নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ থলুৱা ঔটেঙা হ’ব বিদেশলৈ ৰপ্তানি

🔹  ক্ষুদ্র উদ্যোগী মুনীন্দ্র কুমাৰ ভাগৱতীৰ উদ্যোগ

নিয়মীয়া বাৰ্তা, ১০ মার্চ : অসমৰ কেইবাবিধো ফল-মূল, পাচলিৰ বিদেশ যাত্রাৰ পাছত এইবাৰ ঔটেঙাক বিদেশলৈ ৰপ্তানি কৰাৰ প্রক্রিয়া আৰম্ভ হৈছে৷ দেশৰ ভিতৰৰ বিভিন্ন ৰাজ্যলৈ বিশেষ ধৰণে প্রস্তুত কৰি ঔটেঙা প্রেৰণ কৰা হৈছে৷ ইতিমধ্যে আন্দামানলৈও পঠোৱা হৈছে ঔটেঙা৷ বিদেশ যাত্রাৰ বাবেও সাজু হৈছে ঔটেঙা৷ অসমৰ পথাৰে–বাৰীয়ে সুলভ ঔটেঙা সকলোৰে পৰিচিত৷ নানা ধৰণৰ সুস্বাদু ব্যঞ্জনৰ ৰুচিবর্ধনত আছে ঔটেঙাৰ ভূমিকা৷ বহু ঔষধি গুণেৰেও ঔটেঙা সমৃদ্ধ হৈ আছে বুলি জনা যায়৷ একেবাৰে থলুৱা অসমৰ ঔটেঙাই এইবাৰ প্রথমবাৰৰ বাবে দেশৰ সীমা অতিক্রমি বিদেশ যাত্রাৰ বাবে সাজু হৈছে৷ ঔটেঙাৰ এই বিদেশ যাত্রাৰ নেপথ্যৰ ব্যক্তিজন হ’ল লখিমপুৰ নগৰৰ গাতে লাগি থকা চুকুলিভৰীয়াৰ মুনীন্দ্র কুমাৰ ভাগৱতী৷ তেওঁ ঔটেঙাক লৈ এক উজ্জ্বল সম্ভাৱনীয়তাৰে কাম আৰম্ভ কৰিছে৷ ঔটেঙাক বিশ্বমুখী কৰাৰ নেপথ্যৰ কাহিনী আছে৷ তেওঁ এবাৰ দিল্লীত অনুষ্ঠিত ৱর্ল্ড ফুড ফেষ্টিভেল চাইছিল৷ তাতে বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ খাদ্য সামগ্রী প্রদর্শন কৰা হৈছিল৷ অসমৰ মানিমুনি, জালুক, তেজপাত আদিও আছিল সেই ফুড ফেষ্টিভেলত৷ তেতিয়াই তেওঁৰ মনলৈ চিন্তা আহিল কেনেদৰে ঔটেঙাক গুড়ি কৰি ৰপ্তানি কৰিব পৰা যায়৷ সেয়াই আৰম্ভণি৷ তেওঁ অসমলৈ ঘূৰি আহি হাতে–কামে লাগি পৰে৷ ভাগৱতীয়ে অসমলৈ আহি ঔটেঙা শুকাই গুড়ি কৰি গুণাগুণ অক্ষুণ্ণ ৰাখি দিল্লীৰ লেব’ৰেটৰীলৈ পৰীক্ষাৰ বাবে প্রেৰণ কৰে৷ তেওঁলোকে অনুমোদন কৰিলে৷ এনেদৰে ঔটেঙাৰ গুড়ি ৰপ্তানি কৰিবলৈ তেওঁ জনোৱা আবেদন গ্রাহ্য কৰিলে মিনিষ্ট্রি অৱ ফুড প্রচেছিং ইণ্ডাষ্ট্রিজৰ অধীনৰ নেচনেল ইনষ্টিটিডট অৱ ফুড টেকন’লজীয়ে৷ তেওঁক অনুজ্ঞা-পত্র দিয়া হ’ল৷ ঔটেঙাৰ গুড়ি কৰি পেকেজিং কৰি দেশৰ বিভিন্ন ৰাজ্যলৈ প্রেৰণ কৰা হৈছে৷ আন্দামানলৈও প্রেৰণ কৰা হৈছে৷ প্রচুৰ সমাদৰ লাভ কৰিছে ঔটেঙাই৷ ইতিমধ্যে গুড়ি কৰি, শুকান টুকুৰা কৰি নাইবা কেঁচা ধৰণে ঔটেঙা প্রেৰণ কৰা হৈছে৷ কেঁচা ঔটেঙাই অধিক মুনাফা দিয়ে যদিও ওজনৰ বাবে ব্যয় বৃদ্ধি পায়৷ তেওঁ এই সন্দর্ভত কয়- যদিও বাহিৰলৈ ঔটেঙাক বিভিন্ন ধৰণে প্রেৰণ কৰা হৈছে তথাপি বতৰ অনুযায়ী শীত বা গৰমত কেনেদৰে ৰাখিব লাগে এই সন্দর্ভত অধ্যয়ন কৰি থকা হৈছে৷ পেকেজিঙৰ সৈতে এনেবোৰ কথাৰ লগতে উপাদানসমূহৰ কথাও থাকিব লাগিব৷ ঔটেঙাৰ এনে ব্যৱসায়িক সম্ভাৱনাই ক্রমে গা কৰি উঠিছে৷ তেওঁ কয়- ঔটেঙা সংগ্রহ কৰাৰ পৰা প্রস্তুত কৰাৰ পর্বত মহিলা গোটসমূহ বা মহিলাসকলক জড়িত কৰাৰ লক্ষ্যৰে কাম কৰা হৈছে৷ এই প্রক্রিয়াত বহু মানুহ জড়িত হ’ব অদূৰ ভৱিষ্যতে৷ পিছে ইয়াৰ মাজতে কেঁচামালৰ অভাৱৰ কথা তেওঁ প্রকাশ কৰে৷ তেওঁ ঔটেঙাৰ এনে ব্যৱসায়িক যাত্রাত যিমান পৰিমাণৰ পকা ঔটেঙাৰ প্রয়োজন, সিমান পৰিমাণৰ পোৱাত অসুবিধা হৈছে৷ এনেবোৰ কাৰণতে ভৱিষ্যতে ঔটেঙাৰ গুড়ি হাজমূলাৰ দৰে টেবলেট আকাৰৰ কৰি ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে৷ মুনীন্দ্র কুমাৰ ভাগৱতীয়ে ঔটেঙাক লৈ ইতিমধ্যে আৰম্ভ কৰা এনে জয়যাত্রা আৰম্ভ হৈছে৷ ৰপ্তানি ব্যয় সংকোচন কৰাৰ বাবে তেওঁ বিভিন্ন পৰীক্ষা–নিৰীক্ষা কৰি আছে৷ সকলোখিনি ঠিকে–ঠাকে আগবাঢ়িলে ঔটেঙাই স্বাৱলম্বী হোৱাৰ দিশত বহু লোকক উপকৃত কৰিব৷

You might also like