নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰৰ পুথিয়াগাঁৱৰ লক্ষ্মী পূজা-মেলাৰ সামৰণি : বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী তথা ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত পুথিয়াগাঁৱত আঠ দিনীয়াকৈ শ্ৰীশ্ৰীলক্ষ্মীপূজা মেলাৰ সামৰণি পৰে। ১৯৭২ চনৰ পৰাই পুথিয়াগাঁও, অম্বৰতল, বেলডুবি, পদ্মবিল, জামাইপাৰা, ২নং টিলাপাৰা আদি গাঁৱৰ ৰাইজে পূজা-মেলা দি আহিছে । এইবেলি সোণালী জয়ন্তী বৰ্ষ হিচাপে আঠদিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈ পূজা-মেলাটি পালনৰ আয়োজন চলায় যদিও নেৰানেপেৰা বৰষুণে চৰম বিধি-পথালি দিয়ে । অৱশ্যে শেষৰ ফালে বতৰ ফৰকাল হোৱাত বাকী অন্যান্য কাৰ্যসূচী অগণন ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত উখল-মাখল পৰিবেশৰ মাজেৰে সামৰণি পৰে । যোৱানিশা সাংস্কৃতিক সন্ধিয়াত কণ্ঠশিল্পী মণ্টুমনি শইকীয়া আৰু কৌতুক অভিনেতা বিপুল ৰাভাৰ অনুষ্ঠান উপভোগ কৰিবলৈ বিৰ দি বাট নোপোৱা পৰিবেশৰ সৃষ্টি হয় । প্ৰৱল উচ্ছাস-উদ্দীপনাৰ মাজেদি পুৱা প্ৰায় তিনি বজাতহে অনুষ্ঠানৰ সামৰণি পৰে। ৯ৰ পৰা ১৬ অক্টোবৰলৈ বিভিন্ন কাৰ্যসূচী ৰূপায়িত হয় । প্ৰথম দিনাৰে পৰা প্ৰতিকূল বতৰকো নেওচি পূঁজা-পাতল, কূশান, খাৰাতাল, নাগাৰা নাম, যাত্ৰাভিনয়, নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদি শৃংখলা বদ্ধভাৱে অনুষ্ঠিত হোৱাত শ্ৰীশ্ৰীলক্ষ্মীপূজা-মেলাৰ সোণালী জয়ন্তীৰ সামৰণি পৰাত উদযাপন সমিতিৰ সভাপতি বানীৰাম বৰ্মন আৰু সম্পাদক উমেশ চন্দ্ৰ নাথ আৰু শিল্পী দিলীপ ৰায়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰি সকলো ৰাইজকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অঞ্চলটিৰ কালীপুখুৰী, ছালাকাটি, কাউনীয়াভাষা, হৰিগাঁও বজাৰ, শাকাতি, নেহালগাঁও, কাকাৰাগাঁও ইত্যাদি ঠাইতো শ্ৰীশ্ৰীলক্ষ্মীপূজা-মেলাটি সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে ।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like