নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিত যোগদান কুলদীপ বৰুৱা-কমল কুমাৰ মেধিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ বিজেপিত বিৰোধীৰ নেতাৰ যোগদান পৰ্ব অব্যাহত আছে। আজি শাসকীয় দলটোত যোগ দিলে ছিপাঝাৰৰ কংগ্রেছী নেতা কুলদীপ বৰুৱা আৰু আপ নেতা কমল কুমাৰ মেধিয়ে৷ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দললৈ অহা নতুন নেতাসকলক দলীয় বস্ত্রৰে সম্বর্ধনা জনায়৷ উল্লেখ্য যে ছিপাঝাৰ সমষ্টিৰ পৰা ২০২১ চনৰ বিধানসভা নির্বাচনত কংগ্রেছ প্রার্থীৰূপে প্রতিদ্বন্দ্বিতা কৰিছিল কুলদীপ বৰুৱাই৷ আনহাতে, আম আদমী পার্টিৰ প্রাক্তন উপ-সভাপতি হিচাপে দায়িত্বভাৰ চম্ভালিছিল কমল কুমাৰ মেধিয়ে৷ লগতে তৃণমূল কংগ্রেছৰ সুবীৰ কর্মকাৰ, মানসজ্যোতি মহন্ত, আপৰ ৰাজ্যিক কার্যনির্বাহক বিনয় ডেকা, কৃষক মুক্তি সংগ্রাম সমিতিৰ সদস্য দিলীপ ডেকা, ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্রাক্তন সাংগঠনিক সম্পাদক বটু কৃষ্ণ বৰা, হোজাই জিলাৰ ৱার্ড সদস্য ৰাজীৱ চন্দ্র শীলৰ লগতে সামাজিক সংগঠনৰ লগত জড়িত প্রায় দুই শতাধিক কর্মীয়ে আজি বিজেপিত যোগদান কৰে৷ যোগদান কৰিয়েই কমল কুমাৰ মেধিয়ে কয়, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ৰাজনীতিৰ নক্ষত্র আৰু আমি জোনাকী পৰুৱা৷ তেওঁ লগতে কয়, মই বিজেপিলৈ আহোতে কাৰো পৰামর্শ লোৱা নাই, কোনো বুদ্ধিজীবীৰো পৰামর্শ লোৱা নাই৷ বিজেপিত যোগদান কৰিছে গাঁৱৰ ঘৰত কাম কৰা মহিলাজনীক সুধি৷ এটা সময়ত চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছিলো৷ এতিয়া সকলোতে কেৱল উন্নয়নৰ বাতৰি৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রশংসাত পঞ্চমুখ হৈ পৰা কমল কুমাৰ মেধিয়ে আজি এইবুলিও উল্লেখ কৰে যে মুখ্যমন্ত্রীৰ বিৰুদ্ধে বহু আন্দোলন কৰিছিলো৷ কিন্তু তেওঁৰ বিৰুদ্ধে আজি এটাও অভিযোগ নাই৷ মুখ্যমন্ত্রীগৰাকীৰ প্রতিটো কথাই এতিয়া পর্যবেক্ষণ কৰিছো৷ আনহাতে নেটিজনসকলক উদ্দেশ্যি কমল মেধিয়ে কয় যে মোক যিমান ট্রল কৰে কৰক, কিন্তু অসমৰ উন্নয়নৰ বাবে ৰাজনীতিত এটাই নাম আছে সেয়া হৈছে ড০ হিমন্ত বিশ্ব শর্মা৷ লক্ষণীয়ভাৱে আজি বিজেপিত যোগদান কৰাসকলৰ মাজত অন্যতম আকর্ষণৰ কেন্দ্র আছিল বৰতীয়া সাজেৰে বিজেপিত যোগদানৰ বাবে বাজপেয়ী ভৱনলৈ অহা ৰাজীৱ চন্দ্র শীল৷ হোজাই জিলাৰ ৱার্ড মেম্বাৰ ৰাজীৱ শীলৰ পিতৃ বিয়োগৰ মাত্র সাতদিনহে হৈছে৷ কিন্তু ৰাজনীতিত কোনোধৰণৰ ৰিস্ক ল’ব নোখোজা ৰাজীৱ শীলে পিতৃৰ শ্রাদ্ধ–কর্ম সম্পূর্ণ নকৰাকৈ বৰতীয়া সাজেৰে আজি বিজেপিৰ কার্যালয়ত উপস্থিত হৈ দলটোত যোগদান কৰে৷ আজি যোগদান কার্যসূচীত মন্ত্রী জয়ন্তমল্ল বৰুৱা, বিধায়ক প্রশান্ত ফুকন, মানৱ ডেকা, বিশ্বজিৎ ফুকন, ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শর্মা আৰু দলৰ জ্যেষ্ঠ নেতা ড০ প্রদীপ ঠাকুৰীয়া উপস্থিত থাকে৷

You might also like