নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : ৰাজ্য চৰকাৰে অলপতে এক অধিসূচনাযোগে লাহৰীঘাটক মৰিগাঁও জিলাৰ উপ-জিলা হিচাপে ঘোষণা কৰাত উৎফুল্লিত হৈ পৰিছে উপ-জিলাখনৰ সমূহ জনাসাধাৰণ। ৰাজ্য চৰকাৰে লাহৰীঘাটক উপ-জিলা হিচাপে কাৰ্যক্ষম কৰি তুলিবলৈ ইতিমধ্যে সকলো ধৰণৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি জনা গৈছে। যদিহে সকলো ঠিকে-ঠাকে থাকে, হয়তো জানুৱাৰী মাহৰ ১ তাৰিখৰ পৰা লাহৰীঘাটৰ ৰজা গাধোৱাস্থিত বিদ্যালয়ৰ ছাত্ৰী আৱাসগৃহ এটাত উপ-জিলাৰ কাম-কাজসমূহ আৰম্ভ কৰা হ’ব। সেই উপলক্ষে আজি দিনৰ ২ বজাত লাহৰীঘাটৰ গড়কাপ্টানী বাংলাত অৱসৰপ্ৰাপ্ত অধীক্ষক চান্দ মামুদৰ সভাপতিত্বত লাহৰীঘাট উপ-জিলা উন্নয়ন সমিতি গঠনাৰ্থে এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। নেকিবুৰ ৰহমান হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সাধাৰণ সভাখনত অৱসৰপ্ৰাপ্ত অধীক্ষক চান্দ মামুদ আৰু স্থানীয় বিধায়কগৰাকীক মুখ্য উপদেষ্টা, সমাজকৰ্মী জাবেদ আলীক সভাপতি, উপ-সভাপতি হিচাপে ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক শ্বাহাব উদ্দিন আহমেদ, প্ৰবাল চন্দ্ৰ শইকীয়া, ড° আনোৱাৰ হুছেইন মহম্মদ, ওৱাহিদ,ৰুহুল আমিন, অধিবক্তা হাৰুণ অল ৰচিদ, আক্তাৰ হুছেইন, অৱসৰপ্ৰাপ্ত শিক্ষক হানিফ উদ্দিন আহমেদ, জহিদুল ইছলাম, ছামচুল আলম ওৰফে বাবুল, সাধাৰণ সম্পাদক নেকিবুৰ ৰহমান হাজৰিকা, সহ:সাধাৰণ সম্পাদক হিচাপে আশ্বিক ৰাব্বানী, সম্পাদক আৰু মুখ্য মুখপাত্ৰ হিচাপে তাৰিকুল ইছলাম, সম্পাদক হিচাপে ছাদ্দাম হুছেইন, মুখপাত্ৰদ্বয় খাইৰুল ইছলাম, মেহবুব আনাৰুল হকক লৈ এখন কমিটী গঠন কৰা হয়। উল্লেখ্য যে আজিৰ সভাত উপস্থিত থকা সকলোৱে কাৰ্যকৰী সদস্য হিচাপে কমিটীখনত অন্তৰ্ভুক্ত থাকিব। পৰৱৰ্তী পৰ্যায়ত কমিটীখনত উপ-জিলাখনৰ সকলো এলেকাৰ নেতৃস্থানীয় লোকসকলক সামৰি বৰ্ধিত আকাৰত কমিটীখনক পূৰ্ণাংগ ৰূপ দিয়া হ’ব বুলিও আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। আজিৰ সভাই উপ-জিলা উন্নয়ন সমিতিখনৰ সংবিধান প্ৰস্তুতকৰণৰ বাবে আশ্বিক ৰাব্বানীক অধ্যক্ষ হিচাপে লৈ এখনি পাঁচজনীয়া সংবিধান প্ৰস্তুতকৰণ সমিতি গঠন কৰি দিয়ে। এই কমিটীখনে পৰৱৰ্তী বৈঠকৰ আগতে সংবিধান প্ৰস্তুত কৰি কাৰ্যকৰী কমিটীত দাখিল কৰি অনুমোদন ল’ব। লাহৰীঘাটক উপ-জিলা হিচাপে স্বীকৃতি দিয়াত আজিৰ সভাই সৰ্বসন্মতিক্ৰমে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰে।
প্ৰেৰক তাৰিকুল ইছলাম