নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰক্ষেত্ৰীত মাটি দখলক লৈ ক্ষুব্ধ জনতাৰ ৰোষৰ বলি চক্ৰ বিষয়া

বিশেষ বাৰ্তা, ১০ জুনঃ যিটো সময়ত ৰাজ্য চৰকাৰে হিন্দু পৰিয়ালৰ মাটি মুছলমানে আৰু হিন্দুৰ পৰিয়ালে মুছলমানৰ মাটি ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰিব বুলি সিন্ধান্ত লোৱাৰ সময়তে নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ এখন গাঁৱৰ এটা পৰিয়ালৰ মাটি জুখিবলৈ গৈ ক্ষুদ্ধ জনতাৰ ৰোষৰ বলি হৈ উভতি আহিব লগা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে,ৰাজহ চক্ৰটোৰ অন্তৰ্গত ২ নং ঘোৰাথাল গাঁৱৰ জনৈক নিৰাম দাসে ভোগ দখলত থকা এটুকুৰা মাটি জনৈক লালমামুদে কিনা সূত্ৰে মণ্ডল,কাননগো,দৌলাশাল আৰকাষী সহ ৰাজহ চক্ৰ বিষয়া কৌস্তব ৰয়ে কুখ্যাত দালাল জাকিৰ হুচেইন খলিফা নামৰ নিলম্বিত শিক্ষকজনক লগত লৈ আজি দিনৰ ভাগত উক্ত মাটি টুকুৰা জোখাৰ বাবে উপস্থিত হৈছিল।ইয়াৰ পিছতেই নিৰামৰ পৰিয়ালে মাটি টুকুৰা জোখাত বাধা প্ৰদান কৰে।এইলৈ দুই পক্ষৰ মাজত বাক বিতণ্ডা চলে।এনে সময়তে স্থানীয় ৰাইজে বাৰিষাৰ বতৰত যিহেতু মাটিৰ জোখ মাখ কৰাৰ সময় নহয়, গতিকে এনে সময়ত মাটি জোখ মাখ কৰা সন্দৰ্ভত ৰাইজে চক্ৰ বিষয়াগৰাকীক জবাবদিহী কৰে।ক্ৰমাৎ ৰাইজৰ উত্তেজনা বৃদ্ধি পোৱাত মুকালমুৱা আৰক্ষীক খবৰ দিয়াত তৎমুহুৰ্ততে ঘটনাস্থলীত মুকালমুৱা আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয় যদিও মাটি জুখিব নোৱাৰি বিফল মনোৰথে উভতি আহিব লগা হয় চক্ৰ বিষয়াই।ইপিনে,মুকালমুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত থকা অবস্থাত আৰএছএছ ৰ বহু সংখ্যক সদস্য গোট খায়।উল্লেখ্য যে,প্ৰবীন দাস নামৰ লোকজন জীয়াই থকা অবস্থাত ভনী জোঁৱাই নিৰামৰ ওচৰত মাটি টুকুৰা বিক্ৰী কৰি ভোগ দখলৰ স্বস্ত দিছিল।পিছত প্ৰবীনৰ মৃত্যুৰ পিচত তেওঁৰ দুগৰাকী পুত্ৰই উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কৰি লালমামুদৰ ওচৰত বিক্ৰী কৰে যদিও লালমামুদে দখল কৰিব পৰা নাছিল।আজি মিটি দখল দিবলৈ গৈ ৰাজহ বিষয়া গৰাকীয়ে মুখ থেকেচা খাব লগা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like