সোণাৰিতো লাইলাপুৰ সদৃশ কাণ্ডৰ আশংকাঃ অভয়পুৰ বনাঞ্চল–গাঁও অন্তর্ভুক্তিৰ দাবী নগাৰ
নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ যিকোনো সময়তে অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰসদৃশ ঘটনা সংঘটিত হ’ব পাৰে চৰাইদেউ জিলাত৷ কিয়নো মঙলবাৰেও চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত নগাৰ আগ্রাসন অব্যাহত আছে৷
উল্লেখ্য যে চৰাইদেউ জিলা প্রশাসনৰ নির্লিপ্ত ভূমিকাৰ বাবে নগা দুষ্কৃতিকাৰীয়ে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ এক বৃহৎ ভূমিৰ গছ–গছনি কাটি তহিলং কৰাৰ লগতে সংৰক্ষিত বনাঞ্চলখনৰ ভিতৰত নগা গাঁও স্থাপন কৰাৰ লগতে নগা উগ্রপন্থী সংগঠন এন এছ চি এনৰ এক শিবিৰ স্থাপন কৰাৰ বাতৰি কিছুদিন পূর্বে ‘নিয়মীয়া বার্তা’ত প্রকাশ হৈছিল৷ কিন্তু তাৰ পিছতো চৰাইদেউ জিলা প্রশাসন তথা বন বিভাগে কোনো গুৰুত্ব নিদিলে৷ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ লগতে দাঁতিকাষৰীয়া অঞ্চল চিংলপথাৰ, টঙীয়া, জানকী পথাৰ, খেৰবাৰী, নগানদী আদি অঞ্চলসমূহ নগাই দখল কৰাৰ পৰিকল্পনা ৰচনা কৰা বুলি এক বিশেষ সূত্রৰ পৰা জানিব পৰা গৈছে৷
অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ কাষতে লাগি থকা নাগালেণ্ডৰ ৱাংলাবস্তি এলেকাৰ ভিতৰত এই অঞ্চলসমূহ অন্তর্ভুক্ত বুলি দাবী কৰিছে নগাই৷ দুদিন পূর্বে ৱাংলাবস্তিৰ পৰা অহা পাঁচজনীয়া নগা দুর্বৃত্তৰ দল এটাই চিংলপথাৰ অঞ্চলৰ চৰকাৰী গাঁওবুঢ়া লাচেন সোণোৱালৰ ঘৰত প্রৱেশ কৰি দলটোৱে ভাবুকি দিয়ে৷ দলটোৱে অসম চৰকাৰে সীমা নির্ধাৰণ কৰিলে অভয়পুৰ সংৰক্ষিত বনাঞ্চল তথা চিংলপথাৰ, টঙীয়া, জানকী পথাৰ, খেৰবাৰী, নগানদী অঞ্চল নাগালেণ্ডৰ অন্তর্ভুক্ত হ’ব লাগিব বুলি চৰকাৰী গাঁওবুঢ়াজনক ভাবুকি প্রদান কৰে৷ অসমৰ এক বৃহৎ ভূমি নগাই দখল কৰিবলৈ বিচৰা ঘটনাৰ পিছতে অঞ্চলটোত সম্প্রতি এক আতংকময় পৰিৱেশ সৃষ্টি হৈছে৷
গাঁওখনত সোমবাৰে বিয়লি গাঁওবুঢ়াই এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি ৰাইজক অৱগত কৰে এই কথা৷ দীর্ঘদিন ধৰি সীমান্ত অঞ্চলটোত বসবাস কৰি অহা অসমীয়া লোকসকলে সীমান্তৰ পহৰী হৈ আহিছে৷ সীমান্তৰ এই দুর্গম অঞ্চলটোত নাই কোনো ম’বাইল নেটৱর্ক, নাই কোনো নিৰাপত্তাৰক্ষী৷ নগা দুর্বৃত্তৰ ভাবুকিৰ পিছতে অঞ্চলটোৰ ৰাইজে নিৰাপত্তাহীনতাত ভুগিছে৷ পূর্বেও অঞ্চলটোত নগাই সন্ত্রাস চলাই আহিছে৷ গাঁৱৰ পৰা গৰু চুৰি, ধন দাবীৰ দৰে ঘটনা সংঘটিত কৰি অহাৰ মাজতে অসমীয়া ৰাইজে বসবাস কৰা এখন গাঁও নগাই নিজৰ দখললৈ নিব বিচৰা ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ সেয়ে সময় থাকোঁতেই এই সন্দর্ভত ৰাজ্য চৰকাৰে উচিত ব্যৱস্থা গ্রহণ নকৰিলে লাইলাপুৰৰ দৰে ঘটনা ইয়াতো সংঘটিত হ’ব পাৰে বুলি ৰাইজে মত পোষণ কৰিছে৷
ইফালে এই ঘটনাৰ খবৰ পাই মঙলবাৰে চিংলপথাৰ অঞ্চলত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ লগতে সোণাৰি আঞ্চলিক বন বিভাগৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা বুলি জানিব পৰা গৈছে৷