নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙালমৰাত আৰক্ষীক আক্ৰমণ উন্মত্ত লোকৰ

নিয়মীয়া বাৰ্তা,৭ ছেপ্টেম্বৰঃ অসম আৰক্ষীক আক্ৰমণ কৰি ড্ৰাগছ ব্যৱসায়ীক মুকলি কৰি নিয়া ঘটনা সংঘটিত হৈছে এই খন অসমত৷ ড্ৰাগছ সৰবৰাহকাৰী, ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে  চলাই যোৱা ধাৰাবাহিক অভিযানকো ব্যৰ্থ কৰাৰ পৰিকল্পনা ৰচিছে একাংশ অপৰাধ চক্ৰ সমৰ্থনকাৰীয়ে৷ সমগ্ৰ অসমত আৰক্ষী প্ৰশাসনে ড্ৰাগছ, নকল সোণ, জাল নোট ব্যৱসায়ীৰ লগতে ঠগ, প্ৰৱঞ্চক আদি অপৰাধীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে৷ বিশেষকৈ লখিমপুৰ জিলাখনত পুৰ্বৰে পৰা দ’লৈকে শিপাই থকা এনে অপৰাধ চক্ৰৰ কাণ্ড কাৰাখানাই প্ৰায়ে সংবাদ শিৰোনাম দখল কৰি আহিছে৷শেহতীয়াকৈ আৰক্ষী বিষয়া জোনমণি মৃত্যুৰ ঘটনাই জিলাখনৰ নকল সোণ, জালনোট আদি অপৰাধ চক্ৰৰ কথা অধিক পোহৰলৈ আনে৷ এই ঘটনাৰ পাছত দক্ষ আৰক্ষী অধীক্ষক আই পি এছ আনন্দ মিশ্ৰ লখিমপুৰ জিলাখনলৈ আৰক্ষী অধীক্ষক হিচাপে বদলি হৈ অহাৰ পাছত জিলাখনৰ নকল সোণ, জালনোট, আদি অপৰাধী সকলৰ টোপনি সৰে৷ আৰক্ষী অধীক্ষক গৰাকীৰ আগমনত ভীৰ্তিগ্ৰস্ত হৈ এনে অপৰাধ চক্ৰৰ সৈতে বহু অপৰাধী আত্ম সমৰ্পণ কৰিছিল৷তৎস্বত্বেও একাংশ অপৰাধীয়ে জিলা খনৰ ভিন্ন প্ৰান্তত ড্ৰাগছকে আদি কৰি বিভিন্ন অনৈতিক কাৰ্যকলাপ চলাই আহিছে৷ সমান্তৰালভাৱে লখিমপুৰ আৰক্ষীয়ে অপৰাধীৰ পিছ এৰা নাই৷ যোৱা নিশাও জিলাখনৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত বঙালমৰা আৰক্ষী চকীৰ অধীনষ্ঠ ২ নং আহমেদপুৰৰ দলনি পাৰত লালুক আৰক্ষীৰ এটা দলে ড্ৰাগছ ব্যৱসায়ী ছাদ্দাম হুছেইনৰ বিৰুদ্ধে অভিযান চলাই৷ লালুক থানাৰ অচি হিৰকজ্যোতি লাহনে জানিবলৈ দিয়া মতে এক গোপন সুত্ৰৰ ভিৰ্তিত কালি সন্ধিয়া লালুক থানাৰ অ চি হিৰকজ্যোতি লাহনৰ নেতৃত্বত যোৱা এক আৰক্ষীৰ দলে   ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন ওৰফে বেলায়তৰ ঘৰত অভিযান চলাই ছাদ্দাম হুছেইনক কৰায়ত্ত কৰে৷ আৰক্ষীৰ সুত্ৰত প্ৰকাশ কৰাৰ মতে ড্ৰাগছ সৰবৰাহকাৰীটোক কৰায়ত্ত কৰাৰ লগে লগে ছাদ্দাম হুছেইনৰ পৰিয়ালৰ লোকৰ লগতে ওচৰৰ একাংশ লোকে আৰক্ষী দ’লটোক বিভিন্ন ষাঠি জোং লৈ আক্ৰমণ কৰে৷ আক্ৰমণকাৰীয়ে আৰক্ষীক হাত আৰু অন্যান্য অংশত মুখেৰে কামুৰি ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনক মুকলি কৰি নিয়ে আৰু আন্ধাৰৰ সুযোগ লৈ ড্ৰাগছ সৰবৰাহকাৰীটো পলাই সাৰে৷ উক্ত ঘটনাত আৰক্ষীৰ তিনি চাৰিগৰাকী লোক আহত হোৱা বুলি আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰিছে৷ আনহাতে আজি পুৱাই লখিমপুৰ জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা,লখিমপুৰ ডি এছ পি (হেড কোৱাটাৰ) দেবেন বৰা, বিহপুৰীয়া থানাৰ অ চি ,লালুক থানাৰ অচি আদি কৰি এক বৃহৎ আৰক্ষী দলে উক্ত এলেকাত অভিযান চলাই৷ আজি পুৱা অপৰাধী ছাদ্দাম হুছেইনৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে৷ অৱশ্যে ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক কৰায়ত্ত কৰোতে আৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ সন্দৰ্ভত অঞ্চলটোৰ ২৭/২৮ গৰাকী লোকক সোধ পোচৰ বাবে থানালৈ আনিছে। সম্প্ৰতি আৰক্ষীয়ে সোধপোছৰ বাবে অনা লোক সকলক লালুক, বিহপুৰীয়া, বঙালমৰা , নাওবৈচা আদি থানাত পৃথকে পৃথকে ৰাখিছে৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
প্ৰেৰক মৃদুল ফুকন
You might also like