নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্ঘটনাত নিহত কর্মচাৰীৰ পৰিয়ালে পাব ১ কোটি

🔹 লখিমপুৰ কেবিনেটত ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা

🔹 স্থায়ীভাৱে অক্ষম হোৱাসকলকো সমপৰিমাণৰ ধন

🔹 ৰোগত মৃত্যু হ’লে চৰকাৰী সুবিধাৰ লগতে পাব ১০ লাখ টকা

বিশেষ বার্তা, ৫ ছেপ্টেম্বৰ : লখিমপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে কালি গ্রহণ কৰিলে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে ৰাজ্যিক কর্মচাৰীলৈ বৃহৎ সকাহ দিয়াৰ সিদ্ধান্ত লয়৷ কেবিনেটে গ্রহণ কৰা সিদ্ধান্ত অনুসৰি কোনো কর্মচাৰীৰ দুর্ঘটনাত মৃত্যু হ’লে তেওঁৰ পৰিয়ালে সাহায্য হিচাপে লাভ কৰিব এক কোটি টকা৷ আনহাতে, স্থায়ীভাৱে শাৰীৰিক সক্ষমতা হেৰুওৱালৈ এক কোটি টকা আগবঢ়োৱা হ’ব৷ তদুপৰি সাময়িক শাৰীৰিক সক্ষমতা হেৰুওৱা লোকলৈ ৮০ লাখ টকা, ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা লোকে ১০ লাখ টকা লাভ কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই কেবিনেট বৈঠকৰ পাছতে সংবাদ মেলযোগে কেবিনেটে গ্রহণ কৰা সিদ্ধান্ত সদৰী কৰি উল্লেখ কৰে যে ৰাজ্যৰ কেইবাটাও বেংকৰ সৈতে চৰকাৰে আলোচনা কৰি চুক্তিত উপনীত হ’ব, যাৰ দ্বাৰা ইঞ্চিওৰেঞ্চ প্রিমিয়াম হিচাপে বেংকসমূহে কর্মচাৰীক এই সাহায্য প্রদান কৰিব৷ মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে ৰাজ্য চৰকাৰৰ কর্মচাৰীৰ মৃত্যু হ’লে চৰকাৰে যিধৰণৰ সুবিধাসমূহ আগবঢ়ায় সেই সুবিধাসমূহ লাভ কৰাৰ উপৰি বেংকৰ পৰা এই সাহায্য লাভ কৰিব৷ কেবিনেটে ৰাজ্যত ৩৯খন সহঃ জিলা গঠনত অনুমোদন জনায়৷ মুখ্যমন্ত্রীয়ে এই সন্দর্ভত প্রকাশ কৰে যে অহা ২ অক্টোবৰৰ পৰা আৰম্ভ কৰিব পৰাকৈ ৩৯খন সহঃজিলা গঠনৰ প্রক্রিয়া আৰম্ভ হ’ব৷ এই ৩৯খন সহঃজিলা হ’ল– ধুবুৰীৰ বিলাসীপাৰা, গোলকগঞ্জ, বঙাইগাঁৱৰ অভয়াপুৰী, কামৰূপৰ ৰঙিয়া, নগাঁৱৰ কলিয়াবৰ, ৰহা, বিশ্বনাথৰ গহপুৰ, বিহালী, লখিমপুৰৰ ঢকুৱাখনা, ধেমাজি, জোনাই, তিনিচুকীয়াৰ মার্ঘেৰিটা, শদিয়া, ডুমডুমা, শিৱসাগৰৰ নাজিৰা, ডিমৌ, যোৰহাটৰ তিতাবৰ, গোলাঘাটৰ বোকাখাত, সৰুপথাৰ, দেৰগাঁও, কাছাৰৰ লক্ষীপুৰ, গোৱালপাৰাৰ গোৱালপাৰা পশ্চিম, কামৰূপ মহানগৰৰ দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, জালুকবাৰী, দৰঙৰ ছিপাঝাৰ, দলগাঁও, মৰিগাঁৱৰ জাগীৰোড, লাহৰীঘাট, হোজাইৰ লামডিং, শোণিতপুৰৰ ঢেকীয়াজুলি, ন–দুৱাৰ, ডিব্রুগড়ৰ খোৱাং, দুলীয়াজান, টিংখাং, নাহৰকটীয়া, চৰাইদেউৰ মাহমৰা আৰু কৰিমগঞ্জৰ পাথাৰকান্দি, ৰামকৃষ্ণ নগৰ৷ আনহাতে, কেবিনেটে অসম চুক্তিৰ ৬নং দফা সন্দর্ভত অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা আয়োগে আগবঢ়োৱা ৬৭টা পৰামর্শৰ ৫৭টা পৰামর্শ কার্যকৰী কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ আন দহটা পৰামর্শ কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনা কৰি কার্যকৰী কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই এই প্রসংগত কয়– অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ ক্ষেত্রত বিপ্লৱ শর্মা আয়োগে আগবঢ়োৱা পৰামর্শসমূহ কার্যকৰী কৰাৰ ক্ষেত্রত তিনি বছৰৰ সময় দিছে৷ ৰাজ্য চৰকাৰে বিভিন্ন পক্ষৰ লগত আলোচনা কৰাৰ অন্তত প্রতিবেদনৰ ৬৭টা পৰামর্শৰ ৫৭টা পৰামর্শ ৰূপায়ণৰ বাবে অনুমোদন জনোৱা হয় কেবিনেটত৷ সদৌ অসম ছাত্র সন্থাৰ লগতে আন সংগঠনসমূহৰ লগত আলোচনা কৰি ৫৭টা পৰামর্শ ২০২৫ চনৰ ১৫ এপ্রিলৰ পূর্বে কার্যকৰী কৰাৰ বাবে এক ৰোডমেপ কেবিনেটে গ্রহণ কৰে৷ পৰৱর্তী সময়ত ৫৭টা পৰামর্শৰ কোনকেইটা অগ্রাধিকাৰ ভিত্তিত কৰা হ’ব সেই বিষয় স্পষ্ট কৰা হ’ব৷ আনহাতে, আন ১০টা পৰামর্শ কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনা কৰি কার্যকৰী কৰা হ’ব৷ কেবিনেটে অসম চাহ নিগমৰ অধীনত থকা চাহ বাগিচাৰ শ্রমিকসকলক ২০ শতাংশ পূজাৰ বোনাছ দিয়াৰো সিদ্ধান্ত গ্রহণ কৰে৷ মুখ্যমন্ত্রীয়ে প্রকাশ কৰা অনুসৰি, অসম চাহ নিগমৰ অধীনত থকা চাহ বাগিচাসমূহৰ লগতে ইতিপূর্বে লীজত দিয়া কেইবাখনো চাহ বাগিচাৰ শ্রমিকক পূজাৰ ২০ শতাংশ বানচ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে কেবিনেটে৷ কেবিনেটে জাগীৰোডত নির্মাণ হৈ থকা ছেমিকণ্ডাক্টৰ প্রকল্পৰ সমীপত টাটা গ্রুপক এখন পঞ্চতাৰকা হোটেল নির্মাণৰ বাবে অনুমোদন দিয়ে৷ ইয়াৰ জৰিয়তে পর্যটন ক্ষেত্রত বিশেষ সহায় হ’ব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে প্রকল্পৰ সমীপতে তাজ হোটেল এখন নির্মাণৰ বাবে কেবিনেটে অনুমোদন জনাইছে৷ ইয়াৰ দ্বাৰা পর্যটন ক্ষেত্র শক্তিশালী কৰাৰ লগতে ছেমিকণ্ডাক্টৰ প্রকল্পলৈ অহা বিনিয়োগকাৰী, উদ্যোগী, ব্যৱসায়ীসকলৰ থকা–মেলাৰ ক্ষেত্রতো সহায়ক হ’ব৷ কেবিনেটে লখিমপুৰ জিলাৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবে পুঁজি ব্যয় কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে ঢকুৱাখনাত ফাটবিহু চৌহদ নির্মাণৰ লগতে লালুক কলেজত মুকলি হ’ব বিজ্ঞানৰ শাখা৷ আনহাতে, ঢকুৱাখনাৰ ৩০খন বিছনাযুক্ত চিকিৎসালয়খন ২০০খন বিছনা সংযোগ কৰি ইয়াক ৰাজ্যিক চিকিৎসালয় হিচাপে উন্নীত কৰা হ’ব৷ বগীনদীত আটকধুনীয়া আৱর্ত ভৱন আৰু প্রেক্ষাগৃহ নির্মাণৰ বাবেও কেবিনেটত সিদ্ধান্ত লোৱা হয়৷ কেবিনেটে ১৯ নৱেম্বৰৰ দিনটো বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ উক্ত দিনা সীমিত বন্ধৰ দিন ঘোষণা কৰাৰো সিদ্ধান্ত লয় কেবিনেটে৷ ২০ লাখ লোকক অতিৰিক্তভাৱে ৰেচন কার্ড প্রদানৰো সিদ্ধান্ত লয়৷ লখিমপুৰৰ ৰঙানদী সমষ্টিৰ ডিজু কিমিন ৩৪ কিলোমিটাৰ পথৰ উন্নয়নৰ বাবে ২৭ কোটি টকা, ডিক্রং–বাহানাবাৰী মথাউৰি তথা পথৰ উন্নয়নৰ বাবে ২৫ কোটি টকা, নাওবৈচা বিধানসভা সমষ্টিৰ খাৰকাটি চোমনী–বিহপুৰীয়া সংযোগী ৩০ কিলোমিটাৰ পথৰ বাবে দুটা পর্যায়ত ৪৪ কোটি টকা অনুমোদন জনায়৷ একেদৰে এছাৰিকটা, গোৱালবাৰী, বালিফেটাৰ খহনীয়া ৰোধৰ বাবে ২৪.৫৮ কোটি টকাৰ অনুমোদন জনায়৷ কেবিনেটে  বিহপুৰীয়া বিধানসভা সমষ্টিত মাধৱদেৱৰ জন্মক্ষেত্রৰ লেটেকুপুখুৰী আৰু উজীৰৰ টোল ধাম দুখনৰ উন্নয়ন আৰু ইয়াৰ পথ নির্মাণৰ বাবে ৩০ কোটি টকা অনুমোদন জনায়৷ একেদৰে অনিৰুদ্ধদেৱ জন্মক্ষেত্রৰ বাবে ১৫ কোটি টকা আবণ্টন দিয়ে কেবিনেটে৷ বিহালী সমষ্টিৰ বেদেতীত এখন আদর্শ মহাবিদ্যালয় স্থাপনৰ বাবে কেবিনেটে অনুমোদন দিয়ে৷

You might also like