নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ জানুৱাৰীৰ পৰা সন্ধানহীন খৈৰাবাৰীৰ লালবাহাদুৰ

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : ওদালগুৰি জিলাৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত ঝাৰগাঁৱৰ এজন যুৱক ২৭ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে । নিৰুদ্দিষ্ট যুৱকজনৰ নাম লালবাহাদুৰ গৌড় । ২৭ জানুৱাৰীৰ বিয়লি ৩ মান বজাত আনদিনাৰ দৰে ঘৰৰ পৰা ওলাই যায় লালবাহাদুৰ গৌড়। তেতিয়াৰে পৰা এইপৰ্যন্ত ঘৰলৈ উভতি অহা নাই যুৱকজন। বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই যুৱকজনৰ । এই সন্দৰ্ভত পৰিয়ালৰ লোকে খৈৰাবাৰী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে । দৰঙৰ নামখলাত গাড়ীৰ মেকানিক হিচাপে কৰ্মৰত যুৱকজনে ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত পৰিধান কৰিছিল জীনছ পেন্ট আৰু ক’লা জেকেট। মাত্ৰ অষ্টম শ্ৰেণীলৈ পঢ়া; অসমীয়া-হিন্দী-বাংলা ভাষা ক’ব পৰা ৫ ফুট ৩ ইঞ্চি উচ্চতাৰ যুৱকজনৰ কোনো লোকে সন্ধান পালে ওচৰৰ আৰক্ষী থানা অথবা 9365062774 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like