নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ক’ৰোনাকালত স্তব্ধ হৈ পৰা অসমীয়া চলচ্চিত্র জগতলৈ সুখবৰ৷ ৫১সংখ্যক ইণ্ডিয়ান পেনোৰামালৈ নির্বাচিত হৈছে কৃপাল কলিতাৰ অসমীয়া ছবি ‘ব্রিজ’৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ছানফ্রান্সিস্ক’ৰ ১৮সংখ্যক অকলেণ্ড আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রিমিয়াৰ হোৱাৰ লগতে বিশ্বৰ ১৬খনতকৈ অধিক চলচ্চিত্র মহোৎসৱত অংশগ্রহণেৰে সুখ্যাতি অর্জন কৰা কৃপাল কলিতা পৰিচালিত ‘ব্রিজ’ ইণ্ডিয়ান পেনোৰামালৈ নির্বাচিত হোৱাটো আশাব্যঞ্জক খবৰ৷ অসমৰ বিভিন্ন জ্বলন্ত সমস্যাক লৈ নির্মাণ কৰা ছবিখনৰ চিত্রনাট্য, সংগীত পৰিচালনাও পৰিচালক কৃপাল কলিতাৰ৷ ব্রিজৰ জৰিয়তে প্রথমখন পূর্ণদৈর্ঘ্যৰ ছবি পৰিচালনা কৰা কৃপাল কলিতাৰ এই ছবিখনৰ চিত্রগ্রহণ কৰা হৈছে ঢ়কুৱাখনাৰ চাৰিকুৰিয়া নদী আৰু তাৰ আশে–পাশে থকা সোণাৰি চাপৰি, জোনাই, পবিতৰা আৰু গুৱাহাটীৰ বিভিন্ন স্থানত৷ ছবিখনৰ প্রযোজনা ৰমাকুমাৰ দাস আৰু সবিতা দেৱীৰ৷ ৰমেন ৰাভাই চিত্রগ্রহণ কৰা ছবিখনৰ সম্পাদনা কৰিছে কিশোৰ ডেকাই৷ সহকাৰী পৰিচালকদ্বয় প্রিয়াঞ্চী কাশ্যপ আৰু প্রাঞ্জৰণ সন্দিকৈ৷
ব্রিজৰ মুখ্য ভূমিকাত শিৱাৰাণী কলিতা, আন আন চৰিত্রত অভিনয় কৰিছে পার্থপ্রতিম বৰা, অনিন্দিতা দাস, স্বপ্ণিতা নাথ, ভূপেন শর্মা আদিয়ে৷ অতিথি শিল্পী হিচাপে ভুমুকি মাৰিছে সুৰেন মহন্ত, ৰীণা বৰা, অজিত ভূঞাকে ধৰি কেইবাগৰাকীয়ে৷ উল্লেখ্য যে এইবেলি ইণ্ডিয়ান পেনোৰামালৈ নির্বাচিত হোৱা একমাত্র অসমীয়া ছবি ব্রীজ৷ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাভাৰেকাৰে আজি ৫১সংখ্যক ইণ্ডিয়ান পেনোৰামালৈ নির্বাচিত হোৱা ২৩খন কাহিনীচিত্র আৰু ২২খন অকাহিনীচিত্রৰ নাম ঘোষণা কৰিছে৷ ২০২১ চনৰ ১৬ৰ পৰা ২৪ জানুৱাৰীলৈ ইণ্ডিয়ান পেনোৰামা গোৱাত অনুষ্ঠিত হ’ব৷