নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙানদীৰ ৰঙাচকুত লখিমপুৰত হাহাকাৰ, ঘৰৰ মূধচলৈ বানপানী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে’ : লখিমপুৰত ৰঙানদীৰ বানে লৈছে সংহাৰী ৰূপ। বানত বিধ্বস্ত হৈ পৰিছে বহু অঞ্চল। পহুমৰাত ঘৰৰ মূধচত উঠি প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিছে বানাক্ৰান্তই। নীপকোৱে পানী এৰি দিয়াৰ পিছত ৰঙানদীয়ে লৈছে কালৰূপ। ইয়াৰ ফলত লখিমপুৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আনহাতে লখিমপুৰৰ পহুমৰাত চকুৰ সমুখতে বানে খহাই নিলে দোকান-পোহাৰ।

লখিমপুৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নীপকোৱে লখিমপুৰ জিলা প্রশাসনলৈ এক সতর্ক বার্তাৰ জৰিয়তে ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ পানী এৰি দিয়া হ’ব বুলি আগজাননী দিছিল৷ নীপকোৱে প্রকাশ কৰে যে কেইদিনমানৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে প্রকল্পটোৰ জলাধাৰত অতিৰিক্ত পানীৰ চাপ বৃদ্ধি পাইছে৷ সেয়েহে প্রকল্পটোৰ জলাধাৰৰ সুৰক্ষাৰ খাটিৰতে জলাধাৰৰ গেট খুলি দিয়া হ’ব৷ এই সময়ছোৱাত কোনো লোকক ৰঙানদীৰ পাৰলৈ যোৱাত বাধা আৰোপ কৰা হৈছে৷ এই সতর্ক বার্তাৰ কিছুসময় পাছতে নীপকোৱে প্রকল্পৰ জলাধাৰৰ ১নং গেট খুলি দিয়ে৷ এই গেটটোৰে প্রথমে ৫০ মিলিমিটাৰ পানী এৰি দিয়া হৈছিল যদিও পৰৱর্তী পর্যায়ত এই পৰিমাণ ২০০ মিলিমিটাৰলৈ বৃদ্ধি কৰা হয়৷ সন্ধিয়া ৫ বজা পর্যন্ত এই গেটখনেৰে ২,৫০০ মিলিমিটাৰলৈ খুলি দিয়া হয়৷

You might also like