‘নাছা’ৰ লুনাৰ এণ্ড প্লেনেটাৰী ছায়েঞ্চ কনফাৰেঞ্চলৈ আমন্ত্রিত কৃশাংগী কাশ্যপ
🔹 বিশ্ব মঞ্চত অসম কন্যা : বৰপেটাৰ মেধাৱী ছাত্রীৰ সাফল্য
বার্তা ব্যুৰ’, ২৯ ফেব্রুৱাৰী : বিশ্ব মঞ্চত আন এগৰাকী অসম-কন্যা৷ ‘নাছা’ৰ উদ্যোগত আমেৰিকা যুক্তৰাষ্ট্রৰ টেক্সাছত অহা ১১ মার্চৰ পৰা ১৫ মার্চলৈ অনুষ্ঠিত হ’বলগীয়া ৫৫সংখ্যক লুনাৰ এণ্ড প্লেনেটাৰী ছায়েঞ্চ কনফাৰেঞ্চ (55th Lunar and Planetary Science Conference) (LPSC 55) 2024)ত যোগদানৰ বাবে আই আই টি ইন্দোৰৰ জ্যোতির্বিজ্ঞানৰ মেধাৱী ছাত্রী কৃশাংগী কাশ্যপে ভাৰতৰ পৰা সুযোগ লাভ কৰিছে৷ জানিব পৰা মতে, বৰপেটাৰ কৃশাংগী কাশ্যপে চন্দ্রৰ দক্ষিণ মেৰুৰ ওপৰত চলাই থকা গৱেষণাৰ অংশ হিচাপে প্রস্তুত কৰি উলিওৱা ছাৰফেচ এণ্ড ছাব ছাৰফেচ ৰিগুলিথ কেৰেক্টাৰাইজেচন অৱ লুনাৰ ছাউথ প’ল ইউজিং চন্দ্রায়ন–২ ডুৱেল ফ্রিকুৱেঞ্চী ছিন্থেটিক এপাৰচাৰ ৰাডাৰ (‘Surface and Subsurface Regolith Charaterization of Lunar South Pole usinng Chandrayaan-2 Dual-Frequency Synthetic Aperture Radar (DFSAR)) শীর্ষক নিবন্ধটো নাছাৰ অধীনস্থ লুনাৰ প্লেনেটাৰী ইনষ্টিটিউট (Lunar and Planetary Institute (LPI)) ৱেবছাইটত প্রকাশ পাইছে৷ ছাত্রীগৰাকীৰ এই সাফল্যত পৰিয়ালৰ লগতে উৎফুল্ল হৈ পৰিছে সমগ্র ৰাজ্যবাসী৷ উল্লেখ্য যে মেধাৱী ছাত্রী কৃশাংগী কাশ্যপে এটা অতি সাধাৰণ পৰিৱেশৰ পৰা ওলাই আহি নিজৰ একাগ্রতাৰ বলেৰে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা পদার্থ বিজ্ঞানত সুখ্যাতিৰে স্নাতক ডিগ্রী লাভ কৰে আৰু পৰৱর্তী সময়ত ২০২২ চনৰ পৰা আই আই টি ইন্দোৰত জ্যোতির্বিজ্ঞান বিষয়ত স্নাতকোত্তৰ শ্রেণীত এগৰাকী মহাকাশ বিজ্ঞানী হোৱাৰ মানসেৰে অধ্যয়ন চলাই আছে৷ ছাত্রীগৰাকীয়ে চন্দ্রপৃষ্ঠত পানীৰ অৱস্থিতি সম্পর্কে চলাই থকা আন এক প্রত্যাহ্বানমূলক গৱেষণাও প্রায় সমাপ্ত হোৱাৰ পথত৷ বর্তমান বৰপেটা নিৱাসী পাঠশালাৰ হিতেশ শর্মা আৰু কৰবী শর্মাৰ কন্যা কৃশাংগী কাশ্যপৰ অধিক উন্নতি কামনা কৰিছে ৰাজ্যবাসীয়ে৷ ইপিনে, এনে সাফল্যৰ বাবে কৃশাংগী কাশ্যপলৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শুভেচ্ছা জ্ঞাপন কৰিছে৷
প্ৰেৰক নৱজিত বায়ন