নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ : তামুলপুৰ জিলাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত তেতেলীগুৰি কালাকুছি বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও পূজাৰ ৭৭সংখ্যক পূজাখনি এইবাৰ মহাৰজত জয়ন্তী হিচাপে ৯ অক্টোবৰৰ পৰা সাত দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰি থকা হৈছে। মহাৰজত জয়ন্তীৰ আজি পঞ্চম দিন। আজি পঞ্চম দিনাও ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ আহি পূজাস্থলীত ভিৰ কৰা দেখা গৈছে। প্ৰতিকুল বতৰকো নেওচি তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটা, নাগ্ৰিজুলী, কচুবাৰী, কচুকাটা, বৰখোপা, এঘাৰমাইল, দ্বাৰকুছি, উলুবাৰী, জামুগুৰি, ভকতপাৰা, পুনিয়া, গান্ধীবাৰী, বাৰেইগাঁও, অময়াপুৰ, ঘোগাপাৰ, হাঁহকাটা, বালাবাৰী, কালাকুছি, তেতেলীগুৰি, বৰবিলা, দলংপাৰ, ৰামেচুবুৰী, দোংপাৰ আদিকে ধৰি জিলাখনৰ নিকটৱৰ্তী খাটিকুছি, বৰাজোল, ঘোগ্ৰাপাৰ, পাইকাৰকুছি, ৰঙিয়া আদি স্থানৰ পৰা ভক্ত প্ৰাণ ৰাইজ আহি শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও পূজাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে । যুৱক যুৱতী, পুৰুষ মহিলা সকলোৱে ধূপ নৈৱেদ্য আগবঢ়াই শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাওৰ প্ৰতিমাৰ সন্মুখত আঁঠু লৈ আশীৰ্বাদ গ্ৰহণ কৰিছে। আজি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি মাইনাও আৰজ, ভেশচন প্ৰতিযোগিতা, ঢুলীয়া প্ৰদৰ্শন আদি ভিন্ন কাৰ্যসূচী ৰূপায়ণৰ অন্তত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল হেঙুল থিয়েটাৰে প্ৰথম দৰ্শনীৰ নাট মঞ্চস্থ কৰে। হেঙুল থিয়েটাৰৰ প্ৰথম দৰ্শনীৰ নাট ৰঘুনাথত দেখা যায় শ্রোতা দর্শকৰ অভূতপূৰ্ব সঁহাৰি। প্ৰতিকূল বতৰেও ম্লান কৰিব পৰা নাই ৰাইজৰ উছাহ উদ্দীপনা। প্ৰতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও উভয় স্থায়ী সমিতি, মহাৰজত জয়ন্তী উদযাপন সমিতি, বিভিন্ন উপ সমিতি, স্বেচ্ছাসেৱক সকল আৰু অনুষ্ঠানটোৰ শুভাকাংক্ষী ৰাইজে হাড় ভঙা পৰিশ্ৰম কৰিছে যাতে ভক্তপ্ৰাণ ৰাইজে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় । তেতেলীগুৰি কালাকুছি বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও পূজা স্থায়ী সমিতিৰ সভাপতি বিপুল চন্দ্ৰ লহকৰ, চপন বড়ো, সম্পাদক সতীশ ডেকা, গণেশ নাৰ্জী, উদযাপন সমিতিৰ সভাপতি জলেন দৈমাৰী, কাৰ্যকৰী সভাপতি আনন্দ ৰাম বড়ো, উপ সভাপতি খনিন্দ্ৰ নাৰ্জী, কৰুনাকান্ত ৰাজবংশী আৰু সম্পাদক নৃপেন বৰা, কাৰ্যালয় সম্পাদক কনক বৰ্মন, হেঙুল থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি চপন বড়ো আৰু সম্পাদক জ্যোতিপ্ৰসাদ দাস আদিকে ধৰি অনুষ্ঠানটোৰ লগত সংপৃক্ত প্ৰতিগৰাকী ব্যক্তিয়ে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰি গৈছে । উল্লেখযোগ্য যে ১৫ অক্টোবৰত সামৰণি পৰিব এই মহাৰজত জয়ন্তীৰ ।
প্ৰেৰক ৰজনী বৰ্মন