নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি নতুন দিল্লীত অনুষ্ঠিত বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তীৰ সামৰণী অনুষ্ঠান ৰাজ্যৰ আন স্থানৰ লগতে ধুবুৰীতো পোনপটীয়াকৈ দেখুওৱা হয়। জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰীৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত নিৰ্মিত এখন আটকধুনীয়া মঞ্চত স্থাপন কৰা ডিজিটাল পৰ্দাত ভাৰ্চুৱেল পদ্ধতিৰে নতুন দিল্লীৰ অনুষ্ঠিত হোৱা আজিৰ সেই কাৰ্য্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ বিশেষ ব্যৱস্থা কৰা হয়। ধুবুৰী জিলা আৰু আৰক্ষী প্ৰশাসনৰ বিষয়া–বৰ্গৰ উপৰি স্থানীয় বিদ্যালয়–মহাবিদ্যালয় একাংশৰ পঢ়ুৱৈ আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে আগুৱাই আহি মহাবীৰগৰাকীৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সপ্তাহযোৰা কাৰ্য্যসূচীৰ সামৰণি সেই অনুষ্ঠান উপভোগ কৰে। উল্লেখ্য যে, আজিৰ সেই কাৰ্য্যসূচীত জিলা উপায়ুক্ত দিবাকৰ নাথ, আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কৰ্মচাৰীৰ লগতে ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যাল, ধুবুৰী-গৌৰীপুৰ উন্নয়ণ প্ৰাধিকৰণৰ অধ্যক্ষ দীপক সাহা প্ৰমুখ্যে স্থানীয় বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল। উল্লেখ্য যে, নতুন দিল্লীৰ সেই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ শৰ্মা আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ৰখা বক্তৱ্যও পোনপটীয়াকৈ জনসংযোগ বিভাগৰ স্থায়ী অনুভাষ যন্ত্ৰৰ জৰিয়তেও ধুবুৰী চহৰত সম্প্ৰচাৰিত কৰাৰো বিশেষ ব্যৱস্থা লোৱাও দেখা যায় সংশ্লিষ্ট বিভাগটোৰ স্থানীয় কাৰ্য্যালয়ে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী