নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত অমৃত কলহত গাঁৱে গাঁৱে মাটি সংগ্ৰহ অভিযান

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে মৰিগাঁও জিলাতো “মেৰী মাটি মেৰা দেশ” অভিযানৰ অধীনত ২০ ছেপ্টেম্বৰৰ পৰা “অমৃত কলহ যাত্ৰা”ৰ অংশৰূপে গাঁওসমূহত ঘৰে ঘৰে গৈ মাটি সংগ্ৰহৰ অভিযান আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো ঘৰৰ পৰা অমৃত কলহত এমুঠিকৈ মাটি সংগ্ৰহ অভিযান অব্যাহত আছে। মৰিগাঁও নগৰত কাইলৈৰ পৰা মাটি সংগ্ৰহ কৰা হ’ব। নিৰ্বাচিত আত্মসহায়ক গোটৰ মহিলাই প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো ঘৰৰ পৰা মাটি বা মাটি নাথাকিলে এমুঠি চাউল সংগ্ৰহ কৰিব। অহা ২ অক্টোবৰত প্ৰতিঘৰৰ পৰা সংগৃহীত মাটি আৰু চাউল অমৃত কলহত সংগ্ৰহ কৰি গাঁৱৰ পৰা শোভাযাত্রা কৰি গাঁও পঞ্চায়ত বা পৌৰ কাৰ্যালয়ত উপস্থিত হ’ব। এটি গাম্ভীর্যপূর্ণ কাৰ্যসূচীৰে সমূহ গাঁও/ ৱাৰ্ডৰ মাটি মিশ্রণ কৰি গাঁও পঞ্চায়তৰ অমৃত কলহত দান কৰা হ’ব। গাঁৱৰ পৰা লৈ অহা অৱশিষ্ট মাটিখিনি গাঁৱৰ উন্নয়নমূলক কামত ব্যৱহাৰৰ বাবে সন্মানসহকাৰে ৰাখি থোৱা হ’ব। ৮ আৰু ১৫ অক্টোবৰৰ যিকোনো এটা দিনত অমৃত কলহ প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শোভাযাত্রা কৰি মর্যাদাসহকাৰে প্ৰেৰণ কৰা হ’ব। খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সংগৃহীত কলহসমূহৰ মাটিখিনি পুনৰ সংমিশ্ৰণ কৰি চৰকাৰীভাৱে প্ৰেৰিত দুটা পিতলৰ কলহত দান দিয়া হ’ব। অৱশিষ্ট মাটিখিনি ব্লক পৰ্যায়ৰ উন্নয়নমূলক কাম-কাজত ব্যৱহাৰৰ বাবে শ্রদ্ধাসহকাৰে ৰাখি থোৱা হ’ব। ২৫ অক্টোবৰত উন্নয়ন খণ্ড/ পৌৰ কাৰ্যালয়ত ইতিমধ্যে সংগৃহীত পবিত্র মাটিৰে পূৰ্ণ পিতলৰ কলহ দুটা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ’ব। জিলা আয়ুক্তৰ দ্বাৰা নিৰ্বাচিত এগৰাকী যুৱক অথবা যুৱতীৰ দ্বাৰা এখন গাড়ীৰে অমৃত কলহ যাত্ৰা আৰম্ভ হ’ব। খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়ত অমৃত কলহ যাত্ৰাৰ ফ্লেগ অফ কৰা হ’ব। ২৬ অক্টোবৰত খণ্ড উন্নয়ন বিষয়া/পৌৰ কাৰ্যালয়ৰ পৰা অহা সমুদায় অমৃত কলহ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্ৰাংগণত সংগ্ৰহ কৰা হ’ব। ৰাজ্যিক ভিত্তিত অনুষ্ঠিত এক কার্যসূচীত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংগ্ৰহ কৰা দুটা কলহৰ একোটাকৈ সৰ্বমুঠ ২৭০টা কলহ প্ৰেৰণৰ বাবে সাজু কৰা হ’ব। অৱশিষ্ট দ্বিতীয় কলহকেইটা ২২ ডিচেম্বৰৰ শ্বহীদ কনকলতা বৰুৱাৰ জয়ন্তীত গহপুৰলৈ প্ৰেৰণ কৰা হ’ব। গহপুৰত কনকলতা বৰুৱাৰ স্মৃতিত প্রতিষ্ঠা হ’বলগীয়া বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কামত এই মাটি ব্যৱহাৰ কৰা হ’ব। ২৭ অক্টোবৰত ৰাজধানী এক্সপ্রেছৰ নির্দিষ্ট দবাত অসমৰ সমুদায় উন্নয়ন খণ্ড/ পৌৰ এলেকাৰ পৰা সংগৃহীত ২০টা কলহ লৈ নির্বাচিত যুৱক-যুৱতীসকলে নতুন দিল্লীলৈ যাত্ৰা কৰি ২৮ অক্টোবৰত নতুন দিল্লীত উপস্থিত হ’ব। ২৮ অক্টোবৰত নতুন দিল্লীত বাস কৰা অসমৰ লোকসকলে নতুন দিল্লী ৰেল ষ্টেচনত এই অমৃত কলহক আদৰণি জনাব। তাৰ পৰা এই অমৃত কলহসমূহ লৈ গৈ নতুন দিল্লীৰ অসম হাউছত সংৰক্ষণ কৰা হ’ব। ইয়াৰ পাছত এই পবিত্র ভূমি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নির্মীয়মাণ অমৃত বাটিকা বা অমৃত উদ্যানস্থলীলৈ লৈ যোৱা হ’ব। অসমৰ পৰা যোৱা যুৱক-যুৱতীসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি অসম হাউছৰ পৰা অমৃত বাটিকা বা অমৃত উদ্যানলৈ শ্ৰদ্ধাসহকাৰে অমৃত কলহ যাত্রা সম্পন্ন কৰিব।
প্ৰেৰক প্ৰতাপ হাজৰিকা
You might also like