৰুত্বপূৰ্ণ ৰায় দিয়া লগতে এমাহৰ ভিতৰতে কঠোৰ নিৰাপত্তাৰ মাজত পুনৰ মৃতদেহটো কবৰ খান্দি উলিয়াই   মৰণোত্তৰ পৰীক্ষাৰ   কৰিবৰ বাবে কলকাতালৈ অনাৰ নিৰ্দেশ জাৰি কৰে। খড়গপুৰ আই আই টিৰ কৰ্তৃপক্ষই ফাইজান আহমেদৰ হত্যাকাণ্ড আত্মহত্যা বুলি দাবী কৰাটো ৰহস্যজনক। কোনোবা তৃতীয় পক্ষক সুৰক্ষিত কৰিবলৈ আই আই টিৰ কৰ্তৃপক্ষই এনে কৰিছে বুলি সন্দেহ প্ৰকাশ কৰে ফাইজান আহমেদৰ মাতৃয়ে । লগতে এই তদন্ত প্ৰক্ৰিয়াৰ প্ৰতি সঁহাৰি জনায় ফাইজান আহমেদৰ পিতৃ মাতৃয়ে “আমাৰ বেটাই ন্যায় পোৱাৰ আশা দেখিছোঁ” বুলি কয়।
প্ৰেৰক সুৰজ দাস
You might also like