নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালত পৰিল জলসিঞ্চনৰ মহিলা কর্মচাৰী

ধনৰ বিনিময়ত এছআইৰ চাকৰিৰ প্রলোভন

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ   অসম আৰক্ষীৰ চূড়ান্ত অকর্মণ্যতা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে কালি ৰাজ্যজুৰি অনুষ্ঠিত উপ–পৰিদর্শক পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল হোৱাত পৰীক্ষা বাতিল কৰিব লগা হোৱা বিষয়টোত তীব্র প্রতিক্রিয়া সৃষ্টি হোৱাৰ মাজতে চাকৰি দিয়াৰ নামত ধন দাবী কৰা এগৰাকী মহিলা প্রৱঞ্চক আৰক্ষীৰ জালত পৰে৷ ধৃত প্রৱঞ্চকগৰাকী হ’ল গুৱাহাটীস্থিত জলসিঞ্চন বিভাগৰ কার্যালয়ত কর্মৰত নিম্নবর্গৰ সহায়ক যুগামী ব্রহ্ম৷ মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে যোৱানিশা উলুবাৰীস্থিত জলসিঞ্চন বিভাগৰ আৱাস গৃহৰ পৰা যুগামী ব্রহ্মক গ্রেপ্তাৰ কৰে৷ এই সন্দর্ভত অপৰাধ শাখাৰ উপ–আৰক্ষী আয়ুক্ত বৰুণ পুৰকায়স্থই সংবাদ মাধ্যমক জনোৱা মতে, গোপন সূত্রৰ খবৰৰ ভিত্তিত জলসিঞ্চন বিভাগৰ কর্মচাৰী যুগামী ব্রহ্মক গ্রেপ্তাৰ কৰা হয়৷ অভিযোগ মতে, অসম আৰক্ষীৰ কালি বাতিল হোৱা উপ–পৰিদর্শক পদৰ চাকৰি দিয়াৰ প্রলোভন দি বহুকেইজন চাকৰিপ্রার্থীৰ পৰা দহ লাখকৈ টকা বিচাৰি যোগাযোগ কৰিছিল৷ এই বিষয়ে খবৰ পোৱাৰ পিছতে যোৱানিশা উলুবাৰীৰ জলসিঞ্চন বিভাগৰ আৱাসিক এলেকাত থকা গৃহৰ পৰা যুগামী ব্রহ্মক গ্রেপ্তাৰ কৰা হয়৷ ঘটনা সংক্রান্তত ভাৰতীয় দণ্ডবিধিৰ ৪০০/৪২০ আৰু ১২০ ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে৷ ক’ভিড–১৯ৰ প্রট’কল অনুসৰি গ্রেপ্তাৰৰ পিছতেই কর্মচাৰীগৰাকীৰ ক’ভিড পৰীক্ষা কৰা হয়৷ পৰীক্ষাৰ ফলাফল ক’ভিড পজিটিভ ওলোৱাত ধৃত মহিলাগৰাকীক অপৰাধ শাখাই জিম্মাত লোৱাৰ পৰিৱর্তে জিএমচিএইচত ভর্তি কৰোৱায়৷

You might also like