নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংস্কৃত শিক্ষা–ইউৰোপীয় পাণ্ডিত্যৰ সেতু স্বৰূপ আছিল সন্দিকৈ

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ ‘পণ্ডিতপ্রবৰ কৃষ্ণকান্ত সন্দিকৈ আছিল দেশৰ পৰম্পৰাগত সংস্কৃত শিক্ষা আৰু আধুনিক ইউৰোপীয় পাণ্ডিত্যৰ মাজত সেতুস্বৰূপ৷ বার্লিন আৰু পেৰিছত যোৱাটো শতিকাৰ বিশৰ দশকত কটোৱা সময়ছোৱাত তেওঁ ৰুছ ভাষা–সাহিত্যৰ সংস্পর্শলৈ আহে৷ এইক্ষেত্রত পণ্ডিতজনা সম্ভৱতঃ মহম্মদ ৰাকাতুল্লাহ, বীৰেন্দ্র চট্টোপাধ্যায় আৰু হাচান শ্বাহিদ সুহৰাবর্দী এই তিনিজনা ব্যক্তিৰ সান্নিধ্যৰ দ্বাৰা উপকৃত হৈছিল৷’ এই ভাষ্য ভাৰততত্ত্ববিদ অধ্যাপক ছের্গেই ডিমিট্রিভিছ ছেৰিব্রিয়ানীৰ৷

 উত্তৰ–পূব ভাৰতৰ প্রথমখন আৰু একমাত্র মুক্ত বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে আয়োজন কৰা ষষ্ঠ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বত্তৃণতা প্রদান কৰে অধ্যাপক ছেৰিব্রিয়ানীয়ে৷ মস্কোস্থিত ৰাছিয়ান ষ্টেট ইউনিভার্ছিটীৰ অধীনৰ ই এম মেলেটিনস্কি ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডিজৰ সঞ্চালক ছেৰিব্রিয়ানীৰ বত্তৃণতাৰ বিষয় আছিল ঃ ‘ইণ্ডিয়া এণ্ড ৰাছিয়া ঃ ৰি ভিজিটিং দ্য প্রব্লেমছ এণ্ড ইছ্যুজ অৱ কালচাৰেল ৰিলেচন্ছ৷’ এই বত্তৃণতাত অধ্যাপক ছেৰিব্রিয়ানীয়ে কৃষ্ণকান্ত সন্দিকৈয়ে কিদৰে বার্লিন, পেৰিছ, অক্সফ’ড আদিৰ পৰা দুহাজাৰমান গ্রন্থ অসমলৈ লৈ আহিছিল সেই বিষয়েও উল্লেখ কৰে৷

লক্ষণীয় যে সেই সময়ত ৰাছিয়াৰ পৰা বার্লিনলৈ বহু ৰুছ নাগৰিক, বিদ্বান আঁতৰি আহিছিল৷ অধ্যাপক ছেৰিব্রিয়ানীয়ে এই পর্যায়টোক ‘ইমিগ্রেচন অৱ দ্য ফার্ষ্ট ৱেভ’ বুলি অভিহিত কৰে৷ বিশিষ্ট পণ্ডিতজনাই ৰুছ আৰু ভাৰতৰ সাংস্কৃতিক আদান–প্রদানৰ বিষয়েও বিৱৰি কয়৷ এইক্ষেত্রত তেওঁ পোন্ধৰ শতিকাত ভাৰতলৈ ইৰান হৈ অহা ৰুছ ব্যৱসায়ী আফনেছি নিকিটিনৰ কথা উল্লেখ কৰে৷

১৪৭০ দশকৰ সময়ছোৱাত ভাৰতলৈ অহা নিকিটিনে অৱশ্যে ভাৰতত বেহা–বেপাৰৰ বাবে বিশেষ বয়বস্তু নাপালে৷ অৱশ্যে কোৱা হয় যে তেওঁ কিছুমান মূল্যৱান পাথৰ লৈ গৈছিল৷ কিন্তু অট’মান সাম্রাজ্যত সেৱা দস্যুৰ দলে তেওঁৰ পৰা লুটপাত কৰি লৈ যায়৷ কিন্তু তেওঁৰ হাতত থকা টোকাসমূহ ৰক্ষা পৰে৷ এ ভয়েচ অভাৰ থ্রী চিজ’ নামৰ এই টোকাসমূহৰ সাংস্কৃতিক দিশৰ পৰা বিশেষ গুৰুত্ব আছে বুলি অধ্যাপক ছেৰিব্রিয়ানীয়ে উল্লেখ কৰে৷ ভাৰত আৰু ৰাছিয়াৰ সাংস্কৃতিক ক্ষেত্রত আলোকসন্ধানী ভূমিকা গ্রহণ কৰিব পৰা এই টোকাসমূহ আধুনিক ৰুছ ভাষালৈ অনুবাদ নোহোৱাৰ কথাটোলৈকো তেওঁ উনুকিয়ায়৷

