বিশেষ বাৰ্তা, ২৯ জুলাই : কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত ২৬ জুলাইত ২০২৩-২০২৪ বৰ্ষৰ স্নাতকোত্তৰ আৰু গৱেষণাৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈ যায়। এইবাৰৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হোৱা চেণ্টাৰসমূহ হ’ল- বৰপেটা হাউলী কলেজ, বঙাইগাঁও কলেজ, কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী কলেজ, পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় (দলগাঁও) আৰু বিশ্ববিদ্যালয়ৰ নিজা চৌহদত। স্নাতকোত্তৰ (PGET) আৰু গৱেষণা (RET)ৰ প্ৰৱেশ পৰীক্ষাৰ সৰ্বমুঠ আবেদনকাৰী আছিল ১,২৫৯জন। ইয়াৰ ভিতৰত স্নাতকোত্তৰত ৬৭৬জন আৰু গৱেষণাৰ ৩২৮গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত বহে। সমূহ প্ৰৱেশ পৰীক্ষাৰ ফলাফল ৩১ জুলাইত ঘোষণা কৰা হব। আনহাতে, ৩ আগষ্টৰ পৰা ৯ আগষ্টলৈ এডমিছন প্ৰক্ৰিয়া সমাপ্ত কৰা হ’ব।