নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহস্যৰ অন্ত : দুৰ্ঘটনাতেই মৃত্যু হৈছিল লেডী সিংঘম জোনমণি ৰাভাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ ফেব্ৰুৱাৰীঃ জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্যৰ অৱশেষত ওৰ পৰিল৷ অসম আৰক্ষীৰ ‘লেডী সিংঘম’ ৰূপে জনাজাত জোনমণি ৰাভাৰ দুর্ঘটনাতেই মৃত্যু হৈছিল৷ তেওঁক কোনেও হত্যা কৰা নাছিল অথবা কোনোধৰণৰ মানসিক অশান্তিত ভুগি চৰম পন্থা বাছি লোৱা নাছিল৷ এই কথা চিবিআইয়ে ৰহস্যজনক দুর্ঘটনাটোৰ সন্দর্ভত কৰা ৮ মহীয়া তদন্তৰ অন্তত প্রস্তুত কৰা চূড়ান্ত প্রতিবেদন (এফ আৰ) ত প্ৰকাশ পাইছে৷ মঙলবাৰে নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উপ পৰিদর্শকগৰাকীৰ মৃত্যুক লৈ ৰুজু হোৱা তিনিটা গোচৰত তদন্তকাৰী সংস্থা চিবিআয়ে দাখিল কৰা চূড়ান্ত প্রতিবেদনত মৰিকলং আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্রাপ্ত আৰক্ষী বিষয়া জোনমণিৰ দুর্ঘটনাত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে চিবিআয়ে দাখিল কৰা চূড়ান্ত প্রতিবেদনৰ সবিশেষ তথ্য এতিয়াও জানিব পৰা হোৱা নাই৷ প্রাপ্ত তথ্য অনুসৰি নগাঁও আৰক্ষী থানাত ৰুজু হোৱা ৪৪৩/২০২৩, জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা ৮৪/২০২৩ আৰু ৮৭/২০২৩ নম্বৰৰ গোচৰত চিবিআয়ে চূড়ান্ত প্রতিবেদন দাখিল কৰিছে৷ জোনমণিৰ মৃত্যুৰ বাবে কাকো অভিযুক্ত নকৰিলেও চিবিআয়ে নকল সোণ আৰু জালনোটৰ গোচৰত নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক (এছপি) লীনা দলে, লক্ষিমপুৰৰ তদানীন্তন এছ পি বেদান্ত মাধৱ ৰাজখোৱা, নগাঁৱৰ তদানীন্তন অতিৰিক্ত এছ পি ৰূপজ্যোতি কলিতাকে ধৰি ১৫জন আৰক্ষী বিষয়াক অভিযুক্ত কৰিছে৷ এই বিষয়াকেইজনৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা গ্রহণ কৰিবলৈ চিবিআয়ে চৰকাৰক আহ্বান জনাইছে৷ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি গোচৰকেইটাত দাখিল কৰা চূড়ান্ত প্রতিবেদনত জোনমণিৰ এয়া এক হত্যাকাণ্ড কিয় নহয়, সেই সন্দর্ভত ১৫টা যুক্তি আগবঢ়াইছে৷ একেদৰে এয়া যে কোনো আত্মহত্যাৰ ঘটনা নহয় সেই সন্দর্ভতো চিবিআয়ে ১১টা যুক্তি চূড়ান্ত প্রতিবেদনত অন্তর্ভুক্ত কৰিছে বুলি জানিব পৰা গৈছে৷ ইয়াৰ লগে লগে জোনমণিৰ মৃত্যুক লৈ বিভিন্ন পক্ষই উত্থাপন কৰা অভিযোগ–প্রতিভিযোগ একপ্রকাৰ অন্ত পৰিল৷ গোচৰটোৰ চূড়ান্ত প্রতিবেদন দাখিল কৰা সন্দর্ভত আজি প্রতিক্রিয়া প্রকাশ কৰি নগাঁৱৰ আৱর্ত ভৱনত বাহৰ পাতি থকা চিবিআইৰ তদন্তকাৰী বিষয়াজনে কয়– ‘নগাঁৱৰ তিনিওটা গোচৰৰ চূড়ান্ত প্রতিবেদন আমি নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধিশৰ আদালতত কালি দাখিল কৰিছোঁ৷ এমাহ পূর্বে লখিমপুৰৰ গোচৰটোত চূড়ান্ত প্রতিবেদন আদালতত দাখিল কৰিছিলোঁ৷ আদালতে কি নির্দেশনা দিয়ে তালৈ আমি অপেক্ষা কৰিম৷ আজি আমি দিল্লীলৈ উভতি যাম৷’। দীঘলীয়া তদন্তৰ অন্তত মঙলবাৰে চিবিআয়ে গোচৰকেইটাৰ চূড়ান্ত প্রতিবেদন নগাঁৱৰ আদালতত দাখিল কৰাৰ লগে লগে উপ পৰিদর্শকগৰাকীৰ বিয়োগক লৈ সৃষ্টি হোৱা ৰহস্যৰ ওৰ পৰে৷

You might also like