বিশেষ বাৰ্তা, ১১ মেঃ দুৰ্নীতি আৰু অনিয়মৰ ৰম্যভূমি যেন লখিমপুৰ মেডিকেল কলেজ। গৃহ নিৰ্মাণ, প্ৰসুতি মৃত্যু, চিলিং খহি পৰা, নৱজাত শিশু বদলিকে ধৰি ইটোৰ পিচত সিটোৰ সংবাদ শিৰোনাম দখল কৰি থকা মেডিকেল কলেজখনত এইবাৰ তৃতীয় আৰু চতুৰ্থবৰ্গ নিযুক্তি ৰিজাল্টৰ ক্ষেত্ৰতো নাম সাঙুৰ খাই পৰিছে ৷ সদ্যঘোষিত মেডিকেল কলেজখনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ নিযুক্তিৰ ৰিজাল্টৰ নামত ব্যাপক দুৰ্নীতি, অনিয়ম আৰু বিসংগতিৰ হোৱা অভিযোগ উথাপন কৰিছে দুৰ্নীতিৰ বিৰোধী যুৱ শক্তি কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক প্ৰাৰ্থ প্ৰতিম দাসে৷ চিকিৎসা মহাবিদ্যালয়খনে ৪/৫/২০২০ তাৰিখে তৃতীয়বৰ্গৰ ৭৯ পদৰ বাবে আৰু ৬/৫/২০২০ তাৰিখে চতুৰ্থ বৰ্গৰ ১৮৮টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল ৷ কিন্তু কালি ঘোষণা কৰা মেডিকেল কলেজ খনৰ ২৬৭ পদৰ বিপৰীতে ২৪৭ পদহে তালিকাৰ ঘোষণা কৰে৷ চতুৰ্থ বৰ্গ প্ৰথম খন তালিকাত ৫২জন দ্বিতীয়খন তালিকাত ১৭১জন আৰু তৃতীয় বৰ্গ প্ৰথমখন তালিকাত ২৫জন আৰু দ্বিতীয়খন তালিকাত ৪৯জন প্ৰাৰ্থীৰ ৰিজাল্ট ঘোষণা কৰে৷ তৃতীয় আৰু চতুৰ্থবৰ্গৰ মুঠ ২৬৭ পদৰ বিপৰীতে ২৪৭টা পদৰ ৰিজাল্ট ঘোষণা কৰাত সচেতন মহলৰ চকু কপালত উঠিছে। ৫টা তৃতীয়বৰ্গ আৰু ১৫টা চতুৰ্থবৰ্গ মুঠ ২০টা পদৰ ৰিজাল্ট কিয় ঘোষণা কৰা নহল তাকে লৈ ব্যাপক চৰ্চা লাভ কৰিছে ৷ আজি তাৰিখত লখিমপুৰবাসীৰ বাবে এই এটাৰ ডাঙৰ প্ৰশ্ন ৷ এই পদকেইটাত কোনোবা ৰাজনৈতিক নেতাৰ অঙহীবঙহীৰ লগতে বাহিৰা প্ৰাৰ্থীক নিযুক্তি দিয়া পৰিকল্পনা চলিছে বুলিও চৰ্চা লাভ কৰে জিলাখনত ৷ লখিমপুৰ মেডিকেল কলেজৰ ২০টা পদ ক’ত, কিয়, কেনেকৈ নাইকিয়া হ’ল ইয়াৰ এক তদন্ত কৰিবলৈ উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰীক দাবী জনায় ৷
প্ৰেৰক সুদীপ্ত দাস