নিয়মীয়া বাৰ্তা, ২৫ জুলাই : শিৱসাগৰৰ অগ্ৰণী ক্ৰীড়া আৰু সামাজিক সংগঠন ‘লক্ষ্য’ৰ উদ্যোগত আজি শ’লগুৰি কলা আৰু ক্ৰীড়া খেলপথাৰত ছোৱালীৰ এক ফুটবল প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হয়। লক্ষ্যৰ উদ্যোগত তথা শ’লগুৰিবাসী ৰাইজৰ সহযোগত উক্ত শিবিৰত মুঠ ২৫গৰাকী স্কুলীয়া ছাত্ৰীক এঘাৰ মাহৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি অহা বছৰৰ দেওকণ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ বাবে এটা উৎকৃষ্ট মানৰ ছোৱালী ফুটবল দল গঠন কৰাৰ পৰিকল্পনা কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি স্থানীয় সমাজকৰ্মী অতুল বৰঠাকুৰ আৰু খগেন শৰ্মাই প্ৰশিক্ষণ শিবিৰ মুকলি কৰে। উক্ত শিবিৰৰ প্ৰশিক্ষক অচিন্ত বৰঠাকুৰে এই প্ৰশিক্ষণ শিবিৰৰ লক্ষ্য-উদ্দেশ্য ব্যাখা কৰে। আজিৰ উদ্বোধনী সভাত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমীৰণ ফুকন, বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই স্কুল পৰ্যায়ত ছোৱালীৰ খেলৰ ভূমিকা সন্দৰ্ভত বক্তব্য ৰাখে। লক্ষ্যৰ সভাপতি সজীৱ লাল বৰুৱাই আদৰণী বক্তব্য প্ৰদান কৰা উক্ত অনুষ্ঠানত সমাজকৰ্মী দুলাল দত্ত, ৰাজভূষণ গগৈ, সমীৰণ বৰদলৈ, ৰাজীৱ হাজৰিকা আদিকে কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ‘লক্ষ্য’ৰ প্ৰয়াসক শলাগ লৈ খেলুৱৈসকলক উৎসাহিত কৰি বক্তব্য প্ৰদান কৰে। আগন্তুক এঘাৰ মাহলৈ চলিবলগীয়া এই প্ৰশিক্ষণ শিবিৰত উদ্যোক্তা সমিতিয়ে ৰাইজৰ সহযোগিতা কামনা কৰে।
প্ৰেৰক আশ্ৰফুৰ ৰহমান