বিশেষ বাৰ্তা, ৫ আগষ্টঃ মৃত্যুদূতত পৰিণত হৈছে লখিমপুৰ বাইপাছটো। কেতবোৰ অনৈতিক অপকৰ্মৰো থলী। বিগত বৰ্ষৰ ১৬ ডিচেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল লখিমপুৰৰ প্ৰায় ৯ কিলোমিটাৰ দৈঘ্যৰ বাইপাচটো। ঘুনাসূতি দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি মুখ্যমন্ত্রী ৰাকীয়ে আধাৰশিলা স্থাপনস্থলীৰ পৰাই আন কেইবাটাও আচনিৰ লগতে লখিমপুৰৰ বাইপাছটো ভাৰ্চুৱেলী উদ্বোধন কৰিছিল। পিছে উদ্বোধনৰ পাছৰে পৰা বাইপাচটো সঘনে চৰ্চাৰ কেন্দ্র বিন্দু হৈ আহিছে। কিয়নো জিলাখনৰ ভিতৰত এতিয়া সৰ্বাধিক দুৰ্ঘটনাপ্ৰৱণ পথ হিচাপে চিহ্নিত হৈছে বাইপাচটো। দুই এদিনৰ পিছে পিছে বাইপাচটোত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হবলৈ ধৰিছে। বহু যান বাহন চুৰমাৰ হোৱাৰ লগতে বহুতে প্ৰাণ হেৰুৱাইছে দুৰ্ঘটনাসমুহত। বাইপাচটোত মাহে তিনি চাৰিজনৰ দুৰ্ঘটনাত মৃত্যু হোৱাটো এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে। বাইপাচটোত যান বাহনৰ তীব্র গতিৰ ফলতে সৰ্বাধিক দুৰ্ঘটনা সংঘটিত হব ধৰিছে। বহুজনে প্ৰাণ হেৰুৱাই ছে দুৰ্ঘটনাসমুহত। যাৰ বাবে এতিয়া বাইপাচটো মৃত্যুদূতত পৰিণত হৈছে। ইফালে কেৱল দুৰ্ঘটনাৰ বাবে ই বাইপাচটোৱে চৰ্চা লাভ কৰা নাই। কেতবোৰ অনৈতিক অপকৰ্মৰ বাবেও বাইপাচটোৰ নাম সঘনাই চৰ্চিত হব ধৰিছে। বাইপাচটোৰ বিভিন্ন স্থানত মদ ভাং আদিৰ লগতে ড্ৰাগছ সেৱনকাৰীৰ আড্ডা। বহু সময়ত মুকলিকৈয়ে নিষিদ্ধ দ্ৰব্য সেৱন কৰা দৃশ্যও সুলভ বাইপাচটোত। কিছুদিনৰ পূৰ্বে অশ্লীল ভিডিঅ প্ৰস্তুত কৰিবলৈ লোৱা অৱস্থাত দুগৰাকীমান যুৱতী ৰাইজৰ খেদাত পলাবলগীয়া হোৱাৰ দৰে ঘটনাও ঘটিছে। স্কুল কলেজ চলি থকা অৱস্থাত কিছু শিক্ষার্থী বাইপাচত ঘন্টাৰ পাছত ঘন্টাজুৰি বহি থকা দৃশ্যয়ো সচেতন লোকক উদ্বিগ্ন কৰি তুলিছে। বাইপাচটোত এনে কৰ্মকাণ্ডৰ লগতে সঘন দুৰ্ঘটনাৰ বাবে ৰাইজে ব্যবস্থা গ্রহণ কৰাৰ বাবে প্ৰশাসন বা আৰক্ষী বিভাগক আহ্বান জনাইছে। বাইপাচটোত যানবাহনৰ গতি নিয়ন্ত্রণৰ ব্যবস্থা গ্রহণ কৰাৰ লগতে অনৈতিক কাম কাজ ৰোধ কৰিবলৈ এটা তহলদাৰী আৰক্ষীৰ দল নিয়োগ কৰিবলৈ ৰাইজে আৰক্ষীক আহ্বান জনাইছে।
প্ৰেৰক জীৱন গোস্বানী