নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৱলি যোৱা জুপুৰিত দুৰ্বিষহ জীৱন কটাইছে লখিমপুৰৰ ককা-আইতাই

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ চৰকাৰখনে ঢাকঢোল বজাই যিমানেই উন্নয়নৰ জয়গান নাগাওক কিয় বাস্তৱ ক্ষেত্ৰত গ্ৰামাঞ্চলত এখন বিপৰীত ছবি দেখাহে পৰিলক্ষিত হয় ৷ চৰকাৰখনে ইখনৰ পিছত সিখন আঁচনি ঘোষণা কৰি জনসাধাৰণৰ মাজত চমক সৃষ্টি কৰিছে যদিও চৰকাৰৰ চমক সৃষ্টি আঁচনিৰে আজিও ঢুকি পোৱা নাই প্ৰকৃত হিতাধিকাৰীক ৷ দেশে স্বাধীনতা লাভ কৰা ৭৭ বছৰ অতিক্ৰম কৰা পিছতো উন্নয়নৰ মুখ দেখা নাই গ্ৰামাঞ্চলৰ জনসাধাৰণে। আজিও দুৰ্ভিক্ষৰ জীৱন কটাইছে একাংশ লোকে। চৰকাৰে ইখনৰ পিছত সিখন জনমুখী আঁচনি ঘোষণা কৰাৰ পিছতো কোনো এখন চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এহাল দুৰ্ভগীয়া বৃদ্ধ ককা-আইতাৰ বাস্তৱ জীয়া ছবি ৷ লখিমপুৰ জিলাৰ তেলাহী উন্নয়ন খণ্ডৰ পশ্চিম তেলাহী পঞ্চায়তৰ অন্তৰ্গত মাজৰচাপৰি গাঁৱৰ ৭০ ঊৰ্ধ্বত অতি দৰিদ্ৰ পানেশ্বৰ দাসৰ পৰিয়ালটোৰ ৷ আজিও পৰিয়ালটোৱে লাভ কৰিবলৈ সক্ষম নহল প্ৰধানমন্ত্ৰী আৱাসগৃহ ৷ বতাহ বৰষুণ দিলে উজাগৰে কটাব লাগে বৃদ্ধ দম্পতীয়ে ৷ অতি কষ্টৰে জুপুৰিসদৃশ গৃহত বাস কৰিব লগা হৈছে পৰিয়ালটোৱে ৷ কোনোমতে পেটে-ভাতে খাই জীৱন নিৰ্বাহ কৰি থকা পৰিয়ালটোৰ মাজত বৰ্তমান হাহাকাৰ পৰিস্থিতি। বৰষুণ দিলে পানী পৰে ঘৰটোত, ঘৰটোৰ বাঁহসমূহ পচি যোৱাত যিকোনো মুহূৰ্তত খহি পৰি কি অঘটন ঘটিব পাৰে। অতি পৰিতাৰ কথা চৰকাৰে দুখীয়া দৰিদ্ৰ বাবে গ্ৰহণ কৰা আঁচনিয়ে এইসকলক ঢুকি নাপায় কিয়? আই ডি নম্বৰ থকাৰ পিছতো আজিপৰ্য্যন্ত প্ৰধানমন্ত্ৰী আৱসগৃহ কিয় লাভ কৰা নাই পৰিয়ালটোৱে সেইটো লাখটকীয়া প্ৰশ্ন। বাৰে বাৰে কিয় বঞ্চিত হয় অতি দৰিদ্ৰ পৰিয়ালটোৰ ৷ সেয়ে জিলা আয়ুক্তগৰাকীক অসহায় দুৰ্ভগীয়া পৰিয়ালটোক অতি সোনকালে এটা আৱাসগৃহৰ লগতে পঞ্চায়তসমূহত প্ৰধানমন্ত্ৰী আৱাসগৃহ আঁচনিখনত সংঘটিত দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে উচিত তদন্ত কৰি বঞ্চিত হৈ থকা প্ৰকৃত হিতাধিকাৰীৰ পৰিয়ালৰ নাম আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় বঞ্চিত পৰিয়ালসমূহৰ লগতে সচেতন মহলে ৷

প্ৰেৰক সুদীপ্ত দাস

You might also like