অধ্যাপক ছেৰিব্রিয়ানীৰ বক্তৃতাত টলষ্টয় আৰু গান্ধীৰ ভাবৰ আদান–প্রদানৰ বিষয়টোৱে বিশেষ স্থান লাভ কৰে৷ টলষ্টয়ক বলচেভিকসকলে ৰুছ বিপ্লৱৰ পৰৱর্তী পর্যায়ত কিদৰে নিজৰ ধৰণে গ্রহণ কৰি ল’লে এই সম্পর্কত অধ্যাপক ছেৰিব্রিয়ানীয়ে বিতংকৈ বিশ্লেষণ কৰে৷ বর্তমানৰ পৰিৱর্তিত পৰিস্থিতিৰ প্রসংগত ১০০ বছৰৰো অধিক কাল পূর্বে টলষ্টয়ে কৰি যোৱা চিন্তা–চর্চাৰ প্রাসংগিকতাও অধ্যাপক ছেৰিব্রিয়ানীয়ে স্মৰণ কৰে৷ অধ্যাপজনাই তেওঁৰ বত্তৃণতাৰ সামৰণিত জীৱনৰ বাবে এক নতুন শৃংখলাৰ প্রয়োজন আহি পৰিছে বুলি মত দাঙি ধৰে৷ উল্লেখ্য যে বহু ভাষাত দক্ষ অধ্যাপক ছেৰিব্রিয়ানীয়ে জ্ঞানপীঠ বঁটা বিজয়ী ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ ‘মৃত্যুঞ্জয়’ৰ ৰুছ ভাষাত হোৱা অনুবাদৰ পাতনিও লিখিছে৷ সোমবাৰে অনলাইনযোগে সম্পন্ন হোৱা স্মাৰক বক্তৃতা অনুষ্ঠান বিশ্ববিদ্যালয়ৰ সংগীতেৰে আৰম্ভণি কৰা হয়৷

এই বক্তৃতাৰ আদৰণী ভাষণ প্রদান কৰে বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ কন্দর্প কুমাৰ দাসে৷ আদৰণী ভাষণত উপাচার্য ড০ দাসে বর্তমান ক’ভিড–১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত শিক্ষাখণ্ডলৈ কিদৰে ভয়ংকৰ বিপর্যয় নামি আহিছে সেই প্রসংগত বিৱৰি কয়৷ লগতে চৈধ্য বছৰ অতিক্রম কৰা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে ন ন প্রযুক্তিৰে শিক্ষার্থীসকলক সহায়ৰ হাত আগবঢ়াবলৈ কেনেধৰণে প্রস্তুত হৈছে সেই সম্পর্কেও উপাচার্যগৰাকীয়ে ব্যাখ্যা কৰে৷ এই সন্দর্ভত বিশ্ববিদ্যালয়খনে যোৱা এপ্রিল মাহত অনলাইন শিক্ষা ব্যৱস্থাৰ ক্ষেত্রত দুদিনীয়া আন্তঃৰাষ্ট্রীয় আলোচনা–চক্র অনুষ্ঠিত কৰাৰ কথাও তেওঁ উল্লেখ কৰে৷ এই বক্তৃতা অনুষ্ঠানত সভাপতিত্ব কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ শ্রীমন্ত শংকৰদেৱ আসনৰ অধিকাৰী প্রাক্তন অধ্যাপক তথা যশস্বী বিদ্বান ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে৷ এই বত্তৃণতা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ সকলো সদস্যৰ লগতে ৰাজ্যখনৰ বৌদ্ধিক সমাজেও অংশগ্রহণ কৰে৷ এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ নিউজ লেটাৰ হৰাইজনৰ শেহতীয়া সংখ্যাটো উন্মোচন কৰা হয়৷

You might also like